প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মণ্টুৰুৱৰ

বাণিজ্য, সাৰ, যোগাযোগ ব্যৱস্থা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰথম উপ-প্ৰধানমন্ত্ৰী মণ্টুৰুৱৰ

২০২৫ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ সফল ভাৰত ভ্ৰমণৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ

সন্মিলনৰ ফলাফল কাৰ্যকৰী কৰাৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টাক লৈ সন্তোষ প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 02 APR 2026 7:21PM by PIB Guwahati

ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী মহামহিম ডেনিছ আজি মণ্টুৰুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ।

তেওঁ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব, সাৰ, সংযোগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি পাৰস্পৰিক লাভজনক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৩সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ২০২৫ৰ ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ সফল ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰে।

তেওঁ ভাৰত-ৰাছিয়াৰ বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বাৰ্ষিক সন্মিলনৰ ফলাফলসমূহ কাৰ্যকৰী কৰাৰ অৰ্থে উভয় পক্ষই নিৰন্তৰ প্ৰচেষ্টাক লৈ সন্তোষ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ মাজত পৰস্পৰৰ মত বিনিময় অব্যাহত থকাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

***

MJPS/PRK/DB


(ৰিলিজ আই ডি : 2248695) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati , Telugu