পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ পৰিস্থিতিত মূল খণ্ডসমূহৰ ক্ষেত্ৰত পৰা প্ৰভাৱৰ বিষয়ে শেহতীয়া তথ্য
বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগসমূহক অগ্ৰাধিকাৰ দিবলৈ চিজিডি সংস্থাসমূহক পৰামৰ্শ দিয়া হৈছে
মন্ত্ৰালয়সমূহে চিজিডিৰ অনুমোদন দ্ৰুতগতিত কৰিবলৈ কৈছে আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহত পিএনজি ব্যৱহাৰক প্ৰসাৰিত কৰিবলৈ কোৱা হৈছে
ডাঙৰ চহৰ আৰু চহৰ অঞ্চলৰ বাণিজ্যিক এল পি জি গ্ৰাহকক পি এন জিলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে
ৰেষ্টুৰেণ্ট, ৰাজসাহায্যযুক্ত কেণ্টিন আৰু প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৰাজ্যসমূহৰ বাবে আৰু ২০% বাণিজ্যিক এলপিজিত অনুমোদন (৫ কিলোগ্ৰাম এফটিএল), সামগ্ৰিক আবণ্টন এতিয়া ৫০%
এল পি জিৰ অবৈধ মজুতকৰণ তথা ক’লা ব্যৱসায় ৰোধ কৰিবলৈ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অভিযান অব্যাহত আছে
ভাৰতৰ সামুদ্ৰিক খণ্ডই সুন্দৰভাৱে কাম কৰি আছে আৰু বন্দৰসমূহৰ মাজত কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা হোৱা নাই
উপ-সাগৰীয় আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ উন্নয়নৰ বিষয়ত নিৰীক্ষণ অব্যাহত আছে, ভাৰতীয় লোকৰ সুৰক্ষা আৰু কল্যাণৰ বিষয়ত অগ্ৰাধিকাৰ দিয়া হৈছে
ইৰাকৰ পৰা নিৰাপদে ভাৰতলৈ উভতি আহিছে এম টি ছেফেচিয়া বিষ্ণুৰ ১৫ জন ভাৰতীয় ক্ৰু মেম্বাৰ
পোষ্ট কৰা হৈছে:
21 MAR 2026 4:40PM by PIB Guwahati
পশ্চিম এছিয়াত চলি থকা পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰস্তুতি আৰু সঁহাৰিৰ বিষয়ে চৰকাৰে দাঙি ধৰা তথ্য ইয়াত উল্লেখ কৰা হৈছে । এই তথ্যসমূহে শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলৰ বাবে সমৰ্থনকে ধৰি মূল ক্ষেত্ৰসমূহ সামৰি লৈছে ।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ সুস্থিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমানৰ অৱস্থাৰ তথ্য তলত দিয়া ধৰণৰ:
খাৰুৱা তেল /শোধনাগাৰ
• সকলো শোধনাগাৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্য স্থাপন কৰা হৈছে। দেশত পেট্ৰ’ল-ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• শোধনাগাৰসমূহত ঘৰুৱা এল পি জিৰ উৎপাদন বৃদ্ধি কৰা হৈছে।
খুচুৰা বিপণী
• তেল বিপণন কোম্পানীসমূহে কোনো এটা আৰ অ’ত ইন্ধনৰ নাটনি হোৱাৰ কোনো তথ্য প্ৰদান কৰা নাই। চৰকাৰে জনসাধাৰণক আতংকিত নহ'বলৈ দিয়া পৰামৰ্শ পুনৰবাৰ দোহাৰিছে। কিয়নো পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ আৰু যোগান নিয়মীয়া কৰি ৰখা হৈছে।
প্ৰাকৃতিক গেছ
• ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টলৈ ১০০% যোগানকে ধৰি অগ্ৰাধিকাৰ খণ্ডসমূহক তেওঁলোকৰ যোগানৰ বাবে সুৰক্ষিত কৰা হৈছে। গ্ৰীডত সংযুক্ত ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলক যোগান তেওঁলোকৰ গড় ব্যৱহাৰৰ ৮০%।
• চিটি গেছ বিতৰণ (চিজিডি) ব্যৱস্থাকো চৰকাৰে অধিক সক্ৰিয় কৰি কেতবোৰ পৰামৰ্শ আগবঢ়াইছে । ভাৰতৰ সকলো ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ, বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সম্পৰ্কে উদ্বেগসমূহ সমাধান কৰিবলৈ কোৱা হৈছে ।
• আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগ লোৱাৰ বাবে উদগনি যোগাইছে।
• চিজিডি সত্তাসমূহক পিএনজিআৰবিয়ে নিৰ্দেশ দিছে যে আবেদন দাখিল আৰু গ্ৰাহক পৰিয়ালসমূহক গেছ যোগান আৰম্ভ কৰাৰ মাজৰ সময়সীমা কম কৰিব লাগে।
• চৰকাৰে ১৬-৩-২০২৬ৰ পত্ৰৰ জড়িয়তে অনুৰোধ জনাইছে যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আবেদনসমূহৰ অনুমোদন ক্ষিপ্ৰ কৰিব লাগে ।
• চৰকাৰে ১৮-৩-২০২৬ পত্ৰৰ জড়িয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যসমূহলৈ বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ দিছে , যদিহে তেওঁলোকে এলপিজিৰ পৰা পিএনজিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
• ইয়াৰ উপৰিও চৰকাৰে ১৯-৩-২০২৬ পত্ৰ জড়িয়তে সংশ্লিষ্ট সকলো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়ক অনুৰোধ জনাইছে-
Ø চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত সকলো বাকী থকা আৰু নতুন অনুমতিৰ তাৎক্ষণিকভাৱে দ্ৰুত অনুসৰণ আৰু নিষ্কাশনৰ বাবে সংশ্লিষ্ট বিভাগ/সংস্থাসমূহক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ।
Ø ভৱিষ্যতৰ চিজিডি সম্পৰ্কীয় অনুমতিৰ অনুৰোধসমূহ প্ৰক্ৰিয়াকৰণৰ বাবে এটা সুশৃংখলিত আৰু সময় নিৰ্ধাৰিত ব্যৱস্থাও স্থাপন কৰিব লাগে।
Ø সকলো কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান/ক'লনি/অফিচাৰ/কেন্টিনকো য’ত একেখিনি সুবিধা উপলব্ধ সেয়া পিএনজিলৈ সলনি হ’বলৈ পৰামৰ্শ দিব পাৰি।
• চৰকাৰে ২০-৩-২০২৬ৰ পত্ৰৰ জড়িয়তে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ অধীনত থকা প্ৰতিষ্ঠানসমূহত পিএনজি সংযোগৰ সম্ভাৱ্য চাহিদাৰ বিস্তৃত মূল্যায়ন গ্ৰহণ কৰিবলৈ কৈছে। ভাৰতৰ আৰু অভিযানৰ সমন্বয়ৰ বাবে প্ৰতিটো মন্ত্ৰালয়/বিভাগৰ পৰা এজন ন’ডেল বিষয়া নিযুক্তি দিবলৈ কোৱা হৈছে।
• ওপৰৰ প্ৰতিক্ৰিয়াত চৰকাৰে পেট্ৰলিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থা (PESO)ক ইয়াৰ সকলো কাৰ্যালয়ক চিজিডি আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত অৰ্থাৎ লাভ কৰাৰ ১০ দিনৰ ভিতৰত সমাধান কৰিবলৈ পৰামৰ্শ দিছে।
• প্ৰধান চহৰ আৰু চহৰ অঞ্চলৰ বাণিজ্যিক এল পি জিৰ গ্ৰাহকসকলক পি এন জিলৈ সলনি হ’বলৈ অনুৰোধ কৰা হৈছে।
এল পি জি
• সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এল পি জিৰ যোগান এতিয়াও চিন্তাৰ বিষয় হৈ আছে।
ঘৰুৱা এল পি জি যোগান:
• এল পি জি বিতৰকে কোনো ধৰণৰ নাটনিৰ প্ৰতিবেদন দিয়া নাই।
• ডেলিভাৰীৰ অধিকাংশই ডেলিভাৰী প্ৰমাণীকৰণ ক'ড (DAC)ৰ জৰিয়তে হৈ আছে।
• আতংকৰ বাবে হোৱা বুকিং হ্ৰাস পাইছে।
• ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈ আছে ।
বাণিজ্যিক এল পি জি যোগান:
• চৰকাৰে ইতিমধ্যে গ্ৰাহকসকলক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰুদ্ধাৰ কৰিছে। ইয়াৰ উপৰিও চৰকাৰে ১৮-৩-২০২৬ৰ পত্ৰৰ জড়িয়তে পিএনজি সম্প্ৰসাৰণৰ বাবে ব্যৱসায়িক সংস্কাৰৰ ভিত্তিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাণিজ্যিক এলপিজিৰ অতিৰিক্ত ১০% আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।
• চৰকাৰে ২১.০৩.২০২৬ তাৰিখৰ পত্ৰ অনুসৰি ৰাজ্যসমূহক বাণিজ্যিক এলপিজিৰ আন ২০% আবণ্টনৰ অনুমতি দিয়া হৈছে, যিয়ে সামগ্ৰিক আবণ্টন ৫০% লৈ লৈ যাব (পিএনজি সম্প্ৰসাৰণৰ বাবে সহজলভ্য সংস্কাৰৰ ওপৰত ভিত্তি কৰি ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, উদ্যোগিক কেণ্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ, ৰাজসাহায্যযুক্ত কেণ্টিন/আউটলেট আদি খণ্ডক অগ্ৰাধিকাৰ দিয়া হ’ব। লগতে খাদ্যৰ বাবে স্থানীয় সংস্থা, ৰাজহুৱা পাকঘৰ, প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কিলোগ্ৰাম এফটিএলৰ কথা কোৱা হৈছে।
• ২০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি অ-ঘৰুৱা এল পি জি আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । বাকী ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহে বাণিজ্যিক এল পি জি চিলিণ্ডাৰ যোগান ধৰি আছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহে যোৱা এসপ্তাহৰ ভিতৰত মুঠ প্ৰায় ১৩,৪৭৯ মেট্ৰিক টন লাভ কৰিছে।
• শিক্ষানুষ্ঠান আৰু চিকিৎসালয়সমূহক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু মুঠ বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰায় ৫০% এই খণ্ডসমূহলৈ গৈ আছে।
কেৰাচিন
• নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮০০০ কিলোলিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ দিয়া হৈছে।
• কেৰাচিন বিতৰণৰ বাবে জিলাসমূহত স্থান চিনাক্ত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছে।
• ১৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে। ইয়াৰ উপৰি হিমাচল প্ৰদেশ আৰু লাডাখে কৈছে যে এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অ’ৰ কোনো প্ৰয়োজনীয়তা নাই। আজিলৈকে ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এতিয়াও এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা নাই।
ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বৈঠক
• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰে যিকোনো অবৈধ মজুত ক'লা ব্যসায়ৰ বিৰুদ্ধে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব বুলি কৈছে ।
• ভাৰত চৰকাৰে ১৩.০৩.২০২৬ আৰু ১৮.০৩.২০২৬ তাৰিখৰ পত্ৰ অনুসৰি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই বিষয়ত নিৰ্দেশনা প্ৰেৰণ কৰিছে –
Ø কঠোৰ সতৰ্কতা বজাই ৰাখিব লাগিব অবৈধ মজুত , ক’লা ব্যৱসায় , ঘৰুৱা এল পি জিৰ ডাইভাৰচন আৰু অন্যান্য অসৎ কাৰ্য্যসমূহ ৰোধ কৰিব পৰা যায়।
Ø অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫, পেট্ৰলিয়াম আইন, ১৯৩৪, পেট্ৰলিয়াম নিয়ম ২০০২, মটৰ স্পিৰিট আৰু এইচ এছ ডি অৰ্ডাৰ ২০০৫ আৰু অন্যান্য আইনৰ বিধানৰ অধীনত উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
Ø স্থানীয় অগ্ৰাধিকাৰ আৰু প্ৰয়োজনীয়তাসমূহ লক্ষ্য কৰি বাণিজ্যিক এল পি জিৰ বাবে উপযুক্ত বিতৰণ পদ্ধতি বিকশিত কৰিব লাগিব।
Ø আতংকিত হৈ ক্ৰয় কৰা ৰোধ কৰিবলৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা, এল পি জিৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু সঠিক তথ্য প্ৰচাৰক উৎসাহিত কৰা হৈছে।
• ৩২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ছেটআপ কন্ট্ৰল ৰুম আছে। বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে দৈনিক সেইবোৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে জনাই আছে।
• ৩২ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে।
• যিবোৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি স্থাপন কৰা নাই, সেইবোৰ সকলোকে জৰুৰী ভিত্তিত সেয়া স্থাপন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
বলৱৎকাৰী ব্যৱস্থা
• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এল পি জিৰ হৰ্ডিং আৰু ক’লা বিপণন পৰীক্ষাৰ বাবে অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আদিত ৩৫০০ৰো অধিক অভিযান চলাই প্ৰায় ১৪০০ চিলিণ্ডাৰ জব্দ কৰা হৈছে।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নিয়মীয়াকৈ অভিযান চলাবলৈ অনুৰোধ কৰা হৈছে, যাতে ক’লা ব্যৱসায় আৰু অবৈধ মজুত ৰোধ কৰিব পৰা যায়।
• পিএছইউ অ’এমচিৰ বিষয়াসকলে সমগ্ৰ দেশৰ ২০০০ৰো অধিক আৰঅ’ আৰু এলপিজি বিতৰকত হঠাতে তালাচী চলাইছে, যাতে যোগান নিয়মীয়া হোৱাটো নিশ্চিত হয় আৰু যিকোনো অবৈধ মজুত/ক’লা ব্যৱসায় ৰোধ কৰিব পৰা যায়।
চৰকাৰী অন্যান্য ব্যৱস্থা
• এই যুদ্ধৰ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ লগতে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহক অধিক অগ্ৰাধিকাৰ দিছে।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা উভয় দিশতে কেইবাটাও যুক্তিসংগত ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰা আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা তথা যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি পদক্ষেপ আছে।
• এল পি জিৰ চাহিদাৰ ক্ষেত্ৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধনৰ বিকল্প আগবঢ়োৱা হৈছে। ইতিমধ্যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক পৰামৰ্শ দিছে যে কেৰাচিন আৰু কয়লাক বিকল্প ইন্ধন হিচাবে ব্যৱহাৰ হিচাপে ব্যৱহাৰৰ অনুমতি দিয়া প্ৰয়োজনীয় ।
• কয়লা মন্ত্ৰালয়ে ইতিমধ্যে কল ইণ্ডিয়া আৰু চিংগাৰেনী ক’লিয়েৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন দিবলৈ নিৰ্দেশ জাৰি কৰিছে।
• ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহক উভয়ৰে বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই প্ৰক্ৰিয়াৰ সুবিধা আৰু ক্ষিপ্ৰতাৰে ৰাজ্যসমূহক ১০% অতিৰিক্ত বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
ৰাজহুৱা পৰামৰ্শ
• চৰকাৰে এল পি জি চিলিণ্ডাৰৰ নিৰৱচ্ছিন্ন উপলব্ধতা আৰু পৰিয়াললৈ ডেলিভাৰী নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে; নাগৰিকসকলক কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
• নাগৰিকসকলক আতংকিত হৈ বুকিং কৰা এৰাই চলিবলৈ অনুৰোধ কৰা হৈছে, এল পি জি বুকিঙৰ বাবে ডিজিটেল মোড ব্যৱহাৰ কৰিবলৈ ; চিলিণ্ডাৰৰ ঘৰুৱা ডেলিভাৰী নিশ্চিত কৰিবলৈ কোৱা হৈছে।
• আতংকিত হৈ বুকিং কৰা হ্ৰাস পাইছে যদিও বিতৰক প্ৰতিষ্ঠানত ভিৰ হোৱাৰ খবৰ পোৱা ।
• নাগৰিকসকলক পিএনজি আৰু বৈদ্যুতিক/ইণ্ডাকচন কুকটপৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ আৰু দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
অঞ্চলটোত চলি থকা ভাৰতীয় জাহাজ আৰু নাৱিকসকলক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে:
• বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজৰ গতিবিধি, বন্দৰৰ কাৰ্য্যকলাপ, ভাৰতীয় নাৱিকৰ সুৰক্ষা আৰু সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে; অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদে আছে। যোৱা ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূতাঘাটৰ বাতৰি পোৱা হোৱা নাই।
• পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত ৬১১ জন ভাৰতীয় নাৱিকৰ সৈতে মুঠ ২২খন ভাৰতীয় পতাকা থকা জাহাজ আছে; ডি জি শ্বিপিঙে জাহাজৰ মালিক, আৰ পি এছ এল এজেন্সী আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয় ৰক্ষা কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
• এক বিশেষ ঘটনাত ১৮.০৩.২০২৬ তাৰিখে এজন ভাৰতীয় নাৱিক (পানামাৰ পতাকা থকা জাহাজ এ এছ পি আভানাৰ মাষ্টাৰ)ৰ মৃত্যু হয়; ডি জি শ্বিপিঙে ইউ এ ইত ভাৰতীয় মিছনৰ সৈতে সমন্বয় ৰক্ষা কৰি পৰিয়ালটোক সম্পূৰ্ণ সহায় আগবঢ়াইছে।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুম ২৪x৭ কাৰ্যক্ষম হৈ আছে আৰু সক্ৰিয় হোৱাৰ পিছত ৩,৬৭০টা কল আৰু ৬,৯২৯টা ইমেইল চম্ভালিছে (যোৱা ২৪ ঘণ্টাত ১২০টা কল আৰু ১৮১টা ইমেইলকে ধৰি); যোৱা ২৪ ঘণ্টাত ২১ জনকে ধৰি এতিয়ালৈকে ৫৩৪ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনা হৈছে।
• ভাৰতৰ সামুদ্ৰিক খণ্ডই সুন্দৰভাৱে কাম কৰি আছে আৰু বন্দৰসমূহৰ মাজত কোনো ধৰণৰ অসুবিধাৰ বাতৰি পোৱা হোৱা নাই; ৰাজ্যিক সামুদ্ৰিক ব'ৰ্ড আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মন্ত্ৰালয়ে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি আছে। যাতে নাৱিকসকলৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক বাণিজ্য তথা বন্দৰৰ কাৰ্য্যকলাপ নিশ্চিত হঐ থাকে।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
• ভাৰতীয় মিছনে ভাৰতীয় লোকৰ সৈতে যোগাযোগ ৰাখিছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু মংগলৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ জাৰি কৰাৰ লগতে সহায় আগবঢ়াই আহিছে। মন্ত্ৰালয়ে জনোৱা মতে:
• প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছকিয়ানৰ সৈতে কথা পাতি ঈদ আৰু নৌৰুজৰ শুভেচ্ছা জ্ঞাপন কৰে; দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে, শান্তি আৰু স্থিতিশীলতাৰ বিষয়ত আশা প্ৰকাশ কৰে, বিশ্বৰ যোগান শৃংখলত প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণক গৰিহণা দিয়ে, জাহাজৰ পথ মুকলি আৰু ইয়াক সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ভাৰতীয় নাগৰিকসকলৰ প্ৰতি ইৰাণৰ সমৰ্থনৰ শলাগ লয়।
• কালি প্ৰধানমন্ত্ৰীয়ে বাহৰেইনৰ ৰজা মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে বাৰ্তালাপ কৰি ঈদৰ শুভেচ্ছা বিনিময় কৰে; দুয়োপক্ষই পশ্চিম এছিয়াৰ পৰিস্থিতি পৰ্যালোচনা কৰে, বিশ্ব খাদ্য, ইন্ধন আৰু সাৰ সুৰক্ষাত প্ৰভাৱ পেলোৱা শক্তি আৰু অসামৰিক আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰে, নিৰৱচ্ছিন্ন সামুদ্ৰিক গতিবিধিৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু বাহৰেইনত ভাৰতীয় লোকৰ সহায়ৰ বাবে মহামহিমৰ অবিৰত সমৰ্থনৰ কথা স্বীকাৰ কৰে।
• বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতিৰ উন্নয়নসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে, ভাৰতীয় লোকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লৈ এটা নিৰ্দিষ্ট ২৪x৭ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে।
• সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪ ঘণ্টাই কাম কৰি আছে, হেল্পলাইন পৰিচালনা কৰি আছে, পৰামৰ্শ জাৰি কৰি আছে আৰু সামূহিক সংস্থা তথা স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰাখিছে; নাৱিক, ছাত্ৰ, আৱদ্ধ হৈ থকা নাগৰিক আৰু পৰ্যটকৰ বাবে সহায় অব্যাহত ৰাখিছে।
• ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৩.৩ লাখ যাত্ৰী ভাৰতলৈ উভতি আহিছে।
• ইউ এ ইৰ পৰা আজি প্ৰায় ৯০খন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে; ছৌদি আৰব আৰু ওমানৰ পৰাও বিমান সেৱা অব্যাহত আছে, আনহাতে কাটাৰে ৮–১০খন বিমান চলাই আছে আৰু ইয়াৰ আকাশমাৰ্গ আংশিকভাৱে পুনৰ মুকলি কৰা হৈছে।
• কুৱেইট আৰু বাহৰেইনত আকাশমাৰ্গ বন্ধ হোৱাৰ লগে লগে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে: চৌদি আৰৱৰ মাজেৰে বিমান সেৱা চলোৱা হৈছে (ডাম্মাম আৰু আল কাইছুমাহ বিমানবন্দৰৰ পৰাও)। লগতে ছৌদি আৰৱৰ মাজেৰে ভাৰতীয় নাগৰিকৰ ভ্ৰমণৰ সুবিধা কৰি দিয়া হৈছে।
• ইৰাকৰ পৰা নিৰাপদে ভাৰতলৈ উভতি আহিছে এম টি ছেফেচিয়া বিষ্ণুৰ ১৫জন ভাৰতীয় ক্ৰু মেম্বাৰ।
• পৃথক পৃথক ঘটনাত ৬ জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু ১ জন নিৰুদ্দেশ হৈ আছে; অঞ্চলটোত থকা ভাৰতীয় মিছনসমূহে অনুসন্ধানৰ প্ৰচেষ্টা আৰু মৃতদেহসমূহ সোনকালে ঘূৰাই পঠোৱাৰ বাবে কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে।
***
MN/DM
(ৰিলিজ আই ডি : 2243469)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam