পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
স্বাভাৱিকভাবে চলি আছে সকলো খুচুৰা বিপণী; সমগ্ৰ দেশতে পৰ্যাপ্ত মাত্ৰাত পেট্ৰল আৰু ডিজেল উপলব্ধ
ঘৰুৱা ব্যৱহাৰকৰ বাবে শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি পাইছে
চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে
চৰকাৰে প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ আদেশ, ২০২৬, দেশজোৰা পাইপলাইন সম্প্ৰসাৰণৰ বাবে সময়সীমাবদ্ধ কাঠামোৰ কৰাৰ কথা অৱগত কৰে
২৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অ-ঘৰুৱা এল পি জিৰ বাবে আবণ্টনৰ আবেদন কৰিছে
কালি ১১০টা অঞ্চলত ৯,০৪৬টা পিএনজি সংযোগ (নতুন আৰু গেছ-ইন)ৰ খবৰ পোৱা গৈছে
জিলা সংগ্ৰাহক আৰু খাদ্য তথা অসামৰিক যোগানৰ বিষয়াসকলে নিয়মীয়া বলৱৎকাৰী ব্যৱস্থা নিশ্চিত কৰিছে
দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে নাগৰিকক অনুৰোধ জনোৱা হৈছে
সংকট জুৰুলা অঞ্চলত থকা সকলো ভাৰতীয় নাৱিক সুৰক্ষিত হৈ আছে
ডি জি শ্বিপিঙে ৬৩৫ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই পঠোৱাৰ সুবিধা প্ৰদান কৰিছে
২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা ভাৰতলৈ উভতি আহিছে প্ৰায় ৪,২৬,০০০ গৰাকী
পোষ্ট কৰা হৈছে:
25 MAR 2026 4:52PM by PIB Guwahati
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়কলৈ নিয়মীয়াকৈ আন্তঃমন্ত্ৰালয়ৰ সংবাদমাধ্যমৰ সৈতে মত-বিনিময় অব্যাহত আছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত সংবাদ মাধ্যমৰ আগত এই বিষয়ত শেহতীয়া তথ্য প্ৰকাশ কৰে । সংবাদমেলত শেহতীয়া ঘটনাৰ উন্নয়নসমূহৰ এক আভাস প্ৰদান কৰে, য’ত ইন্ধন যোগান আৰু উপলব্ধতা, অঞ্চলটোৰ সামুদ্ৰিক কাৰ্য্যকলাপ আৰু ভাৰতীয় নাগৰিকসকলৰ বাবে চলি থকা সমৰ্থনৰ ব্যৱস্থাৰ দৰে মূল দিশসমূহ সামৰি লোৱা হয়। বিষয়াসকলে এই খণ্ডসমূহত স্থিতিশীলতা বজাই ৰখা আৰু নিৰৱচ্ছিন্নভাৱে কাম-কাজ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ত শেহতীয়া তথ্য পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সংবাদমেলত প্ৰদান কৰে। মন্ত্ৰালয়ে উল্লেখ কৰা তথ্যসমূহ এনেধৰণৰ-
খাৰুৱা তেল আৰু শোধনাগাৰ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰ’ল তথা ডিজেল পৰ্যাপ্ত পৰিমাণত মজুত আছে ।
• ঘৰুৱা ব্যৱহাৰৰ বাবে শোধনাগাৰৰ ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
খুচুৰা বিপণী
• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
• উৰাবাতৰিৰ বাবে কিছুমান অঞ্চলত আতংকিত হৈ ক্ৰয় কৰাৰ বাতৰি পোৱা গৈছিল, যাৰ ফলত খুচুৰা বিপণীসমূহত প্ৰচণ্ড ভিৰ হৈছিল। অৱশ্যে সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ হৈ আছে।
• চৰকাৰে উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক দিয়া পৰামৰ্শ পুনৰবাৰ প্ৰকাশ কৰিছে।
প্ৰাকৃতিক গেছ
• ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহণৰ ১০০% যোগানৰ সৈতে অগ্ৰাধিকাৰ আবণ্টনৰ হিচাবে অব্যাহত আছে। আনহাতে গ্ৰীডৰ সৈতে সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ যোগান গড় খৰচৰ প্ৰায় ৮০% হিচাপে বৰ্তাই ৰখা হৈছে।
