তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

চিনেমাট’গ্ৰাফ (সংশোধনী) আইন, ২০২৩-এ পাইৰেচি বিৰোধী কাঠামো শক্তিশালী কৰে; অপৰাধীক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু প্ৰযোজনা খৰচৰ ৫% পৰ্যন্ত জৰিমনাৰ ব্য়ৱস্থা


৩,১৪২টা টেলিগ্ৰাম চেনেলক অধিসূচনা আৰু ৮০০টা ৱেবছাইট ব্লক কৰি কেন্দ্ৰই পাইৰেচি দমন কৰে

পোষ্ট কৰা হৈছে: 18 MAR 2026 3:19PM by PIB Guwahati

চিনেমাট’গ্ৰাফ (সংশোধনী) আইন, ২০২৩-এ চলচ্চিত্ৰ পাইৰেচি প্ৰতিৰোধৰ ক্ষেত্ৰত আইনী কাঠামোক অধিক শক্তিশালী কৰি তুলিছে। চিনেমাট’গ্ৰাফ আইনৰ ৬এএ আৰু ৬এবি ধাৰাত অকৰ্তৃত্বশীলভাৱে ছবিৰ ৰেকৰ্ডিং আৰু প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ধাৰা ৭(১ক)-ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে যদি কোনো ব্যক্তিয়ে ধাৰা ৬এ বা ধাৰা ৬এবিৰ বিধান উলংঘা কৰে, তেন্তে তেওঁ নূন্যতম ৩ মাহৰ কাৰাদণ্ড আৰু ৩ লাখ টকাৰ জৰিমনাৰ বাবে দায়ী হ’ব, যিটো শাস্তি ৩ বছৰৰ কাৰাদণ্ড আৰু অডিট কৰা মুঠ প্ৰযোজনা ব্যয়ৰ ৫% পৰ্যন্ত জৰিমনালৈ বৃদ্ধি কৰিব পৰা যায়। ইয়াৰ উপৰিও, ধাৰা ৭(১খ)(ii)-এ চৰকাৰক তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭৯(৩)ৰ অধীনত পাইৰেটেড বিষয়বস্তু হোষ্ট কৰা মধ্যস্থতাকাৰীসকলক অৱগত কৰাৰ ক্ষমতা প্ৰদান কৰে।

আইএণ্ডবি মন্ত্ৰালয়ে অভিযোগ গ্ৰহণৰ বাবে নিৰ্দিষ্ট ন’ডেল বিষয়াৰ জৰিয়তে এক সুসংগঠিত প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰিছে, যি ০৩.১১.২০২৩ তাৰিখৰ ৰাজহুৱা জাননীৰ জৰিয়তে নিৰ্ধাৰিত আৰ্হিত জাৰি কৰা হৈছে। এনে অভিযোগ চিনেমাট’গ্ৰাফ ছবিৰ মূল কপিৰাইট অধিকাৰী, তেওঁলোকৰ দ্বাৰা অনুমোদিত ব্যক্তি অথবা আন যিকোনো আগ্ৰহী ব্যক্তিয়ে ইণ্টাৰনেটত ছবিৰ পাইৰেট বা উলংঘাকাৰী কপি প্ৰদৰ্শনৰ সন্দৰ্ভত দাখিল কৰিব পাৰে। অভিযোগ লাভ কৰাৰ লগে লগে চিনাক্ত কৰা লিংকসমূহৰ প্ৰৱেশ নিষ্ক্ৰিয় কৰাৰ উদ্দেশ্যে মধ্যস্থতাকাৰীসকললৈ প্ৰয়োজনীয় জাননী জাৰি কৰা হয়।

আইটি আইন, ২০০০ৰ ধাৰা ৭৯(৩)(খ)-ত উপযুক্ত চৰকাৰসমূহে অবৈধ কাৰ্য্য বা বিষয়বস্তু সম্পৰ্কে মধ্যস্থতাকাৰীসকলক অৱগত কৰি তেনে বিষয়বস্তুৰ প্ৰৱেশ আঁতৰোৱা বা নিষ্ক্ৰিয় কৰাৰ ব্যৱস্থা প্ৰদান কৰিছে। মধ্যস্থতাকাৰীসকলে বলবৎ থকা যিকোনো আইন উলংঘা কৰা বিষয়বস্তু আদালতৰ আদেশ অথবা উপযুক্ত চৰকাৰ বা ইয়াৰ অনুমোদিত সংস্থাৰ জাননীৰ জৰিয়তে তেওঁলোকৰ জ্ঞানলৈ আহিলে তৎক্ষণাৎ আঁতৰাব লাগিব।

ভাৰত চৰকাৰে তথ্য প্ৰযুক্তি আইন, ২০০০ৰ অধীনত তথ্য প্ৰযুক্তি (মধ্যস্থতাকাৰী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ অধিসূচনা কৰিছে, যাৰ দ্বাৰা ডিজিটেল প্লেটফৰ্মসমূহত প্ৰেৰণ, সংৰক্ষণ বা শ্বেয়াৰ কৰা বিষয়বস্তুৰ ওপৰত নিয়ন্ত্ৰণ অধিক সুশৃঙ্খল কৰা হৈছে। এই নিয়মসমূহৰ অন্তৰ্গত নিয়ম ৩(১)(খ)-ত উল্লেখ আছে যে মধ্যস্থতাকাৰীসকলে যুক্তিসংগত প্ৰচেষ্টা গ্ৰহণ কৰি তেওঁলোকৰ কম্পিউটাৰ সম্পদক কোনো পেটেণ্ট, ট্ৰেডমাৰ্ক, কপিৰাইট অথবা অন্যান্য মালিকানাধীন অধিকাৰ উলংঘা কৰা তথ্য হোষ্ট, প্ৰদৰ্শন, আপলোড, পৰিৱৰ্তন, প্ৰকাশ, প্ৰেৰণ, সংৰক্ষণ, আপডেট বা শ্বেয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিবলৈ অনুমতি দিব নালাগে।

পাইৰেচি বিৰোধী ব্যৱস্থা

ওপৰত উল্লেখ কৰা আইনী বিধানসমূহৰ ভিত্তিত, মধ্যস্থতাকাৰী টেলিগ্ৰাম এপক তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ধাৰা ৭৯(৩)(খ)ৰ অধীনত ১১.০৩.২০২৬ তাৰিখে অধিসূচনা জাৰি কৰা হৈছিল, যাৰ জৰিয়তে কপিৰাইট আইন, ১৯৫৭ উলংঘা কৰি বিষয়বস্তুৰ মালিক, অ’টিটি প্লেটফৰ্ম আৰু প্ৰযোজকসকলৰ মালিকানাধীন বা অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিষয়বস্তু প্ৰকাশ কৰা ৩,১৪২টা চেনেলত প্ৰৱেশ আঁতৰোৱা আৰু নিষ্ক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও, পাইৰেটেড বিষয়বস্তু হোষ্ট কৰা প্ৰায় ৮০০টা ৱেবছাইটলৈ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলৰ (আইএছপি) জৰিয়তে প্ৰৱেশ নিষ্ক্ৰিয় কৰা হৈছে।

এই তথ্য আজি লোকসভাত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰগানে শ্ৰী প্ৰদ্যুত বৰদলৈক লিখিত উত্তৰ হিচাপে দাখিল কৰে।

 

*****

Mahesh Kumar/Aparajita Priyadarshini/AA


(ৰিলিজ আই ডি : 2242236) অতিথি কক্ষ : 11