পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ সংকটপূৰ্ণ পৰিস্থিতিৰ সময়ত ভাৰতৰ মূল খণ্ডসমূহৰ বিষয়ে তথ্য

দেশৰ সকলো পেট্ৰল পাম্পতে আছে পেট্ৰল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত

ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈয়ে আছে; কালি ৫৪ লাখৰো অধিক এল পি জি ডেলিভাৰী কৰা হৈছে

বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ পৰা ৭০% লৈ বৃদ্ধি পাইছে

২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা বাণিজ্যিক সত্তাসমূহে উত্থাপন কৰিছে ৩৩,৭৮১ মেট্ৰিক টন অঘৰুৱা এল পি জি

উৰাবাতৰি ৰোধ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সংবাদ মাধ্যমত তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হৈছে ; ইতিমধ্যে ১৪ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে দৈনিক সংবাদমেল অনুষ্ঠিত কৰি আহিছে৷

যোৱা ২৪ ঘণ্টাত ২৫ জনকে ধৰি এতিয়ালৈকে ৯৩৮ জনতকৈ অধিক ভাৰতীয় নাৱিকে নিৰাপদে দেশলৈ উভতি আহিছে

সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই

বিকশিত পৰিস্থিতিৰ মাজতে চৰকাৰে পশ্চিম এছিয়াত ভাৰতীয়সকলক ওভতাই অনা আৰু সমৰ্থনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে

প্ৰত্যাৱৰ্তনৰ বাবে বিমান সেৱাৰ অভিযান অব্যাহত থকাৰ সময়তে প্ৰায় ৫ লাখ যাত্ৰী ভাৰতলৈ উভতি আহিছে

পোষ্ট কৰা হৈছে: 28 MAR 2026 5:40PM by PIB Guwahati

পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা নিশ্চিত কৰাৰ অৰ্থে প্ৰয়োজনীয় প্ৰস্তুতিৰ গ্ৰহণ কৰি আহিছে। তলত শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য  দিয়া হ’ল।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ মাজতে সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমানৰ অৱস্থান তলত দিয়া ধৰণৰ:

 

খাৰুৱা তেল/শোধনাগাৰ

• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, পৰ্যাপ্ত খাৰুৱা তেল মজুত ৰখা হৈছে। দেশত পেট্ৰ’ল-ডিজেলৰো পৰ্যাপ্ত মজুত ৰখা হৈছে।

• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা বিপণী

• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী সাধাৰণভাৱে চলি আছে।

• চৰকাৰে  পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰত  আবকাৰী শুল্ক ১০টকাকৈ হ্ৰাস কৰিছে।

• ইয়াৰ উপৰি  চৰকাৰে ভাৰতৰ ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ২১.৫ টকা আৰু বিমান টাৰ্বাইন ইন্ধন (এ টি এফ)ৰ ওপৰত প্ৰতি লিটাৰত ২৯.৫ টকা ৰপ্তানি শুল্ক আৰোপ কৰিছে।

• কিছুমান ক্ষেত্ৰত আতংকিত হৈ ক্ৰয় কৰাৰ খবৰ পোৱা গৈছে। কিছুমান বিশেষ উৰাবাতৰিৰ ফলত কিছুমান ৰাজ্যৰ কিছুমান খুচুৰা বিপণীত আতংকিত হৈ  ক্ৰয় কৰাৰ পৰিবেশৰ  সৃষ্টি হৈছিল, যাৰ ফলত অস্বাভাৱিকভাৱে অধিক বিক্ৰী হৈছিল আৰু খুচুৰা বিপণীত প্ৰচণ্ড ভিৰ হৈছিল। অৱশ্যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেল মজুত থকা বুলি অৱগত কৰা হৈছে।

• চৰকাৰে জনসাধাৰণক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ দিয়া পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰে।

প্ৰাকৃতিক গেছ

• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানৰ জৰিয়তে গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।

• গ্ৰীডত সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক যোগান তেওঁলোকৰ গড় ব্যৱহাৰৰ ৮০%।

•  ভাৰতৰ সকলো ভৌগোলিক অঞ্চল (জিএ)ত ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ, বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ চিজিডি সত্তাসমূহক চৰকাৰে পৰামৰ্শ দিছে।

• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগ লোৱাৰ বাবে উদগনি  আগবঢ়াইছে।

• ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ দ্বাৰা চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ কৈছে।

• ১৮-৩-২০২৬ৰ চৰকাৰী পত্ৰৰ জড়িয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিছে , যদিহে তেওঁলোকে এলপিজিৰ পৰা পিএনজিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে। ইয়াৰ লগতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে একাধিক ৰাজ্যৰ পৰা আবেদন লাভ কৰিছে , যিয়ে চিজিডি নেটৱৰ্কক প্ৰসাৰিত কৰাৰ বাবে সংস্কাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি কিছুমান ৰাজ্যৰ বাবে অতিৰিক্ত আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।

• কিছুমান ৰাজ্যই দ্ৰুত ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে (RoU/RoW) অনুমতি, দীঘলীয়া কামৰ সময় আৰু লগতে RoU/RoW চাৰ্জৰ যুক্তিসংগতকৰণৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে।

• পিএনজিআৰবিয়ে ২৩.০৩.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত সকলো চিজিডি সত্তাক নিৰ্দেশ দিছে যে আৱাসিক বিদ্যালয় আৰু মহাবিদ্যালয়, হোষ্টেল, সামূহিক  পাকঘৰ, অংগনবাড়ী পাকঘৰ আদি ৫ দিনৰ ভিতৰত পিএনজিৰ জৰিয়তে সংযোগ কৰাৰ বাবে  প্ৰচেষ্টা চলাব লাগে, য'তেই  ওচৰত পাইপলাইনৰ আন্তঃগাঁথনি উপলব্ধ হৈ আছে।

 

• পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত উল্লেখ কৰিছে যে তেওঁলোকে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা হিচাপে “হ্ৰাস কৰা সময়সীমাৰ সৈতে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো” গ্ৰহণ কৰিছে , য’ত চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।

• ২৪-৩-২০২৬ৰ চৰকাৰী  গেজেট অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহৰ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ,২০২৬ অধিসূচিত  কৰিছে অনুমোদন তথা  পলম হোৱা,  আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা আদি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্কৰ বৃদ্ধি ত্বৰান্বিত হ’ব, সমাজৰ শেষ মাইললৈকে  সংযোগ বৃদ্ধি হ’ব  আৰু নিকা ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব।  যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক আগুৱাই নিব পৰা যাব।

• প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭.০৩.২০২৬ পত্ৰৰ ভিত্তিত সকলো আৱাসিক অঞ্চল/ইউনিট প্ৰতিৰক্ষা লাইনত পিএনজি আন্তঃগাঁথনি স্থাপনৰ কাম ক্ষিপ্ৰ কৰিবলৈ ২০২৬ চনৰ ৩০ জুনলৈকে কাৰ্যকৰী হোৱা হ্ৰস্বম্যাদী নীতি  জাৰি কৰিছে।

Ø ২৪ ঘণ্টাৰ ভিতৰত প্ৰয়োজনীয় কাম সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় অনুমোদন।

Ø মাটিৰ তলত পাইপলাইন আৰু ভালভ চেম্বাৰ স্থাপনৰ বাবে প্ৰতিৰক্ষা ভূমি ব্যৱহাৰ কৰাৰ অনুমতি বাৰ্ষিক অনুজ্ঞাপত্ৰ মাচুল ১০ বছৰৰ অনুজ্ঞাপত্ৰৰ সময়সীমাৰ ভিত্তিত  প্ৰথমবাৰৰ বাবে প্ৰতি মিটাৰত ১ টকা ধাৰ্য কৰা হৈছে।

Ø পথ পুনৰুদ্ধাৰৰ কোনো চাৰ্জ নাই। চিজিডি সত্তাসমূহে মান  অনুসৰি নিজৰ খৰচত ৰাজহুৱা সম্পত্তি পুনৰুদ্ধাৰ কৰিব পাৰিব।

• কালি চিজিডি সত্তাসমূহে ১১০টা কেন্দ্ৰীভূত ভৌগোলিক অঞ্চলত ১১,৪৬৩টা পিএনজি সংযোগ (নতুন সংযোগ আৰু পুৰণি গেছ-ইন)ৰ প্ৰতিবেদন দিছে।

এল পি জি

• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগান প্ৰভাৱান্বিত  হৈছে।

ঘৰুৱা এল পি জি যোগান:

• এল পি জি বিতৰকত কোনো ধৰণৰনাটনিৰ খবৰ পোৱা হোৱা নাই।

• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯১% লৈ বৃদ্ধি পাইছে।

• বিতৰক পৰ্যায়ত ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি) ভিত্তিক ডেলিভাৰী কালি ৫৩% (ফেব্ৰুৱাৰী-২০২৬)ৰ পৰা ৮৪%লৈ বৃদ্ধি কৰা হৈছে।

• কালি ৫৪ লাখতকৈ অধিক এল পি জি  ডেলিভাৰী কৰা হয়।

• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈ আছে।

বাণিজ্যিক এল পি জি যোগান:

• চৰকাৰী ড. ইতিমধ্যে গ্ৰাহকসকলক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰুদ্ধাৰ কৰিছিল। ইয়াৰ উপৰি  ১৮-৩-২০২৬ৰ পত্ৰৰ দ্বাৰা পিএনজি সম্প্ৰসাৰণৰ বাবে ব্যৱসায়িক সংস্কাৰৰ ভিত্তিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টন দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।

• চৰকাৰে  ২১.০৩.২০২৬ তাৰিখৰ পত্ৰ অনুসৰি ৰাজ্যসমূহক বাণিজ্যিক এলপিজিৰ আন ২০% আবণ্টনৰ অনুমতি দিছে।  যিয়ে সামগ্ৰিক আবণ্টন ৫০% লৈ বৃদ্ধি কৰিব (পিএনজি সম্প্ৰসাৰণৰ বাবে সহজলভ্য সংস্কাৰৰ ওপৰত ভিত্তি কৰি ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, ঔদ্যোগিক কেণ্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ, ৰাজসাহায্যযুক্ত কেণ্টিন/আউটলেট আদি খণ্ডক অগ্ৰাধিকাৰ দিয়া হ’ব। লগতে খাদ্যৰ বাবে স্থানীয় সংস্থা, সম্প্ৰদায়ৰ পাকঘৰ, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কিলোগ্ৰাম এফটিএলৰ ব্যৱস্থা কৰা হৈছে।

• চৰকাৰে ২৭-৩-২০২৬ৰ পত্ৰ মৰ্মে বাণিজ্যিক এল পি জিৰ বাবে অতিৰিক্ত ২০% আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে (ইয়াৰ ফলত মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০% হ'ব য'ত ১০% সংস্কাৰ ভিত্তিক অন্তৰ্ভুক্ত)। এই অতিৰিক্ত ২০% আবণ্টন তীখা, অটোম’বাইল, বস্ত্ৰশিল্প, ৰং, ৰাসায়নিক আৰু প্লাষ্টিকক অগ্ৰাধিকাৰ দিয়া উদ্যোগসমূহক দিয়া হ’ব। ইয়াৰ ভিতৰত সংসাধন উদ্যোগ বা প্ৰাকৃতিক গেছৰ দ্বাৰা প্ৰতিস্থাপন কৰিব নোৱাৰা বিশেষ উদ্যোগৰ  উদ্দেশ্যে এল পি জিৰ প্ৰয়োজন হোৱা উদ্যোগসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব।

• কালি ৪৬,০০০ – ৫ কেজিতকৈ অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।

• ২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি অঘৰুৱা এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে। ভাৰতৰ বাকী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহে বাণিজ্যিক এল পি জি চিলিণ্ডাৰ মুকলি কৰি আছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহে ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা মুঠ ৩৩৭৮১ মেট্ৰিক টন লাভ  কৰিছে।

কেৰাচিন

• নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ দিয়া হৈছে।

• কেৰাচিন বিতৰণৰ বাবে জিলাসমূহত স্থান চিনাক্ত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছে।

• ১৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে। ইয়াৰ উপৰি হিমাচল প্ৰদেশ আৰু লাডাখে যোগাযোগ কৰিছে যে সেইবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অ’ৰ কোনো প্ৰয়োজনীয়তা নাই।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰে যিকোনো অবৈধ মজুত আৰু ক'লা ব্যৱসায়ৰ বিৰুদ্ধে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে  ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিডিঅ কনফাৰেন্সৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব, এচিএছ/প্ৰধান সচিব/সচিব,  খাদ্য আৰু অসামৰিক যোগানৰ বিষয়াসকল এনে  অনুৰোধ কৰা হৈছে –

Ø ৰাজ্য/জিলা পৰ্যায়ত দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।

Ø নিৰ্দিষ্ট নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা

Ø ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা আৰু প্ৰতিহত কৰা।

Ø জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা

Ø তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা

Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।

Ø দ্ৰুত ট্ৰেক চিজিডি সম্প্ৰসাৰণ, ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে অনুমতি,২৪x৭ ঘণ্টাই কামৰ অনুমতি দিয়া আদি ক্ষিপ্ৰ কৰিব লাগিব।

Ø পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰিত  কৰা।

Ø পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ  সৈতে সমন্বয়ৰ বাবে জ্যেষ্ঠ ন’ডেল বিষয়াক মনোনীত কৰা।

• ২৭-৩-২০২৬ৰ চৰকাৰী পত্ৰ মৰ্মে   পুনৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবক শুদ্ধ তথ্য প্ৰচাৰ আৰু উৰাবাতৰিৰ ৰোধ কৰিবলৈ দৈনিক সংবাদমেল আৰু য় ছ’চিয়েল মিডিয়া/ইলেক্ট্ৰনিকছ মিডিয়াত তথ্য  প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছে। সম্প্ৰতি ১৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে দৈনিক সংবাদমেল অনুষ্ঠিত কৰি আছে।

বলৱৎকাৰী ব্যৱস্থা

• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এল পি জিৰ অবৈধ  মজুতকৰণ আৰু ক’লা বিপণন পৰীক্ষাৰ বাবে অভিযান অব্যাহত আছে। প্ৰায় ২৯০০ অভিযান চলোৱা হৈছে  আৰু কালি ১৭০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে।

• পিএছইউ অ’এমচিৰ বিষয়াসকলে কালি সমগ্ৰ দেশৰ ১৬০০ৰো অধিক আৰঅ’ আৰু এলপিজি বিতৰকত হঠাতে পৰিদৰ্শন চলাইছে , যাতে যোগান মসৃণ কৰি ৰখাটো  নিশ্চিত কৰিব পাৰি আৰু যিকোনো অবৈধ  মজুতকৰণ আৰু ক’লা বিপণন  পৰীক্ষা কৰিব পাৰি।

• পিএছইউ অ’এমচিয়ে আজিলৈকে এলপিজি বিতৰকলৈ ৩৯০টাতকৈও অধিক কাৰণ দৰ্শোৱাৰ  জাননী জাৰি কৰিছে।

চৰকাৰী অন্যান্য ব্যৱস্থা

• যুদ্ধৰ পৰিস্থিতিৰ মাজতো চৰকাৰে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিয়াৰ লগতে ঘৰুৱা এল পি জি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে।

• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা উভয়  দিশতে কেইবাটাও ফলপ্ৰসূ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।

• এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে।

• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কয়লা ইণ্ডিয়া আৰু চিংগাৰেনী ক’লিয়েৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ৰাজহুৱা পৰামৰ্শদাতা

• চৰকাৰে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে। পেট্ৰল, ডিজেলৰ  আতংকিত হৈ ক্ৰয় কৰা আৰু আতংকিত হৈ এল পি জিৰ বুকিং কৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে।

• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।

• এল পি জিৰ ক্ষেত্ৰত  নাগৰিকসকলক এনে অনুৰোধ কৰা হৈছে–

Ø বুকিঙৰ বাবে ডিজিটেল মোড ব্যৱহাৰ কৰক

Ø এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱা  বন্ধ কৰক

• নাগৰিকসকলক পিএনজি, ইণ্ডাকচন/ইলেক্ট্ৰিক কুকটপ আদি বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

• বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ অনুৰোধ জনোৱা হৈছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চালনাৰ কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে এই অঞ্চলত চলি থকা ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ৰ মতে:

• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাৰ্য্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা নিৰীক্ষণ অব্যাহত ৰাখিছে।  লগতে সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা নিশ্চিত কৰিছে।

• অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক সুৰক্ষিত হৈ আছে; বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাতৰ বাতৰি পোৱা নাই।

• পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত ৫৪০ জন ভাৰতীয় নাৱিকৰ সৈতে ২০খন ভাৰতীয় পতাকা থকা জাহাজ বাকী আছে; জাহাজৰ মালিক, আৰপিএছএল সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয়ত জাহাজ সঞ্চালকালয়ৰ দ্বাৰা সক্ৰিয়ভাৱে নিৰীক্ষণ কৰা হৈছে।

• ডিজি শিপিং কণ্ট্ৰল ৰুম কাৰ্যক্ষম ২৪x৭; সক্ৰিয় হোৱাৰ পিছত ৪,৪৩১টা কল আৰু ৮,৮৬৫টা ইমেইল নিয়ন্ত্ৰণ কৰিছিল; যোৱা ২৪ ঘন্টাত ১০৫টা ফোন আৰু ৩০৯টা ইমেইল।

• ডি জি শ্বিপিঙে বিগত ২৪ ঘণ্টাত ২৫ জনকে ধৰি এতিয়ালৈকে ৯৩৮ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই পঠোৱাৰ সুবিধা প্ৰদান কৰিছে।

• সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো ধৰণৰ অসুবিধা হোৱা  নাই; অতিৰিক্ত  সামগ্ৰীৰ স্থান আবণ্টন দিয়া হৈছে; গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালা, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে সুচাৰুৰূপে কাম কৰাটো নিশ্চিত কৰিছে।

• নাৱিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন কাৰ্য্যকলাপ নিশ্চিত কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত আছে।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

ভাৰতীয় মিছন আৰু পোষ্ট সমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে যোগাযোগ ৰাখিছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰাৰ লগতে সহায় আগবঢ়াই আহিছে। মন্ত্ৰালয়ে জনোৱা মতে:

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়াৰ উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে; ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়ে আছে;  বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্য্যকৰী কৰা হৈছে; তথ্যৰ বিনিময় আৰু সঁহাৰিৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়া সমন্বয় স্থাপন কৰা হৈছে।

• সমগ্ৰ অঞ্চলটোৰ মিছন আৰু পোষ্টসমূহে ২৪x৭ হেল্পলাইনৰ সৈতে ২৪ ঘণ্টাই কাম কৰি আছে; নিয়মীয়া পৰামৰ্শ জাৰি কৰা হৈছে; ভাৰতীয় সম্প্ৰদায়ৰ গোট আৰু স্থানীয় চৰকাৰৰ সৈতে নিৰন্তৰ সংযোগ; ভিছা, কনছুলাৰ সেৱা আৰু লজিষ্টিকছৰ বাবে নাৱিক, ছাত্ৰ, আৱদ্ধ নাগৰিক আৰু হ্ৰস্বম্যাদী পৰ্যটকসকলক সহায় আগবঢ়োৱা হৈছে।

• ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৪,৯৭,০০০ গৰাকী  যাত্ৰী ভাৰতলৈ উভতি আহিছে

Ø ইউ এ ইঃ ভাৰতলৈ বিভিন্ন বিমানবন্দৰৰ পৰা আজি প্ৰায় ৮৫ খন অ-নিৰ্ধাৰিত বিমান চলাচল কৰাৰ সম্ভাৱনা আছে

Ø চৌদি আৰব আৰু ওমানঃ ভাৰতলৈ বিমান সেৱা অব্যাহত আছে

Ø কাটাৰঃ আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰাৰ লগে লগে আজি প্ৰায় ৮–১০খন অনিৰ্ধাৰিত বিমান চলোৱাৰ সম্ভাৱনা আছে

Ø কুৱেইট আৰু বাহৰেইন: আকাশমাৰ্গ বন্ধ হৈ আছে; ছৌদি আৰৱৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ কুৱেইটৰ জাজিৰা এয়াৰৱেজ আৰু বাহৰেইনৰ গালফ এয়াৰৰ বিশেষ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান সেৱা চলি আছে

Ø ইৰাণ: আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

Ø ইজৰাইল: জৰ্ডানৰ মাজেৰে ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

Ø ইৰাক: জৰ্ডান আৰু চৌদি আৰৱৰ মাজেৰে ভ্ৰমণৰ সুবিধা প্ৰদান কৰা হৈছে

• আবুধাবিত  ধ্বংসাৱশেষ পৰি যোৱাৰ ফলত  পাঁচজন ভাৰতীয় নাগৰিক আহত হৈছে; তেওঁলোকক  সহায় আগবঢ়োৱাৰ  লগতে  চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। তেওঁলোক এতিয়া  সকলো বিপদৰ বাহিৰত বুলি কোৱা হৈছে।

******

MN/DM


(ৰিলিজ আই ডি : 2246592) অতিথি কক্ষ : 3