প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পোষ্ট কৰা হৈছে: 28 MAR 2026 7:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ আভাস দাঙি ধৰিছে। এই অনুষ্ঠান  উপলক্ষ্যে  গৌৰৱ আৰু আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিকশিতউত্তৰ প্ৰদেশৰ এক নতুন অধ্যায়, বিকশিত  ভাৰতৰ নতুন অভিযান আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন এতিয়া সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে।

এক্সত দিয়া  ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়-

'নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ ভিতৰত অত্যাধুনিক সুবিধাসমূহ প্ৰত্যক্ষ কৰি মই অপৰিসীম সন্তুষ্টি লভিছো। এই বিমানবন্দৰে সংযোগ, বিনিয়োগ আৰু উন্নয়নক এক নতুন গতি প্ৰদান কৰিব।'

 

“নয়ডাৰ অনুষ্ঠানত সমবেত হোৱা মোৰ পৰিয়ালৰ বিপুল সংখ্যক সদস্যই প্ৰদৰ্শন কৰা উৎসাহে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশতে চলি থকা দ্ৰুত উন্নয়নক লৈ তেওঁলোক কিমান উৎসাহিত।”

 

“আজি উদ্বোধন কৰা নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৱে ‘ডাবল ইঞ্জিন’ চৰকাৰ আৰু আমাৰ অনন্য  কৰ্ম সংস্কৃতিৰ প্ৰচেষ্টাৰ একসুন্দৰ প্ৰমাণ হিচাপে থিয় দিছে।ই প্ৰমাণ কৰিছে যে যুদ্ধৰ পৰা উদ্ভৱ হোৱা বিশ্ব সংকটৰ মাজতো ভাৰতে অদম্যভাৱে আগবাঢ়িছে।”

"শেহতীয়াকৈ আমাৰ চৰকাৰে উড়ান আঁচনিখন আৰু অধিক সম্প্ৰসাৰিত কৰিছে, যাৰ অধীনত অনাগত বছৰবোৰত সৰু চহৰসমূহত ১০০টা নতুন বিমানবন্দৰ আৰু ২০০টা নতুন হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উড়ানে  এই পদক্ষেপৰ জড়িয়তে  অপৰিসীমভাবে মানুহক  লাভাৱান্বিত  কৰিবলৈ সাজু হৈছে।"

'আমাৰ চৰকাৰে ইয়াত ভাৰতৰ ভিতৰতে বিমানৰ ৰক্ষণাবেক্ষণ, মেৰামতি, আৰু অভাৰহ'ল (এম আৰ অ') সুবিধাসমূহ বৃহৎ পৰিসৰত বিকশিত কৰাত সক্ৰিয়ভাৱে জড়িত হৈ আছে।ইয়াৰ দ্বাৰা কেৱল দেশে  ৰাজহ আহৰণ কৰাই নহয়, যুৱক-যুৱতীসকলৰ বাবেও অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব।"

“এখন  ‘উন্নত ভাৰত’ৰ সংকল্প বাস্তৱায়িত কৰিবলৈ আমাৰ চৰকাৰে আধুনিক আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগ কৰিছে। মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণ, বন্দে  ভাৰতৰ দৰে ৰে’লৰ প্ৰৱৰ্তন আৰু বন্দৰৰ ক্ষমতা বৃদ্ধি এই প্ৰচেষ্টাসমূহৰ স্পষ্ট উদাহৰণ ।”

“আমি বৰ্তমানৰ বিশ্ব সংকটৰ—পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে পৰম ধৈৰ্য্য আৰু সংহতিৰে মুখামুখি হ’ব লাগিব। এই ক্ষেত্ৰত মই সকলো ৰাজনৈতিক দললৈ  বিনম্ৰ আহ্বান জনাইছো...”

 

****

MJPS/VJ/DM


(ৰিলিজ আই ডি : 2246591) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati