তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভুল তথ্যৰ বিৰুদ্ধে চৰকাৰে ব্য়ৱস্থা লৈছে; পিআইবিৰ তথ্য-পৰীক্ষা গোটে ২,৯০০ৰো অধিক তথ্য পৰীক্ষা জাৰি কৰিছে

পোষ্ট কৰা হৈছে: 01 APR 2026 3:39PM by PIB Guwahati

এটা তথ্য পৰীক্ষা ইউনিটে (এফচিইউ) প্ৰেছ তথ্য ব্যুৰো, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত কাৰ্য সম্পাদন কৰে। এফচিইউয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত ভুৱা বাতৰি আৰু ভুল তথ্যসমূহ সুনিৰ্দিষ্টভাৱে চিনাক্ত কৰে। অনুমোদিত উৎসসমূহৰ পৰা বাতৰিৰ সত্যতা পৰীক্ষা কৰাৰ পিছত এফচিইউয়ে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য প্ৰকাশ কৰে। ইয়াৰ উপৰিও ই নাগৰিকসকলক সত্যতা পৰীক্ষাৰ উদ্দেশ্যে সন্দেহজনক বিষয়বস্তুসমূহ ৰিপৰ্ট কৰিবলৈ উৎসাহিত কৰে, যাৰ ফলত ভুল তথ্যৰ বিৰুদ্ধে সংগ্ৰামত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ অধিক শক্তিশালী হয়।

এফচিইউয়ে ভাৰত চৰকাৰৰ সৈতে সম্পৰ্কিত বিভিন্ন ভুৱা দাবী সফলতাৰে চিনাক্ত কৰিছে, যাৰ ভিতৰত ডিপফেক, এআই-জেনেৰেটেড আৰু বিভ্ৰান্তিকৰ ভিডিঅ’, জাননী, চিঠি আৰু ৱেবছাইট অন্তৰ্ভুক্ত। এই পৰ্যন্ত মুঠ ২৯১৩ টা তথ্য-পৰীক্ষা প্ৰকাশ কৰা হৈছে। এক্স, ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম, থ্ৰেড আৰু হোৱাটছএপ চেনেল আদি সহ পিআইবি ফেক্ট চেকৰ সকলো অফিচিয়েল ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই তথ্য-পৰীক্ষাসমূহ সহজলভ্য।

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত পিআইবিৰ তথ্য পৰীক্ষা ইউনিটে অনলাইনত প্ৰচাৰিত ভুল তথ্য আৰু শত্ৰুতাপূৰ্ণ আখ্যানসমূহ সক্ৰিয়ভাৱে চিনাক্ত কৰিছিল। ই ভুৱা দাবীসমূহৰ তথ্য-পৰীক্ষা সম্পাদন কৰা, প্ৰামাণিক আৰু বিশ্বাসযোগ্য তথ্য প্ৰদান কৰা, আৰু সঠিক ৰাজহুৱা যোগাযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিছিল, যাৰ ফলত বিভ্ৰান্তিকৰ আৰু ভাৰত-বিৰোধী আখ্যানসমূহৰ বিস্তাৰ প্ৰতিৰোধ কৰাত উল্লেখযোগ্য সহায় হৈছিল। মন্ত্ৰালয়ে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডিজিটেল মিডিয়াত ১৪০০ৰো অধিক ইউআৰএল ব্লক কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল।

ডিজিটেল মাধ্যমত বাতৰি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰকাশকসকলৰ লগতে অনলাইন কিউৰেট কৰা বিষয়বস্তুৰ প্ৰকাশকসকলৰ বাবে তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশিকা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ (আইটি নিয়ম, ২০২১)-ত এনে প্ৰকাশকসকলৰ বাবে নৈতিকতা সংহিতা উলংঘাৰ সৈতে সম্পৰ্কিত অভিযোগসমূহৰ নিষ্পত্তিৰ উদ্দেশ্যে তিনিস্তৰীয় প্ৰতিষ্ঠানিক ব্যৱস্থাৰ লগতে বিস্তৃত নৈতিকতা সংহিতা প্ৰণয়ন কৰা হৈছে।

এই তথ্য আজি লোকসভাত শ্ৰী ভিকে শ্ৰীকান্দনৰ এক তাৰকাবিহীন প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে দাখিল কৰে।

 

 

*****

Mahesh Kumar/ Aparajita Priyadarshini/AA


(ৰিলিজ আই ডি : 2248090) অতিথি কক্ষ : 17