বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
আহাৰ ২০২৬ত ভাৰতৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানিৰ অগ্ৰগতি প্ৰদৰ্শন এপেডাৰ
ভাৰতৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানিয়ে ৫ লাখ কোটি টকা অতিক্ৰম কৰিছে; মুক্ত বাণিজ্য চুক্তিয়ে নতুন আন্তৰ্জাতিক সুযোগ মুকলি কৰিছেঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল
এপেডাই প্ৰকাশ কৰে মূল কৃষিজাত সামগ্ৰী সন্দৰ্ভত গৱেষণা প্ৰতিবেদন তথা জিআই আৰু অঞ্চল-নিৰ্দিষ্ট ৰপ্তানিৰ বাবে পেকেজিং সুবিধা
আহাৰ ২০২৬ৰ এপেডা বীথিকাত প্ৰদৰ্শিত বাছমতী, জৈৱিক আৰু উদ্ভিদ-প্ৰস্তুত খাদ্যসমূহ
পোষ্ট কৰা হৈছে:
11 MAR 2026 12:43PM by PIB Guwahati
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত থকা কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এপেডা) নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২০২৬ চনৰ ১০ৰ পৰা ১৪ মাৰ্চত অনুষ্ঠিত ৪০ সংখ্যক আহাৰ ২০২৬ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এপেডাই বীথিকাৰ জৰিয়তে ভাৰতৰ কৃষি আৰু সংসাধিত খাদ্য ৰপ্তানিৰ সামৰ্থ্যৰ ওপৰত আলোকপাত কৰি ৰপ্তানিকাৰী, ৰাজ্যসমূহৰ প্ৰতিনিধি আৰু উদ্যোগৰ অংশীদাৰসকলক এক উমৈহতীয়া মঞ্চত একত্ৰিত কৰে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আন্তঃৰাষ্ট্ৰীয় খাদ্য আৰু আতিথ্য মেলা আহাৰৰ ৪০ সংখ্যক সংস্কৰণ উদ্বোধন কৰে। ভাৰত বাণিজ্য সংবৰ্ধন সংস্থা (আই টি পি অ’)ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানৰ যুগান্তকাৰী সংস্কৰণত ইটালীক অংশীদাৰী দেশ হিচাপে দেখুওৱা হৈছে। উদ্বোধনী অনুষ্ঠানত ইটালীৰ দূতাবাসৰ জ্যেষ্ঠ বিষয়াসকল, আই টি পি অ’ৰ প্ৰতিনিধিসকল, চৰকাৰী বিষয়াসকল, উদ্যোগ খণ্ডৰ নেতৃবৰ্গ, প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী আৰু ভাৰত তথা বিদেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
মুখ্য ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলে কয় যে ভাৰতৰ খাদ্য আৰু কৃষি খণ্ডই আন্তৰ্জাতিক সুযোগৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰীৰ ৰপ্তানিয়ে বছৰি ৫ লাখ কোটি টকা অতিক্ৰম কৰা বুলি উল্লখে কৰি তেওঁ কয় যে ভাৰতে আজি বিশ্বৰ আগশাৰীৰ ৰপ্তানিকাৰী দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। যোৱা দশকত সংসাধিত খাদ্য, ফলমূল, মাহজাতীয় শস্য আৰু শাক-পাচলিৰ ৰপ্তানি যথেষ্ট বৃদ্ধি হোৱাৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষক, মাছমৰীয়া আৰু খাদ্য সংসাধনৰ শক্তি আৰু বৈচিত্ৰ্য প্ৰতিফলিত হৈছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতৰ মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত পৰিসৰে দেশৰ খাদ্য আৰু কৃষি ৰপ্তানিৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ মুকলি কৰিছে। শেহতীয়া বছৰবোৰত, ভাৰতে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু অন্যান্য ইএফটিএ ৰাষ্ট্ৰসমূহকে ধৰি বিভিন্ন দেশৰ সৈতে বাণিজ্যিক চুক্তি সম্পন্ন কৰাৰ লগতে কানাডা আৰু ইউৰোপীয় সংঘৰ সৈতে আলোচনা আগবঢ়াই নিয়াৰ উপৰি জাপান, কোৰিয়া, যুক্তৰাজ্য, ওমান আৰু মৰিচাছৰ দৰে অংশীদাৰসকলৰ সৈতে সম্পৰ্ক শক্তিশালী কৰিছে। তেওঁ উল্লেখ কৰে যে এই চুক্তিসমূহে বিশ্ব বাণিজ্যৰ প্ৰায় দুই তৃতীয়াংশত ভাৰতীয় সামগ্ৰীৰ বাবে অগ্ৰাধিকাৰমূলক বজাৰ প্ৰৱেশাধিকাৰ সক্ষম কৰি তোলাৰ লগতে কৃষক, এমএছএমই আৰু খাদ্য সংসাধন খণ্ডৰ বাবে ৰপ্তানি সম্প্ৰসাৰণ তথা উচ্চ মূল্যৰ বজাৰত প্ৰৱেশাধিকাৰৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।
ভাৰত চৰকাৰ, এপেডাৰ জ্যেষ্ঠ বিষয়াসকল, অংশগ্ৰহণকাৰী ৰাজ্য চৰকাৰসমূহ, ৰপ্তানিকাৰী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ উপস্থিতিত বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব শ্ৰী নীতিন কুমাৰ যাদৱে এপেডাৰ অধ্যক্ষ শ্ৰী অভিষেক দেৱ আৰু আইটিপিঅ’ৰ পৰিচালন সঞ্চালক শ্ৰী নীৰজ খাৰৱালৰ সৈতে এপেডা বীথিকা উদ্বোধন কৰে। এই বীথিকা ভাৰতৰ বৈচিত্ৰ্যময় কৃষি-ৰপ্তানি সামৰ্থ্য প্ৰদৰ্শন কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হোৱাৰ লগতে এই মঞ্চৰ জৰিয়তে ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ৰপ্তানিকাৰী আৰু ক্ৰেতাসকলে মত-বিনিময়ৰ সুবিধা লাভ কৰে।
এই উপলক্ষে আইচিআৰআইইআৰৰ সহযোগিতাত এপেডাৰ দ্বাৰা প্ৰস্তুত কৰা তিয়ঁহ, কাজু, আনাৰস আৰু ডালিম সন্দৰ্ভত গৱেষণা প্ৰতিবেদনো মুকলি কৰা হয়। প্ৰতিবেদনসমূহে যোগান শৃংখল, ৰপ্তানিৰ সম্ভাৱনা আৰু বিশ্ব বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে কৌশলৰ কিছু আভাস দিয়ে।
এপেডাই ইণ্ডিয়ান ইনষ্টিটিউট অব পেকেজিং (আই আই পি)ৰ সহযোগিতাত নিৰ্বাচিত অঞ্চল-নিৰ্দিষ্ট কৃষিজাত সামগ্ৰীৰ বাবে পেকেজিং ডিজাইনৰ সুবিধা আৰু কাৰিকৰী মান মুকলি কৰাৰ কথাও ঘোষণা কৰে। এই পদক্ষেপৰ জৰিয়তে বিশেষকৈ জিআই-টেগ কৰা আৰু জৈৱিক সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰপ্তানিৰ বাবে সামগ্ৰীৰ সুৰক্ষা, ব্যৱহাৰযোগ্য সময় আৰু বজাৰ উপস্থাপন উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই পদক্ষেপৰ অধীনত সামৰি লোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে কাৰ্বি আংলং আদা (অসম), জি৪ চিলি আৰু জলগাঁও কল (মহাৰাষ্ট্ৰ), অসম কাজি নেমু (অসম) আৰু প্ৰয়াগৰাজ সুৰখা মধুৰিআম (উত্তৰ প্ৰদেশ)।
২,৫০০ বৰ্গমিটাৰ প্ৰদৰ্শনী ক্ষেত্ৰত বিস্তৃত এই এপেডা বীথিকাত সমগ্ৰ দেশৰ ৰপ্তানিকাৰী, উৎপাদক সংগঠন, ষ্টাৰ্টআপ আৰু খাদ্য সংসাধন উদ্যোগসমূহক প্ৰতিনিধিত্ব কৰা শতাধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে। এই প্ৰদৰ্শনীয়ে উদ্যোগৰ অংশীদাৰসকলক সহযোগিতা অন্বেষণ, বজাৰৰ সংযোগ সম্প্ৰসাৰণ আৰু মূল্য সংযোজন কৃষিজাত সামগ্ৰীৰ সংবৰ্ধনৰ সুযোগ প্ৰদান কৰে।
এই বীথিকাত বাছমতী চাউল, অনা-বাছমতী চাউল, জৈৱিক সামগ্ৰী আৰু শেহতীয়া উদ্ভিদ-ভিত্তিক খাদ্য সামগ্ৰীসমূহকে ধৰি মূল ৰপ্তানি খণ্ডসমূহৰ ওপৰত আলোকপাত কৰাৰ জৰিয়তে বিশ্বৰ কৃষি-খাদ্য বজাৰত ভাৰতৰ সম্প্ৰসাৰিত দৃশ্যপট প্ৰতিফলিত কৰা হয়। উদ্ভিদ-ভিত্তিক সামগ্ৰীৰ এক বিশেষ বৈশিষ্ট্যই আন্তঃৰাষ্ট্ৰীয় বজাৰত আকৰ্ষণ লাভ কৰা উদ্ভাৱনীমূলক আৰু বহনক্ষম খাদ্য বিকল্পসমূহ প্ৰদৰ্শন কৰে।
অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, দিল্লী, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, কেৰালাম, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু পশ্চিমবংগকে ধৰি এপেডাৰ কাৰ্যসূচীত কেইবাখনো ৰাজ্যৰ বীথিকা প্ৰদৰ্শন কৰা হয়। এই বীথিকাসমূহত অঞ্চল-নিৰ্দিষ্ট সামগ্ৰী, পৰম্পৰাগত খাদ্য-সামগ্ৰী আৰু ৰপ্তানিৰ বাবে সাজু কৃষিজাত সামগ্ৰী প্ৰদৰ্শন কৰাৰ জৰিয়তে ভাৰতৰ কৃষি-খাদ্য খণ্ডৰ বৈচিত্ৰ্য আৰু শক্তিক প্ৰতিফলিত কৰা হয়।
পাঁচদিনীয়া অনুষ্ঠানত এক লাখৰো অধিক আগ্ৰহীৰ আগমনৰ জৰিয়তে আহাৰ ২০২৬ত এপেডাৰ অংশগ্ৰহণে উদ্যোগসমূহৰ দৃষ্টি গুৰুত্বপূৰ্ণভাৱে আকৰ্ষণ কৰাটো প্ৰতিফলিত হয়। এই প্ৰদৰ্শনীয়ে ৰপ্তানিকাৰী, খাদ্য সংসাধক আৰু কৃষি উদ্যোগীসকলৰ বাবে ভাৰত আৰু বিদেশৰ ক্ৰেতা, বিতৰক আৰু প্ৰাতিষ্ঠানিক অংশীদাৰসকলৰ সৈতে মত বিনিময়ৰ সুযোগ সৃষ্টি কৰে।
এপেডা বীথিকাৰ এটা মুখ্য বিশেষত্ব আছিল ভাৰতীয় কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰী ব্যৱহাৰ কৰি উদ্ভাৱনীমূলক ৰন্ধন প্ৰণালী আৰু ব্যৱহাৰিকভাৱে প্ৰদৰ্শন কৰা এগৰাকী প্ৰখ্যাত ৰান্ধনীৰ দ্বাৰা পৰিচালিত লাইভ ৱেট ছেম্পলিঙ কাৰ্যসূচী। এই বীথিকাত বাছমতী চাউল, অনা-বাছমতী চাউল, জৈৱিক সামগ্ৰী আৰু উদ্ভিদ-ভিত্তিক খাদ্য-সামগ্ৰী সন্দৰ্ভতো আয়োজিত বিশেষ প্ৰদৰ্শনীৰ জৰিয়তে ক্ৰেতা আৰু দৰ্শনাৰ্থীসকলে ভাৰতৰ ৰপ্তানিৰ বাবে সাজু সামগ্ৰীসমূহ অন্বেষণ কৰিবলৈ সক্ষম হয়।
আহাৰ দক্ষিণ এছিয়াৰ খাদ্য আৰু আতিথ্য উদ্যোগৰ বাবে এক সৰ্ববৃহৎ বি২বি মঞ্চ হিচাপে পৰিগণিত হৈছে, যিয়ে কৃষি-খাদ্য মূল্য শৃংখলাত ব্যৱসায়িক নেটৱৰ্কিং, সামগ্ৰীৰ প্ৰচাৰ আৰু জ্ঞানৰ বিনিময়ৰ বাবে এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে।
আহাৰ ২০২৬ত অংশগ্ৰহণৰ জৰিয়তে এপেডাই উচ্চ মানসম্পন্ন কৃষি উৎপাদন, মূল্য সংযোজন আৰু ৰপ্তানি ভিত্তিক যোগান শৃংখলাত ভাৰতৰ বৰ্ধিত সামৰ্থ্য প্ৰদৰ্শন কৰে। এই বীথিকাই ৰপ্তানিকাৰী, ষ্টাৰ্টআপ, ৰাজ্যিক সংস্থা আৰু উৎপাদক সংস্থাসমূহক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰণৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰে।
***
Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/DD
(ৰিলিজ আই ডি : 2238108)
অতিথি কক্ষ : 8