• চিটি গেছ বিতৰণ (চিজিডি) সত্তাসমূহক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলকে ধৰি চিজিডি কোম্পানীসমূহে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে উদগনি যোগাইছে।
• ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ জনাইছে।
• ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত এল পি জিৰ পৰা পি এন জিলৈ পৰিৱৰ্তনৰ সৈতে জড়িত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ অতিৰিক্ত ১০ শতাংশ বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে।
• কিছুমান ৰাজ্যই দ্ৰুত ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে (RoU/RoW) অনুমতি, দীঘলীয়া কামৰ সময় আৰু লগতে ৰাইট অৱ ইউজাৰ/ৰাইট অৱ ৱে চাৰ্জৰ যুক্তিসংগতকৰণৰ বাবে নিৰ্দেশনা দিছে। যেনে, দিল্লীৰ ডিডিএই অফ ৰোড পুনৰুদ্ধাৰৰ চাৰ্জ ৰেহাই দিছে আৰু লগতে ২৪x৭ ভিত্তিত নতুন পিএনজি পাইপলাইন স্থাপনৰ কামৰ অনুমতি দিছে।
• পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থাই (পিইএছঅ’) নিজৰ কাৰ্যালয়সমূহক চিজিডিৰ আবেদন লাভ কৰাৰ ১০ দিনৰ ভিতৰত অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিবলৈ পৰামৰ্শ দিছে।
• পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ ব’ৰ্ডে (পিএনজিআৰবি) ২৩.০৩.২০২৬ তাৰিখৰ আদেশৰ ভিত্তিত চিজিডি সত্তাসমূহক আৱাসিক বিদ্যালয়, কলেজ, হোষ্টেল, কমিউনিটি পাকঘৰ আৰু অংগনবাড়ী পাকঘৰৰ বাবে পাঁচ দিনৰ ভিতৰত পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিছে।
• ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ জাননী অনুসৰি প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত অৱগত কৰিছে। দেশত আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰা হৈছে । ইয়াৰ দ্বাৰা পিএনজি নেটৱৰ্ক বৃদ্ধি ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ বৃদ্ধি হ’ব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনত সহায়ক হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিক ই আগুৱাই নিব।
• কালি চিজিডি সত্তাসমূহে ১১০টা ভৌগোলিক অঞ্চলত ৯,০৪৬টা পিএনজি সংযোগ (নতুন আৰু গেছ-ইন)ৰ ৰিপৰ্ট দিছে।
এল পি জি
• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জিৰ যোগানৰ ওপৰত প্ৰভাৱ অব্যাহত আছে।
• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা নাই।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিকভাৱে অব্যাহত আছে।
• চৰকাৰে ইতিমধ্যে গ্ৰাহকক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰ ঘূৰাই আনিছিল। ইয়াৰ উপৰি ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ আগবঢ়ায়।
• ২১.০৩.২০২৬ তাৰিখৰ পত্ৰ অনুসৰি চৰকাৰে ৰাজ্যসমূহক বাণিজ্যিক এলপিজিৰ আন ২০% আবণ্টনৰ অনুমতি দিছে , যিয়ে সামগ্ৰিক আবণ্টন ৫০% কৰিব (পিএনজি সম্প্ৰসাৰণৰ বাবে সহজলভ্য সংস্কাৰৰ ওপৰত ভিত্তি কৰি ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, ঔদ্যোগিক কেণ্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ, ৰাজসাহায্যযুক্ত কেণ্টিন/আউটলেট আদি খণ্ডক অগ্ৰাধিকাৰ দিয়া হ’ব। বা খাদ্যৰ বাবে স্থানীয় সংস্থা, সম্প্ৰদায়ৰ পাকঘৰ, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কিলোগ্ৰাম এফটিএল।
• ২৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অ-ঘৰুৱা এল পি জিৰ বাবে আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে বাকী অঞ্চলসমূহত পি এছ ইউ তেল বিপণন কোম্পানীয়ে যোগান ধৰিছে। ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা প্ৰায় ২২,২৬৮ মেট্ৰিক টন বাণিজ্যিক এল পি জি লাভ কৰা হৈছে।
কেৰাচিন
• নিয়মীয়া আবণ্টনৰ ওপৰত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জিলা পৰ্যায়ৰ বিতৰণ বিন্দু চিনাক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
• ১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিছে দিয়া নাই। ১৬ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এতিয়াও আবণ্টনৰ আদেশ আবেদন জাৰি কৰা নাই।
ৰাজ্য চৰকাৰ / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা
• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰসমূহক জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে আৰু পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ যোগান নিয়ন্ত্ৰণত প্ৰাথমিক ভূমিকা পালন কৰা হৈছে।
• ভাৰত চৰকাৰে ১৩.০৩.২০২৬ আৰু ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক অনুৰোধ জনাইছে:
Ø ঘৰুৱা এল পি জিৰ জমা, ক’লা বিপণন আৰু ডাইভাৰচন ৰোধৰ বাবে কঠোৰ সতৰ্কতা বজাই ৰখা।
Ø প্ৰাসংগিক আইনী বিধানৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা।
Ø বাণিজ্যিক এল পি জিৰ বাবে উপযুক্ত বিতৰণ ব্যৱস্থা বিকশিত কৰা।
Ø আতংক ক্ৰয় ৰোধ কৰিবলৈ আৰু বিবেচনাপূৰ্ণ ব্যৱহাৰক প্ৰসাৰিত কৰিবলৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
• জিলা সংগ্ৰাহক আৰু খাদ্য আৰু অসামৰিক যোগানৰ বিষয়াসকলে দৈনিক নিয়মীয়াকৈ বলৱৎকাৰী ব্যৱস্থা গ্ৰহণ কৰি আছে।
• বেছিভাগ ৰাজ্য/কেন্দ্ৰীয়শাসিতাই নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে, আনহাতে বাকীসমূহক এই ব্যৱস্থাসমূহ অতি সোনকালে কাৰ্যকৰী কৰিবলৈ অনুৰোধ কৰা হৈছে।
• সঠিক তথ্য প্ৰচাৰ সুনিশ্চিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক সংবাদমেল অনুষ্ঠিত কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
বলৱৎকাৰী ব্যৱস্থা
• এল পি জিৰ জমা আৰু ক’লা বিপণন ৰোধ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বলৱৎকাৰী তালাচী অভিযান চলোৱা হৈছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু ছত্তীশগড় আদি ৰাজ্যকে ধৰি ৰাজ্যত কালি ২৭০০ৰো অধিক অভিযান চলাই প্ৰায় ২০০০ চিলিণ্ডাৰ জব্দ কৰা হৈছে।
• পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহে সমগ্ৰ দেশৰ খুচুৰা বিপণী আৰু এল পি জি বিতৰক প্ৰতিষ্ঠানসমূহত ১,৭০০ৰো অধিক আকস্মিক পৰিদৰ্শন চলায়।
• এতিয়ালৈকে ৬৫০ খনতকৈও অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু এতিয়ালৈকে ১৫৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
চৰকাৰী অন্যান্য ব্যৱস্থা
• চৰকাৰে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ দৰে অত্যাৱশ্যকীয় খণ্ডৰ লগতে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।
• ব্যৱস্থাসমূহৰ ভিতৰত আছে শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈকে বুকিঙৰ ব্যৱধান পুনৰীক্ষণ কৰা, আৰু যোগানৰ অগ্ৰাধিকাৰ আদি বিষয়ত গুৰুত্ব দিয়া হৈছে।
• এল পি জিৰ চাহিদা কম কৰিবলৈ কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ ব্যৱহাৰৰ বিষয়ে প্ৰচাৰ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কল ইণ্ডিয়া আৰু চিংগাৰেনী ক’লিয়েৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।
• ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজহুৱা পৰামৰ্শদাতা
• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে আৰু নাগৰিকসকলক আতংকিত হৈ ক্ৰয় কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
• নাগৰিকসকলক কেৱল চৰকাৰী সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু উৰাবাতৰি বিশ্বাস নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• এল পি জিৰ বাবে নাগৰিকসকলে বুকিং কৰাত ডিজিটেল মোড ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু এল পি জি বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
• সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল
পাৰ্চী উপসাগৰৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতি আৰু ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰে । মন্ত্ৰালয়ে উল্লেখ কৰিছে যে:
• বৰ্তমান অঞ্চলটোত উপস্থিত থকা সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো জাহাজত কূটাঘাতৰ ঘটনা সংঘটিত হোৱা নাই।
• পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত প্ৰায় ৫৪০ জন ভাৰতীয় নাৱিকৰ সৈতে ২০খন ভাৰতীয় পতাকা থকা জাহাজ আছে। জাহাজ সঞ্চালকালয়ে (ডি জি শিপিং) জাহাজৰ মালিক, আৰ পি এছ এল এজেন্সী আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয় ৰক্ষা কৰি তীক্ষ্ণ নিৰীক্ষণ অব্যাহত ৰাখিছে।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম ২৪×৭ কাৰ্যক্ষম হৈ আছে আৰু যোৱা ২৪ ঘণ্টাত ১৮৭টা কল আৰু ৪৬২টা ইমেইলকে ধৰি নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা অহা ৪,১০৮টা ফোন কল আৰু ৭,৯০৯টা ইমেইল চম্ভালিছে।
• ডি জি শ্বিপিঙে বিমানবন্দৰ আৰু বিভিন্ন আঞ্চলিক স্থানৰ পৰা বিগত ২৪ ঘণ্টাত ৫০ জনকে ধৰি ৬৩৫ জনতকৈ অধিক ভাৰতীয় নাৱিকক এতিয়ালৈকে নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।
• গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীকে ধৰি ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডে নিশ্চিত কৰা মতে, ভাৰতৰ সামুদ্ৰিক খণ্ডই মসৃণভাৱে কাম কৰি আছে আৰু বন্দৰসমূহৰ মাজত কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা নাই।
• বন্দৰসমূহে জাহাজৰ গতিবিধি আৰু মালবাহী কাৰ্য্যকলাপৰ বিষয়সমূহ নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে, ইতিমধ্যে জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষ (জেএনপিএ), ভি.অ. চিদাম্বৰানাৰ বন্দৰ কৰ্তৃপক্ষ (ভিঅ’চিপিএ), বিশাখাপট্টনম বন্দৰ, মুন্দ্ৰা, দীনদয়াল বন্দৰ কৰ্তৃপক্ষ (ডিপিএ), নিউ মাংগালুৰু বন্দৰ কৰ্তৃপক্ষ (এনএমপিএ), কোচিন বন্দৰ কৰ্তৃপক্ষ (কোপিএ), চেন্নাই বন্দৰ কৰ্তৃপক্ষ (চিএইচপিএ) আৰু কামৰাজাৰ বন্দৰ লিমিটেড (কেপিএল)ৰ দ্বাৰা মসৃণ সামগ্ৰী পৰিচালনা নিশ্চিত কৰা হৈছে।
• ইয়াৰ উপৰি মুন্দ্ৰা বন্দৰে মধ্যপ্ৰাচ্যলৈ যোৱা ৰপ্তানি কণ্টেইনাৰৰ বাবে ১৫ দিনৰ বিনামূলীয়া সংৰক্ষণ, ৰিফাৰ প্লাগ-ইন চাৰ্জৰ ৮০% ৰেহাই, লিফ্ট-অন/লিফ্ট-অফ চাৰ্জ, শ্বাটআউট চাৰ্জ আৰু পৰিবহণ চাৰ্জৰ ৰেহাই, লগতে বেক-টু-টাউন কণ্টেইনাৰৰ বাবে ১৫ দিনৰ বিনামূলীয়া সংৰক্ষণকে ধৰি অতিৰিক্ত সুবিধা প্ৰদানৰ ব্যৱস্থা আগবঢ়াইছে।
• পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাম-কাজ, ভাৰতীয় নাৱিকৰ সুৰক্ষা আৰু সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতাক তীক্ষ্ণভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
ভাৰতীয় অভিযানৰ জৰিয়তে সম্প্ৰসাৰিত হৈ থকা চলি থকা সাহায্য আৰু প্ৰচাৰকে ধৰি অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ তথ্যসমূহ সংবাদমেলৰ সময়ত ভাগ-বাটোৱাৰা কৰা হয়। জনোৱা হয় যে:
• প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা পাতিছে। য’ত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতে উত্তেজনা প্ৰশমন আৰু শান্তি পুনৰুদ্ধাৰ কৰাৰ কথাক সমৰ্থন কৰে।
• প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তি স্থিতিশীলতা আৰু অৰ্থনৈতিক মংগলৰ বাবে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি হৰমুজ জলদ্বীপ মুকলি, সুৰক্ষিত আৰু সুলভ হৈ থকাটো নিশ্চিত কৰাৰ বিষয়টোত জোৰ দিয়ে । দুয়োগৰাকী নেতাই অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বৃদ্ধিৰ বাবে চলি থকা প্ৰচেষ্টা সন্দৰ্ভত ভৱিষ্যতে যোগাযোগত থাকিবলৈ সন্মত হয়।
• প্ৰধানমন্ত্ৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতেও ফোনত কথা পাতে। দুয়োজন নেতাই পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতি, বিশেষকৈ বিশ্ব শক্তি সুৰক্ষাত প্ৰভাৱ পেলোৱা ব্যাঘাতৰ বিষয়ে আলোচনা কৰে।
• দুয়োগৰাকী নেতাই বিশ্ব বাণিজ্য আৰু স্থিতিশীলতাৰ স্বাৰ্থত জাহাজ পৰিবহণৰ পথ মুকলি আৰু সুৰক্ষিত ৰখাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে আৰু ভাৰত-শ্ৰীলংকা শক্তি সহযোগিতা আৰু আঞ্চলিক নিৰাপত্তা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।
• প্ৰধানমন্ত্ৰীয়ে চুবুৰীয়া প্ৰথম নীতি আৰু মহাসাগৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাগ-বাটোৱাৰা কৰা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰে।
• বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰি পশ্চিম এছিয়াৰ চলি থকা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত ইৰাণে দেশৰ ভাৰতীয় নাগৰিকসকলক যি সমৰ্থন আগবঢ়াইছে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে শলাগ লয়।
• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। লগতে ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু মংগল সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈয়েই আছে।
• ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱাৰ বাবে মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়া সমন্বয় বজাই ৰখা হৈছে।
• অঞ্চলটোৰ ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪×৭ হেল্পলাইনৰ সৈতে ২৪ ঘণ্টাই কাম কৰি আছে। বাস্তৱ সময়ৰ ভিত্তিত সঁহাৰি জনাইছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সংযোগ বজাই ৰাখিছে।
• মিছনসমূহে নিয়মীয়া পৰামৰ্শ জাৰি কৰি আছে আৰু ছাত্ৰ-ছাত্ৰী, নাৱিক, আৱদ্ধ ভাৰতীয় নাগৰিক আৰু হ্ৰস্বম্যাদী পৰ্যটকসকলক ভিছাৰ সুবিধা, কনছুলাৰ সেৱা আৰু লজিষ্টিক সহায়ৰ জৰিয়তে সক্ৰিয়ভাৱে সহযোগ কৰি আহিছে।
• অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচল কৰাৰ ফলত সামগ্ৰিকভাবে বিমান পৰিস্থিতিৰ উন্নতি সাধন হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা ভাৰতলৈ উভতি আহিছে প্ৰায় ৪,২৬,০০০ গৰাকী যাত্ৰী। এই সময়ছোৱাত ভাৰতৰ লগতে বিদেশী বিমান সংস্থাৰ অনুসূচিত আৰু অ-অনুসূচিত বিমানকে ধৰি মুঠ ২,১৪৯খন বিমানে এই অঞ্চলৰ পৰা ভাৰতলৈ চলাচল কৰিছে।
• ইউ এ ইত বিমান সংস্থাসমূহে পৰিচালনাৰ বিবেচনাৰ ভিত্তিত সীমিত অ-নিৰ্ধাৰিত বিমান সেৱা অব্যাহত ৰাখিছে, আজি ভাৰতলৈ বিভিন্ন বিমানবন্দৰৰ পৰা প্ৰায় ৮০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
• চৌদি আৰব আৰু ওমানৰ পৰা ভাৰতলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে কাটাৰ এয়াৰৱেজে আজি ভাৰতলৈ প্ৰায় ৯খন অনিৰ্ধাৰিত বাণিজ্যিক বিমান চলাচল কৰাৰ সম্ভাৱনা আছে।
• কুৱেইট আৰু বাহৰেইনৰ আকাশমাৰ্গ বন্ধ হৈ আছে। জাজিৰা এয়াৰৱেজ আৰু গালফ এয়াৰৰ দৰে কেৰিয়াৰে ছৌদি আৰৱৰ পৰা বিশেষ অ-নিৰ্ধাৰিত বিমান সেৱা চলাই আছে, যাৰ ফলত ভাৰতীয় নাগৰিকৰ ভাৰতলৈ অহাৰ সুবিধা হৈছে।
• ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতলৈ অহাত সহায় কৰা হৈছে, ৭১৭ জন ছাত্ৰ আৰু আৰু ৩২৬ জন ভাৰতীয় নাগৰিককে ধৰি ১,০৪৩ জন ব্যক্তিয়ে আমাৰ মিছনৰ সহায়ত ইৰাণৰ পৰা ভাৰতলৈ আহিছে।
• ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলক জৰ্ডান হৈ ভাৰতলৈ অহাৰ সুবিধা প্ৰদান কৰা হৈছে।
• কুৱেইট, বাহৰেইন আৰু ইৰাকত নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলৰ বাবে ছৌদি আৰৱৰ মাজেৰে ট্ৰেনজিটৰ সুবিধা অব্যাহত আছে।
• ভাৰতীয় নাগৰিকৰ মৃতদেহ ঘূৰাই অনাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ে সহায় আগবঢ়াইছে। ১৮ মাৰ্চত ৰিয়াদত মৃত্যু হোৱা এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনা হৈছে আৰু পৰিয়ালটোৰ সৈতে চৰকাৰৰ ঘনিষ্ঠ যোগাযোগ অব্যাহত আছে।
• ওমান, ইৰাক আৰু ইউ এ ইত থকা ভাৰতীয় মিছনসমূহে নিৰুদ্দেশ হোৱা আৰু মৃত ভাৰতীয় নাগৰিকৰ সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে আৰু মৃতকৰ অৱশিষ্ট আগতীয়াকৈ ঘূৰাই পঠোৱাৰ সুবিধা প্ৰদান কৰিছে।
***
MN/DM
(ৰিলিজ আই ডি : 2245524)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam