ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

৫ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত সাধাৰণ নিৰ্বাচন আৰু ৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে আদর্শ আচৰণবিধি কঠোৰভাৱে ৰূপায়ণৰ বাবে নিৰ্দেশনা জাৰি ই চি আইৰ

পোষ্ট কৰা হৈছে: 16 MAR 2026 1:36PM by PIB Guwahati

১. ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই) ২০২৬ চনৰ ১৫ মাৰ্চত অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

 

২. নিৰ্ধাৰিত সূচী অনুসৰি ই চি আয়ে জাৰি কৰা অধিসূচনা ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল অসম, কেৰালা আৰু পুডুচেৰীৰ আজি তেওঁলোকৰ নিজ গেজেটত প্ৰকাশ হৈছে।

 

৩. এই ঘোষণাৰ সৈতে ই চি আয়ে সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াসকলক সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত তাৎক্ষণিকভাৱে আদর্শ আচৰণ বিধি (এম চি চি) বলবৎ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা/নীতিগত সিদ্ধান্তৰ ক্ষেত্ৰতো এম চি চি প্ৰযোজ্য হ’ব।

 

৪. আয়োগে চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তিৰ পৰা চৰকাৰী প্ৰচাৰ আঁতৰোৱা, যিকোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা নিৰ্বাচনৰ সৈতে জড়িত আন যিকোনো ব্যক্তিৰ দ্বাৰা চৰকাৰী বাহন বা চৰকাৰী বাসস্থানৰ অপব্যৱহাৰ, ৰাজকোষৰ ধন খৰছ কৰি বিজ্ঞাপন জাৰি কৰাত নিষেধাজ্ঞা আদি সম্পৰ্কীয় নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

 

৫. ব্যক্তিগত বাসস্থানৰ বাহিৰত কোনো প্ৰদৰ্শন বা পিকেটিং নকৰাকৈ নাগৰিকসকলৰ গোপনীয়তাক সন্মান জনাব লাগিব। গৰাকীৰ সন্মতি অবিহনে পতাকা, বেনাৰ বা পোষ্টাৰৰ বাবে অট্টালিকা বা দেৱাল ব্যৱহাৰ কৰিব পৰা নাযাব।

 

৬. ১৯৫০ নম্বৰৰ কল চেণ্টাৰকে ধৰি এক অভিযোগ নিৰীক্ষণ ব্যৱস্থা স্থাপন কৰা হৈছে য’ত জনসাধাৰণ বা ৰাজনৈতিক দলৰ যিকোনো সদস্যই সংশ্লিষ্ট ডি ই অ’/আৰ অ’ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰিব।

 

৭. নাগৰিক/ৰাজনৈতিক দলসমূহেও ই চি আই এন ই টিত চি-ভিজিল এপ ব্যৱহাৰ কৰি এম চি উলংঘনৰ বিষয়ে জনাব পাৰিব। অভিযোগসমূহ ১০০ মিনিটৰ ভিতৰত সমাধান কৰাটো নিশ্চিত কৰিবলৈ সমগ্ৰ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত ৫,১৭৩তকৈও অধিক ফ্লায়িং স্কোৱাড মোতায়েন কৰা হৈছে। তদুপৰি ৫,২০০ৰো অধিক ষ্টেটিক ছাৰ্ভেইলেন্স টীমছ (এছ এছ টি) মোতায়েন কৰা হৈছে।

 

৮. নিষেধাজ্ঞামূলক ব্যৱস্থা মানি চলিবলৈ আৰু লাউডস্পীকাৰ তথা অন্যান্য সুবিধাৰ বাবে অনুমতি লাভৰ বাবে ৰাজনৈতিক দলসমূহে যান-জঁট এৰাই চলা আৰু নিৰাপত্তা ব্যৱস্থাৰ বাবে সভা আৰু শোভাযাত্ৰাৰ পূৰ্বে আৰক্ষী কৰ্তৃপক্ষক অৱগত কৰিব লাগিব।

 

৯. মন্ত্ৰীসকলে চৰকাৰী কৰ্তব্যক নিৰ্বাচনী প্ৰচাৰৰ সৈতে একাকাৰ কৰিব নোৱাৰিব বা প্ৰচাৰৰ উদ্দেশ্যে চৰকাৰী ব্যৱস্থা, পৰিবহণ বা কৰ্মচাৰী ব্যৱহাৰ কৰিব নোৱাৰিব।

 

১০. সকলো স্তৰৰ বিষয়াক এম চি চি বলবৎ কৰা, সকলো পক্ষৰ সৈতে সমান ব্যৱহাৰ নিশ্চিত কৰা আৰু চৰকাৰী সুবিধাৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নিৰপেক্ষভাৱে কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকে সভা, শোভাযাত্ৰা আৰু ভোটদানৰ ব্যৱস্থা নিৰপেক্ষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, আইন-শৃংখলা সুৰক্ষিত কৰিব লাগিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰাখিব লাগিব।

 

১১. ই চি আই এন ই টিত ‘সুবিধা’ মডিউল সক্ৰিয় কৰা হৈছে, য’ত ৰাজনৈতিক দলসমূহে ময়দান আৰু হেলিপেডৰ দৰে ৰাজহুৱা স্থানৰ ব্যৱহাৰৰ বাবে আবেদন কৰিব পাৰিব, প্ৰথমে অহাজনক প্ৰথমে সেৱাৰ ভিত্তিত সেইবোৰ আবণ্টন দিয়া হ’ব।

 

**********

PK/GDH/RP/HS


(ৰিলিজ আই ডি : 2241068) অতিথি কক্ষ : 10