প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাটাৰৰ আমিৰৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

আমিৰক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণক নিন্দা কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 19 MAR 2026 10:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ মহামহিম শ্বেইখ তামিম বিন হামাদ আল থানীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে আঞ্চলিক নিৰাপত্তাৰ বিষয়ত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামহিম শ্বেইখ তামিম বিন হামাদ আল থানীৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁক আৰু কাটাৰৰ জনসাধাৰণক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। আলোচনাত প্ৰধানমন্ত্ৰীয়ে কাটাৰবাসীৰ প্ৰতি ভাৰতৰ সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ শক্তি খণ্ডৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ নিন্দা কৰে। শ্ৰী মোদীয়ে কাটাৰত থকা ভাৰতীয় সমুদায়ৰ প্ৰতি দেখুওৱা যত্ন আৰু সমৰ্থনৰ বাবে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা বৰ্তি থকাৰ আশা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই হৰমুজ প্ৰণালীৰ জৰিয়তে নিৰাপদ আৰু মুক্ত জাহাজ পৰিবহণৰ বাবে নিজৰ স্থিতিত অটল থকাৰ কথা দোঁহাৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখেঃ

"মোৰ ভাতৃ, কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল থানিৰ সৈতে কথা পাতি তেওঁক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আমি পুনৰ কাটাৰবাসীৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰা লগতে অঞ্চলটোৰ শক্তি খণ্ডৰ আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ নিন্দা কৰিছো।

ভাৰতীয় সমুদায়ৰ প্ৰতি দেখুওৱা যত্ন আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা বৰ্তি থকাৰ আশা প্ৰকাশ কৰিলোঁ।

আমি হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ আৰু মুক্ত জাহাজ পৰিবহণৰ সপক্ষে সহমত প্ৰকাশ কৰিছো।"

 

***

MJPS/PRK/DB


(ৰিলিজ আই ডি : 2242826) অতিথি কক্ষ : 12