গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে চি আৰ পি এফৰ শৌৰ্য্য দিৱসত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
১৯৬৫ চনৰ আজিৰ দিনটোতে চি আৰ পি এফৰ নিৰ্ভীক যোদ্ধাসকলে কচ্চৰ ৰানৰ চৰ্দাৰ পোষ্টত অভেদ্য দেৱালৰ দৰে থিয় হৈ আছিল
দেশৰ সন্মান আৰু নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো
পোষ্ট কৰা হৈছে:
09 APR 2026 2:11PM by PIB Guwahati
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ শৌৰ্য্য দিৱস উপলক্ষ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “চি আৰ পি এফ শৌৰ্য্য দিৱসৰ দিনা আমাৰ বীৰসকলৰ অদম্য সাহস আৰু ত্যাগক প্ৰণাম।১৯৬৫ চনৰ আজিৰ দিনটোতে চি আৰ পি এফৰ নিৰ্ভীক যোদ্ধাসকলে কচ্চৰ ৰানৰ চৰ্দাৰ পোষ্টত এক অভেদ্য দেৱালৰ দৰে থিয় হৈ থাকি শত্ৰুৰ অগ্ৰগতি ৰোধ কৰি ভাৰতৰ ইতিহাসত বীৰত্বৰ এক গৌৰৱময় অধ্যায় লিখিছিল।
দেশৰ সন্মান আৰু নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো ।”
*****
RK/PR/SK/SC/DM
(ৰিলিজ আই ডি : 2250476)
অতিথি কক্ষ : 19