পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
বিশ্বজোৰা তেলৰ সংকটৰ পৰা গ্ৰাহক আৰু তেল বিপণন কোম্পানীসমূহক সকাহ দিবলৈ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক কৰ্তন কৰিছে
খুচুৰা পাম্পত পেট্ৰ’লৰ মূল্য সুস্থিৰ হৈ আছে; তেল বিপণন কোম্পানীসমূহৰ অভাৱনীয় ক্ষতি আংশিকভাৱে পূৰণ কৰা হৈছে
পোষ্ট কৰা হৈছে:
27 MAR 2026 2:36PM by PIB Guwahati
ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে, যিটো বিগত এমাহত প্ৰতি বেৰেলত প্ৰায় ৭০ ডলাৰৰ পৰা প্ৰায় ১২২ ডলাৰলৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু বিশ্ব শক্তি যোগান শৃংখলত ব্যাঘাত জন্মাৰ বাবে চাৰি সপ্তাহতকৈও কম সময়ৰ ভিতৰত খাৰুৱা তেলৰ মূল্য প্ৰায় ৭৫ শতাংশ বৃদ্ধি পাইছে।
খুচুৰা পাম্পত পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো পৰিৱৰ্তন নহ’ব। আবকাৰী শুল্ক হ্ৰাস পোৱাৰ ফলত প্ৰত্যক্ষভাৱে পাম্পত ইয়াৰ মূল্য হ্ৰাস নাপাব। ইয়াৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানী (অএমচি) ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন, যিবোৰে ভাৰতীয় গ্ৰাহকক যোগান ব্যয়ৰ বহু কম দামত ইন্ধন যোগান ধৰি আছে, সেইবোৰৰ লোকচান প্ৰত্যক্ষভাৱে হ্ৰাস পাব। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অনুসৰি পেট্ৰ’লত লোকচান হৈছে প্ৰতি লিটাৰত প্ৰায় ২৬ টকা আৰু ডিজেলত লোকচান হৈছে প্ৰতি লিটাৰত প্ৰায় ৮১.৯০ টকা। ফলত তেল বিপণন কোম্পানীসমূহৰ দৈনিক মুঠ লোকচান প্ৰায় ২,৪০০ কোটি টকা। আবকাৰী শুল্ক কৰ্তনেৰে এই লোকচানৰ প্ৰতি লিটাৰত ১০ টকা ক্ষতিপূৰণ দিছে, যাৰ ফলত তেল বিপণন কোম্পানীসমূহে খুচুৰা মূল্য অপৰিৱৰ্তিত ৰখাৰ লগতে বিনা বাধাই ইন্ধন যোগান অব্যাহত ৰাখিব পাৰে।
বিশ্বৰ ইন্ধনৰ বজাৰৰ সৈতে ইয়াক তুলনা কৰাটো গুৰুত্বপূৰ্ণ। বৰ্তমানৰ সংকটৰ আৰম্ভণিৰ পৰাই দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত ইন্ধনৰ মূল্য ৩০ৰ পৰা ৫০ শতাংশ, উত্তৰ আমেৰিকাত ৩০ শতাংশ আৰু ইউৰোপত ২০ শতাংশ বৃদ্ধি পাইছে। তথাপি ভাৰতে সুষম স্থিতি বৰ্তাই ৰাখিছে। এই স্থিতিশীলতাৰ বাবে আৰ্থিক ব্যয় আছে আৰু চৰকাৰে ইয়াক বহন কৰিবলৈ সিদ্ধান্ত লৈছে।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে কয়,
"চৰকাৰৰ দুটা বিকল্প আছে- হয়তো আন সকলো দেশৰ দৰে ভাৰতীয় নাগৰিকৰ বাবে ভয়াৱহভাৱে মূল্যবৃদ্ধি কৰা, নহয় আন্তঃৰাষ্ট্ৰীয় অস্থিৰতাৰ পৰা ভাৰতীয় নাগৰিকক ৰক্ষা কৰিবলৈ আৰ্থিক বোজা গ্ৰহণ কৰা। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াৰ বাবে ৰাজকোষৰ ওপৰত বোজা দিয়াৰ সিদ্ধান্ত লয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত তেলৰ বিপণন কোম্পানীসমূহে সন্মুখীন হোৱা অত্যধিক লোকচান হ্ৰাস কৰিবলৈ চৰকাৰে নিজস্ব কৰ ৰাজহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সিদ্ধান্ত লৈছে।"
আবকাৰী শুল্ক হ্ৰাস কৰাৰ উপৰি ডিজেলৰ ওপৰতো চৰকাৰে ৰপ্তানি শুল্ক আৰোপ কৰিছে। যি সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত ডিজেলৰ মূল্য বৃদ্ধি পাইছে, সেই সময়ত ৰপ্তানিক নিৰুৎসাহিত কৰিবলৈ আৰু শোধনাগাৰৰ উৎপাদন যাতে মূলতঃ ঘৰুৱা চাহিদা পূৰণৰ বাবে ব্যৱহাৰ কৰা হয় তাৰ বাবে এই শুল্ক আৰোপ কৰা হৈছে। বৰ্তমান গোলকীয় মূল্যত ইয়াৰ ৰপ্তানি যিমানেই আকৰ্ষণীয় নহওক কিয় ভাৰতীয় পেট্ৰ’ল পাম্পত ডিজেলৰ সম্পূৰ্ণ যোগান নিশ্চিত কৰাটো ৰপ্তানিৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ।
এই সিদ্ধান্ত ২০২২ চনৰ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ পিছত গ্ৰহণ কৰা কৌশলৰ সৈতে সামঞ্জস্যপূৰ্ণ, যেতিয়া তেল আৰু গেছ কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈছিল আৰু চৰকাৰে পৰিয়াল আৰু ব্যৱসায়সমূহক গোলকীয় মূল্যৰ অস্থিৰতাৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় কৰ কৰ্তন কৰিছিল। আজিৰ সিদ্ধান্তৰ ক্ষেত্ৰতো একেই নীতি প্ৰযোজ্য : ভাৰতৰ নাগৰিক আৰু উদ্যোগসমূহে নিজে সৃষ্টি নকৰা সমস্যাৰ বোজা বহন কৰিব নালাগে। চৰকাৰে বিশ্ব শক্তি খণ্ডৰ পৰিস্থিতি নিৰীক্ষণ কৰি থাকিব আৰু ভাৰতীয় গ্ৰাহকৰ বাবে যোগানৰ স্থিতিশীলতা আৰু মূল্য সুৰক্ষা অব্যাহত ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
****
MN/KD
(ৰিলিজ আই ডি : 2246099)
অতিথি কক্ষ : 63
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam