প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা আৰু উত্তেজনা হ্ৰাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ
পোষ্ট কৰা হৈছে:
19 MAR 2026 5:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু উত্তেজনা হ্ৰাস কৰাৰ লগতে আলোচনা আৰু কূটনীতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত কথা পাতে। শ্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰ'ই অঞ্চলটোৰ লগতে ইয়াৰ চুবুৰীয়া দেশসমূহত শান্তি আৰু সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে তেওঁলোকৰ নিবিড় সমন্বয় অব্যাহত ৰখাৰ আশা প্ৰকাশ কৰে।
এক্সত প্ৰধানমন্ত্ৰীয়ে লিখেঃ
“মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু উত্তেজনা হ্ৰাস কৰাৰ লগতে আলোচনা আৰু কূটনীতিৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনাত মিলিত হ'লো।
আমি অঞ্চলটোৰ শান্তি আৰু সুস্থিৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে আৰু অধিক নিবিড় সমন্বয় বজাই ৰাখিবলৈ আগ্ৰহী।”
***
MJPS/PRK/DB
(ৰিলিজ আই ডি : 2242819)
অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Odia
,
Telugu
,
Kannada