ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬ : মনোনয়নৰ পৰীক্ষা সমাপ্ত

পোষ্ট কৰা হৈছে: 26 MAR 2026 1:00PM by PIB Guwahati
  1. ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই) অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু ৬খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ সময়সূচী ২০২৬ বৰ্ষৰ ১৫ মাৰ্চত ঘোষণা কৰিছিল।
  2. এপ্ৰিলত ভোটগ্ৰহণ হবলগীয়া অসম আৰু কেৰালা তথা কেন্দ্ৰীয় শাসিত পুডুচেৰীৰ লগতে ৪খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ২০২৬ চনৰ ২৩ মাৰ্চ।
  3. নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু উপ-নিৰ্বাচনৰ বাবে ২৪ মাৰ্চত ৰিটাৰ্ণিং অফিচাৰসকলে (আৰ অ’) মনোনয়ন পৰীক্ষা আৰম্ভ কৰে আৰু আজি এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। পৰীক্ষাৰ পাছত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থীৰ সবিশেষ তলত দিয়া ধৰণৰঃ

Sl.

No.

Name of State/UT

No. of ACs

  1. of

candidates

General Elections

1.

Assam

126

789

2.

Kerala

140

985

3.

Puducherry

30

366

TOTAL

296

2,140

Bye-elections

1.

Goa

1

3

2.

Karnataka

2

50

3.

Nagaland

1

7

4.

Tripura

1

6

 

TOTAL

5

66

 

  1. প্ৰাৰ্থী/তেওঁলোকৰ এজেণ্টসকলৰ উপস্থিতিত আৰ অ’ৰ দ্বাৰা মনোনয়নৰ পৰীক্ষা কৰা হয় আৰু সৰ্বাধিক স্বচ্ছতা নিশ্চিত কৰাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফ কৰা হয়।
  2. ই চি আইৰ নিৰ্দেশনা অনুসৰি, আৰ অ'সকলে বৈধভাৱে মনোনীত প্ৰাৰ্থীসকলৰ এখন তালিকা প্ৰস্তুত কৰে আৰু তেওঁলোকৰ জাননী ব’ৰ্ডত প্ৰাৰ্থীসকলৰ নামৰ বিপৰীতে তেওঁলোকৰ ফটোৰ সৈতে তালিকা আঁৰি দিয়ে।
  3. মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২০২৬ চনৰ ২৬ মাৰ্চৰ বিয়লি ৩ বজা।

******

PK/GDH/RP/HS


(ৰিলিজ আই ডি : 2245649) অতিথি কক্ষ : 22