প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জল শাসনৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীক উজ্জ্বল কৰি তোলা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
পোষ্ট কৰা হৈছে:
21 MAR 2026 4:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি.আৰ.পাটিলে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত জলসুৰক্ষিত ভৱিষ্যত লাভৰ বাবে ভাৰতৰ ব্যাপক দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা হৈছে।
প্ৰবন্ধটোত এই কথা উল্লেখ কৰা হৈছে যে জলশাসনৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী সংৰক্ষণ, বহনক্ষম ব্যৱহাৰ আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ ভেটিৰ ওপৰত প্ৰতিষ্ঠিত । ইয়াত জ ল শক্তি মন্ত্ৰালয়ৰ সৃষ্টিয়ে সমগ্ৰ দেশতে সামগ্ৰিক আৰু সংহত জল ব্যৱস্থাপনাৰ দিশত কেনেদৰে এক নিৰ্ণায়ক পৰিৱৰ্তন ঘটাইছে সেই বিষয়ত আলোকপাত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:
"এই লেখাটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চি আৰ পাটিলে জল শাসনৰ ক্ষেত্ৰত ভাৰতৰ ব্যাপক দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰিছে, য'ত সংৰক্ষণ, বহনক্ষম ব্যৱহাৰ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ একেলগে জল-সুৰক্ষিত ভৱিষ্যতৰ যাত্ৰাক শক্তিশালী কৰিছে।"তেওঁ লগতে কয় যে জল শক্তি মন্ত্ৰালয়ৰ সৃষ্টিয়ে দেশত সামগ্ৰিকভাবে জল ব্যৱস্থাপনাৰ দিশত কেনেদৰে এক নিৰ্ণায়ক পৰিৱৰ্তন ঘটাইছে সেয়াও দাঙি ধৰা হৈছে ।
***
MJPS/PRK/DM
(ৰিলিজ আই ডি : 2243384)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada