পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিত ভাৰতৰ মূল খণ্ডসমূহৰ বিষয়ে তথ্য প্ৰকাশ
ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈয়েই আছে; কালি ৫১.৫ লাখতকৈ অধিক চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়
আজিলৈকে ২৬ হাজাৰতকৈ অধিক পিএনজি গ্ৰাহকে এম ৱাই পি এন জি ডি ডট ইনৰ জৰিয়তে এল পি জি সংযোগ ত্যাগ কৰিছে
পি এছ ইউ অ’ এম চিয়ে যোৱা ৮ দিনত ৫ কেজি এফ টি এল চিলিণ্ডাৰৰ বাবে প্ৰায় ২৯০০ সজাগতা শিবিৰৰ আয়োজন কৰে
প্ৰায় ২০,৪০০ মেট্ৰিক টন এল পি জি কঢ়িয়াই ভাৰতৰ পতাকাযুক্ত এল পি জি পৰিবহনকাৰী জাহাজ জগ বিক্ৰমে নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে
উপসাগৰীয় অঞ্চলৰ পৰা ২০০৯ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনা হৈছে ; যোৱা ২৪ ঘন্টাত ৮১ জন নাৱিক দেশলৈ ঘূৰি আহিছে
ভাৰতীয় মিছন আৰু পোষ্টসমূহে ভাৰতীয় নাগৰিকসকলক ২৪ ঘণ্টাই হেল্পলাইন মুকলি ৰাখি সক্ৰিয় সহায় অব্যাহত ৰাখিছে
পোষ্ট কৰা হৈছে:
11 APR 2026 4:45PM by PIB Guwahati
পশ্চিম শেহতীয়া পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে মূল খণ্ডসমূহৰক্ষেত্ৰত প্ৰস্তুতি আৰু নিৰৱচ্ছিন্ন কাৰ্য্যকলাপ নিশ্চিত কৰাৰ বিষয়ত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তলত শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলৰ সহায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে:
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ত তথ্য প্ৰকাশ কৰিছে । ইয়াত হৰমুজ জলদ্বীপক প্ৰভাৱান্বিত কৰা পৰিবেশৰ মাজত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ইয়াত কোৱা হৈছে যে:
পৰামৰ্শ আৰু নাগৰিক সজাগতা
• নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ আতংকিত হৈ ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আৰু তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
• সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
চৰকাৰৰ প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা
• চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহৰ বাবেও উচ্চ অগ্ৰাধিকাৰ দিছে।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।
• এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
• ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
• ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
• ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰসংগত ০২.০৪.২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) সভা আহ্বান কৰা হৈছিল, য’ত তলত উল্লেখ কৰা বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছে।
o দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
o ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
o জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকৰণ অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান তথা পৰিদৰ্শন অব্যাহত ৰখা
o ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা
o ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
o পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰিত কৰা।
বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা ।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
• বৰ্তমান ২৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি আহিছে৷
বলৱৎকৰণ আৰু নিৰীক্ষণ ব্যৱস্থা
• এল পি জিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে। ১০.০৪.২০২৬ তাৰিখে সমগ্ৰ দেশত ৩৪০০ৰো অধিক অভিযান চলোৱা হৈছে।
• পি এছ ইউ তেল বিপণন কোম্পানীসমূহে হঠাতে পৰিদৰ্শন শক্তিশালী কৰি ২১৪টা এল পি জি বিতৰকক জৰিমনা বিহাৰ লগতে ৫৫টা বিতৰকক নিলম্বিত কৰিছে।
এল পি জিৰ যোগান
ঘৰুৱা এল পি জিৰ যোগানৰ অৱস্থা:
• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানৰ প্ৰভাৱ অব্যাহত আছে।
• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা হোৱা নাই।
• সমগ্ৰ উদ্যোগটোত অনলাইন এল পি জি বুকিং প্ৰায় ৯৮% লৈ বৃদ্ধি পাইছে।
• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৩% লৈ বৃদ্ধি কৰা হৈছে।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈয়েই আছে।
