তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰসাৰ ভাৰতী-ৰ ‘পিবি-শব্দ’( PB-SHABD)-ই প্ৰতীক চিহ্নবিহীনভাৱে বাতৰিৰ বিষয়বস্তু প্ৰদান কৰে; ২০২৭ চনৰ মাৰ্চ পৰ্যন্ত কৰিব পাৰিব বিনামূলীয়াকৈ প্ৰৱেশ
‘পিবি-শব্দ’-ই ১৫০০+ গৰাকী ৰিপ'ৰ্টাৰ আৰু ৬০ খন সম্পাদনা মেজৰ নেটৱৰ্কৰ জৰিয়তে ফৰ্মেটসমূহেৰে ১০০০ তকৈয়ো অধিক সংখ্যক বাতৰি দৈনিক প্ৰদান কৰে
পোষ্ট কৰা হৈছে:
10 MAR 2026 5:05PM by PIB Guwahati
‘প্ৰসাৰ ভাৰতী-শ্বেয়াৰড অডিঅ’-ভিজুৱেলছ ফৰ ব্ৰডকাষ্ট এণ্ড ডিছেমিনেশ্যন’ (PB-SHABD) - ‘পিবি শব্দ’-ক ২০২৪ চনৰ মাৰ্চমাহত এটা ‘শ্বেয়াৰড ফিড সেৱা’ হিচাপে আৰম্ভ কৰা হৈছিল যাতে প্ৰচাৰ মাধ্যমৰ সংস্থাসমূহক ভিডিঅ’, অডিঅ’, টেক্সট, আৰু ফটোকে ধৰি বিভিন্ন ফৰ্মেটত প্ৰতীক চিহ্ন বিহীন, দৈনিক বাতৰিৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব পৰা যায়। প্ৰসাৰ ভাৰতী-য়ে জনাইছে যে ২০২৭ চনৰ মাৰ্চ পৰ্যন্ত SHABD ৰ প্ৰৱেশ বিনামূলীয়া হৈ থাকিব।

১৫০০ গৰাকীতকৈয়ো অধিক ৰিপ'ৰ্টাৰ, সংবাদদাতা, আৰু ষ্ট্ৰিংগাৰৰ এটা শক্তিশালী নেটৱৰ্কৰ সহায় লৈ, ২৪ ঘণ্টাই চলি থকা ৬০ খন নিবেদিত সম্পাদনা মেজৰ দ্বাৰা সমৰ্থিত, PB-SHABD-ই ভাৰতৰ প্ৰতিটো কোণৰ পৰা শেহতীয়া বাতৰি আগবঢ়ায়। কৃষি, প্ৰযুক্তি, বৈদেশিক পৰিক্ৰমা, আৰু ৰাজনৈতিক পৰিঘটনা আদি বিভিন্ন বাতৰিৰ শিতান সামৰি দৈনিক ১০০০ টা বাতৰি আঞ্চলিক বাতৰি গোট (আৰ এন ইউ) আৰু মুখ্য কাৰ্যালয়ৰ পৰা একেলগে সকলো প্ৰধান ভাৰতীয় ভাষাত আপলোড কৰা হয়। PB-SHABD ৰ জৰিয়তে প্ৰদান কৰা বিষয়বস্তুসমূহ প্ৰতীক চিহ্ন মুক্ত, আৰু এই প্লেটফৰ্মৰ পৰা বিষয়বস্তু ব্যৱহাৰ কৰাৰ বাবে কোনো ক্ৰেডিটৰ প্ৰয়োজন নাই।
পিবি-শব্দই লাইভ ফিড বৈশিষ্ট্যও আগবঢ়ায়, ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠান, ইনভেষ্টিচাৰ অনুষ্ঠান, লগতে বিভিন্ন প্ৰেছ ব্রিফিংকে ধৰি লাইভ ইভেণ্ট-ৰ আচুতীয়া কভাৰেজ প্ৰদান কৰে, এই সকলোবোৰেই প্ৰতীক চিহ্ন বিহীন ভাৱে। অভিগম্যতা অধিক উন্নত কৰিবলে, এটা মাধ্যম ভঁৰাল এটা আৰ্কাইভ লাইব্ৰেৰী হিচাপে উপলব্ধ, গ্রাহকসকলক বিশেষ কিউৰেট কৰা পেকেজসমূহৰ সৈতে, আৰ্কাইভ ফুটেজসমূহ সহজে অভিগমনৰ অনুমতি দিয়ে। সমগ্ৰ ভাৰতৰ পৰা বিশেষ পেকেজ, সাক্ষাৎকাৰ, দৈনিক বতৰৰ আপডেট, আৰু সম্পাদকীয়সমূহ পিবি-শব্দ-ত নিয়মিতভাৱে আপডেট কৰা হয় যাতে সংবাদ মাধ্যমসমূহে বিষয়বস্তু সহজে ব্যৱহাৰ কৰিব পাৰে যাৰ ফলত সময় ৰাহি হয়। সংবাদ মাধ্যমৰ সংস্থাসমূহে PB-SHABD ত shabd.prasarbharati.org.বিনামূলীয়াকৈ চাইন আপ কৰিব পাৰে।
শেহতীয়া আপডেটৰ বাবে Instagram, X, আৰু YouTube-ত PB-SHABD অনুসৰণ কৰক।
****
Mahesh Kumar/ Vivek Vishwash/KB
(ৰিলিজ আই ডি : 2237833)
অতিথি কক্ষ : 11