• ১০.০৪.২০২৬ তাৰিখে ৫১.৫ লাখতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ যোগান ধৰা হয়।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা:
• মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ-সংলগ্ন আবণ্টনো অন্তৰ্ভুক্ত হৈ আছে।
• ভাৰত চৰকাৰে ০৮.০৪.২০২৬ তাৰিখৰ পত্ৰ মৰ্মে কোৱা হৈছে যে–
o ফাৰ্মা, খাদ্য, পলিমাৰ, কৃষি, পেকেজিং, ৰং, ইউৰেনিয়াম, গধুৰ পানী, তীখা, বীজ, ধাতু, চিৰামিক, ফাউণ্ড্ৰি, ফৰ্জিং, গ্লাছ, এৰ’ছল আদি খণ্ডৰ ঔদ্যোগিক ইউনিটসমূহেও ইউনিটসমূহৰ ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে ০.২ ৰ সামগ্ৰিক খণ্ডগত নিৰ্দিষ্ট সীমাৰ অধীনত ৭০% লাভ কৰিব লাগিব।
o ২১.০৩.২০২৬ তাৰিখৰ পত্ৰৰ পেৰা (খ)ত উল্লেখ কৰা চৰ্তসমূহ অ’এমচিৰ সৈতে পঞ্জীয়নৰ সন্দৰ্ভত আৰু চিজিডি সত্তাসমূহলৈ পিএনজিৰ বাবে আবেদন সম্পৰ্কীয় পেৰা (গ)ত উল্লেখ কৰা চৰ্তসমূহো এই আবণ্টনৰ অধীনত বাল্ক এলপিজি লাভ কৰিবলৈ নিজ নিজ উদ্যোগসমূহে পূৰণ কৰিব লাগিব। কিন্তু যদি ওপৰত উল্লেখ কৰা উদ্যোগসমূহে উৎপাদন প্ৰক্ৰিয়াত এল পি জিক অবিচ্ছেদ্য ইনপুট হিচাপে বা বিশেষ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰে যাক প্ৰাকৃতিক গেছৰ দ্বাৰা প্ৰতিস্থাপন কৰিব নোৱাৰে, তেন্তে পিএনজিৰ বাবে আবেদনৰ সৈতে জড়িত প্ৰয়োজনীয়তাৰ পৰা সেয়া ৰেহাই দিয়া হ’ব।
o এই ব্যৱস্থাসমূহে যোগান শৃংখলৰ ব্যাঘাত ৰোধ কৰিব, অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি এৰাই চলিব আৰু চলি থকা বিশ্ব সংকটৰ মাজতো ঔদ্যোগিক কাৰ্য্যকলাপৰ ধাৰাবাহিকতা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।
• ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰদানৰ বাবে উপলব্ধ প্ৰতিখন ৰাজ্যত দৈনিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ পৰিমাণ ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি দুগুণ কৰা হৈছে। ২১.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জড়িয়তে সেয়া কৰা হৈছে। এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলকহে যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়িত্বত থাকিব।
• পিএছইউ অ’এমচিসমূহে যোৱা ৮ দিনত ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে প্ৰায় ২৯০০টা সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ২৯,০০০ - ৫ কিলোগ্ৰামতকৈ অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
• ১০.০৪.২০২৬ তাৰিখে সমগ্ৰ দেশতে প্ৰায় ১ লাখ ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল, যিটো ফেব্ৰুৱাৰী-২৬ মাহত দৈনিক গড়ে ৭৭০০০ টা আছিল।
• ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰব্ৰজিত শ্ৰমিককে ধৰি ছাত্ৰ-ছাত্ৰী আৰু দুৰ্বল সম্প্ৰদায়ক ১২ লাখতকৈ অধিক ৫ কেজি ফ্ৰী ট্ৰেড এল পি জি চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
• আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া সমিতিয়ে ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় কৰি বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিছে।
• ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা প্ৰায় ১,১৩,২৩৩ মেট্ৰিক টন বাণিজ্যিক এল পি জি (১৯ কেজি এল পি জি চিলিণ্ডাৰৰ ৬০ লাখতকৈ অধিক সমতুল্য) বিক্ৰী হৈছে।১০.০৪.২০২৬ তাৰিখে ৭১৪০ মেট্ৰিক বাণিজ্যিক এল পি জি (৩.৭৬ লাখতকৈ অধিক - ১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হৈছে।
প্ৰাকৃতিক গেছৰ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
• ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণৰ ১০০% যোগানৰ সৈতে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।
• উপলব্ধ তথ্য আৰু নিৰ্ধাৰিত এল এন জি কাৰ্গোৰ আগমনৰ ভিত্তিত সাৰ উদ্যোগসমূহলৈ সামগ্ৰিক গেছ আবণ্টন ৫% আৰু অধিক বৃদ্ধি কৰি ছমাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৯৫% পোৱা গৈছে, যিটো ০৯.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব।
• চিজিডি সত্তাসমূহক হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সন্দৰ্ভত উদ্বেগসমূহ সমাধান কৰিব পৰা যায়।
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি আগবঢ়াইছে।
• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনোৱাহৈছে।
• ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
• ইতিমধ্যে ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
• পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অগ্ৰাধিকাৰ ভিত্তিত আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে তিনি মাহৰ বাবে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো গ্ৰহণ কৰিছে।
• ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অনুসৰি প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত অৱগত কৰিছে দেশত, অনুমোদন আৰু ভূমিৰ প্ৰৱেশৰ পলমৰ সৈতে মোকাবিলা কৰা, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব,সমাজৰ শেষ মাইললৈ সংযোগ বৃদ্ধি হ’ব, আৰু নিকা ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি আগুৱাই যাব পাৰিব।
• পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ পিএনজিআৰবিয়ে ২০২৬ চনৰ ৩০ জুনলৈকে ৰাষ্ট্ৰীয় পিএনজি অভিযান ২.০ৰ সময় বৃদ্ধি কৰিছে।
• স্বচ্ছ, অধিক সুৰক্ষিত আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰে ৰাজ্যিক চিবিজি নীতিৰ আৰ্হি খচৰা প্ৰস্তুত কৰিছে। আৰ্হি নীতিৰ উদ্দেশ্য হৈছে ৰাজ্যসমূহে বিনিয়োগকাৰী সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক ব্যাপক নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰা।
চিবিজি উন্নয়নৰ বাবে বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ। যিবোৰ ৰাজ্যই ইয়াক বাছি লয়, সেইবোৰক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী শাখাৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব।
• স্বচ্ছ ইন্ধনক প্ৰসাৰিত কৰাৰ বাবে আৰু পাইপ গেছ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে ১০-৪-২০২৬ৰ পত্ৰ মৰ্মে “অন্ধ্ৰ প্ৰদেশ পিএনজি ৰাজসাহায্য আঁচনি”ৰ অধীনত ঘৰুৱা পিএনজি গ্ৰাহকসকলক ৰাজসাহায্যৰ সহায় বৃদ্ধি কৰিছে।
• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৪.১৫ লাখ পিএনজি সংযোগ কৰা হৈছে আৰু প্ৰায় ৪.৫৫ লাখ অতিৰিক্ত গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
• আজিলৈকে ২৬,০০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ আত্মসমৰ্পণ কৰিছে।
খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
• ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশ অনুসৰি ভাৰতৰ পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি ৰিফাইনিং কোম্পানীসমূহক উচ্চ প্ৰযুক্তি কেন্দ্ৰই নিৰ্ধাৰণ কৰা নিৰ্দিষ্ট পৰিমাণ আৰু শোধনাগাৰৰ উৎসৰ ভিত্তিত ঔষধ বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ আদি জটিল খণ্ডৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে (চি এইচ টি)।
• ওপৰৰ বিভাগসমূহৰ সৈতে জড়িত কোম্পানীসমূহৰ বাবে প্ৰতিদিনে ৮০০ মেট্ৰিক টনৰ ব্যৱস্থা কৰা হৈছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
• সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে।
• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে।
• পৰ্যাপ্ত ঘৰুৱা উপলব্ধতা নিশ্চিত কৰিবলৈ ডিজেলত প্ৰতি লিটাৰত ২১.৫ টকা আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ)ৰ ওপৰত প্ৰতি লিটাৰত ২৯.৫ টকা ৰপ্তানি শুল্ক আৰোপ কৰা হৈছে।
• খুচুৰা বিপণীত দামৰ কোনো বৃদ্ধি নোহোৱাকৈ পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে।
• চৰকাৰে নাগৰিকসকলক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ পৰামৰ্শ দি ৰাজ্য চৰকাৰসমূহক সংবাদমেলৰ জৰিয়তে সঠিক তথ্য প্রচাৰ কৰিবলৈ অনুৰোধ জনাইছে৷
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
• নিয়মীয়া আবণ্টনৰ ওপৰত ৰাজ্য/কেৰাষ্ট্ৰীয় কেন্দ্ৰসমূহক ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে।
• ভাৰত চৰকাৰে ২৯.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনা অনুসৰি কেৱল ৰন্ধা-বঢ়া আৰু পোহৰৰ উদ্দেশ্যে পিডিএছ এছকেঅ’ মুক্ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পিডিএছ চুপাৰিয়ৰ কেৰাচিন অইল (এছকেঅ’) বিতৰণৰ সুবিধা প্ৰদান কৰিছে –
o প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছইউ অ’এমচি চাৰ্ভিচ ষ্টেচন (কোম্পানী মালিকানাধীন কোম্পানী পৰিচালিত হ’লে ভাল) ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅ’ জমা কৰাৰ অনুমতি দিয়া হৈছে।
o এই পিএছইউ অ’এমচি সেৱা কেন্দ্ৰসমূহ প্ৰতিখন জিলাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে নিৰ্ধাৰণ কৰিব লাগিব।
• ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিয়া নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্য্যকলাপ
অঞ্চলটোত চলি থকা ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে:
• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ হৈ আছে আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে কোনো কূটাঘাত সংঘটিত হোৱা নাই।
• ভাৰতৰ পতাকা থকা এল পি জি পৰিবহনকাৰী জাহাজ জগ বিক্ৰমে আজি নিৰাপদে হৰমুজ জলদ্বীপ অতিক্ৰম কৰিছে।
• জাহাজখনে ২৪ জন নাৱিকৰ সৈতে প্ৰায় ২০,৪০০ মেট্ৰিক টন এল পি জি কাৰ্গো কঢ়িয়াই আনিছে । জাহাজখনে ২০২৬ চনৰ ১৫ এপ্ৰিলত মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে
• শিপিং কণ্ট্ৰল ৰুম ২৪x৭ কাৰ্যক্ষম হৈ আছে আৰু এয়া সক্ৰিয় হোৱাৰ পিছত ৫,৯৭৩টা কল আৰু ১২,৬৭৫টাতকৈ অধিক ইমেইল চম্ভালিছে। বিগত ২৪ ঘন্টাত ১২৮টা ফোন আৰু ৩১৯টা ইমেইল লাভ কৰিছে।
• মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ২০০৯ তকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ৮১ জন নাৱিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে।
• সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা হোৱা নাই।
• নাৱিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ভাৰতীয় লোকৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰক্ষা কৰি আছে, একে সময়তে তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ বাবে সহায় তথা প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে:
• উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতি চৰকাৰে নিৰীক্ষণ অব্যাহত ৰাখিছে।
• তথ্যৰ উন্নত বিনিময় আৰু সমন্বয়ৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে।
• অঞ্চলটোত ভাৰতীয় লোকৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াক গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় বিষয় হিচাবে গ্ৰহণ কৰিছে।
• ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু ভাৰতীয় নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে।
• স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি আৰু কনছুলাৰ সেৱাৰ তথ্যকে ধৰি নিয়মিতভাৱে পৰামৰ্শ জাৰি কৰা হৈছে।
• আমাৰ মিছনসমূহ ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, পেছাদাৰী গোট, ভাৰতীয় কোম্পানী আৰু অঞ্চলটোৰ অন্যান্য অংশীদাৰসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।
• যিবোৰ দেশত আকাশমাৰ্গ মুকলি হৈ থাকে, সেইবোৰ দেশৰ পৰা বিমান সেৱা অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৮,৭১,০০০ যাত্ৰীয়ে ভাৰতলৈ যাত্ৰা কৰিছে।
• ইউ এ ইত বিমান সংস্থাসমূহে কাৰ্য্যকৰী আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান সেৱা অব্যাহত ৰাখিছে, আজি প্ৰায় ৯৫খন বিমান সেৱাৰ আশা কৰা হৈছে।
• চৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ৮–১০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
• কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে। কুৱেইটৰ জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে। চৌদি আৰৱৰ জৰিয়তে কুৱেইটৰ পৰা ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা অব্যাহত আছে।
• বাহৰেইনৰ আকাশমাৰ্গ মুকলি। বাহৰেইনৰ পৰা ভাৰতলৈ সীমিত বিমান সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে গালফ এয়াৰে আৰু বৰ্তমান ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অনিৰ্ধাৰিত বিমান সেৱা চলাই আছে। বাহৰেইনৰ পৰা ভাৰতীয় নাগৰিকৰ চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অব্যাহত আছে।
• তেহৰাণত থকা ভাৰতৰ দূতাবাসে এতিয়ালৈকে ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজানলৈ ২,২২৫ গৰাকী ভাৰতীয় নাগৰিকক ভাৰতলৈঅহাৰ বাবে সুবিধা প্ৰদান কৰিছে, য’ত ৯৮১ জন ভাৰতীয় ছাত্ৰ আৰু ৬৬২ জন ভাৰতীয় মাছমৰীয়াও আছে।
• ইজৰাইলৰ আকাশমাৰ্গ বন্ধ হৈ আছে। ভাৰতীয় নাগৰিকৰ বাবে জৰ্ডান আৰু ইজিপ্তৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অব্যাহত আছে।
• ইৰাকৰ আকাশমাৰ্গ সীমিত বিমান সেৱাৰে মুকলি কৰা হৈছে। ভাৰতীয় নাগৰিকক জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে।
***
TM/DM
(ৰিলিজ আই ডি : 2251215)
অতিথি কক্ষ : 7