ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে

প্ৰকৃত অৰ্থত উন্নয়ন সাধন কৰিবলৈ আমি মহিলাসকলৰ সমান অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব, তেওঁলোক হৈছে দেশৰ জনসংখ্যাৰ প্ৰায় আধাঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

পোষ্ট কৰা হৈছে: 08 MAR 2026 2:55PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি (৮ মাৰ্চ, ২০২৬) নতুন দিল্লীত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আয়োজন কৰা কাৰ্য্যসূচীৰ শোভা বৰ্ধন আৰু সম্বোধন কৰে। ভিন্ন ক্ষেত্ৰত মহিলাসকলে লাভ কৰা সাফল্য আৰু তেওঁলোকৰ অৱদানক উদযাপনৰ লগতে মহিলাসকলৰ লিংগ সমতা, সুৰক্ষা, মৰ্য্যাদা আৰু সবলীকৰণৰ প্ৰতি সামূহিক দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ বাবে উক্ত ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।

 

ইয়াত সমবেতসকলক সম্বোধনেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলাসকলে শিক্ষা, প্ৰশাসন, ন্যায়পালিকা, সামৰিক, চিকিৎসা, বিজ্ঞান, প্ৰযুক্তি, কলা আৰু উদ্যমিতা আদি প্ৰতিটো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা পালন কৰি আছে। গ্ৰামাঞ্চলৰ মহিলাসকল আত্ম-সহায়ক গোটৰ জৰিয়তে আৰ্থিকভাৱে আত্ম-নিৰ্ভৰ হৈ উঠিছে। তেওঁলোকে পঞ্চায়তসমূহত গ্ৰামোন্নয়নৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰি আছে। ভালেখিনি মহিলাই নিজৰ শক্তি আৰু সামৰ্থ্যৰ বলত উদ্যোগ, ষ্টাৰ্টআপ আৰু কৰ্পৰেট জগতত নেতৃত্ব প্ৰদান কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। এনে উদাহৰণে সুযোগ আৰু সমৰ্থন আগবঢ়োৱা মাত্ৰেকে মহিলাসকলে প্ৰতিটো ক্ষেত্ৰতে উৎকৃষ্টতা লাভ কৰিব পাৰে বুলি আত্মবিশ্বাস জগাই তোলে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত মহিলা-নেতৃত্বাধীন উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। বিগত দশকত নাৰীৰ পথত থকা বাধাসমূহ আঁতৰাবলৈ সুদৃঢ় ভেটি স্থাপন কৰা হৈছে। স্কুলীয়া শিক্ষাত ভাৰতে লিংগ সমতা অৰ্জন কৰিছে। আনকি উচ্চ শিক্ষাতো মুঠ নামভৰ্তি অনুপাতৰ ক্ষেত্ৰত ছাত্ৰীৰ সংখ্যা বেছি হৈছে। বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) শিক্ষাত ছাত্ৰীৰ অংশগ্ৰহণ দ্ৰুতগতিত বৃদ্ধি পাইছে। কেন্দ্ৰীয় বাজেট, ২০২৬-২৭ ত ‘ষ্টেম’ ছাত্ৰীসকলৰ অধ্যয়ন অব্যাহত ৰখাত সহায়ক হোৱাকৈ প্ৰতিখন জিলাতে ছাত্ৰী নিৱাস স্থাপনৰ কথা ঘোষণা কৰা হৈছে। আমাৰ জীয়ৰীসকল জ্ঞান অৰ্থনীতিত নেতৃত্বৰ ভূমিকা পালনৰ বাবে সাজু হৈছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলাসকলে নিয়োগকৰ্তা হিচাপে আত্মপ্ৰকাশ কৰিছে। ষ্টাৰ্ট-আপ ইণ্ডিয়া আঁচনিৰ অধীনত সমৰ্থন লাভ কৰা ষ্টাৰ্ট-আপসমূহৰ আধাৰো অধিকত কমেও এগৰাকী মহিলা সঞ্চালক আছে। বৰ্তমান চৰকাৰী ই-মাৰ্কেটপ্লেচত (GeM) দুই লাখৰো অধিক মহিলা-মালিকানাধীন এমএছএমই সক্ৰিয় হৈ আছে। কেন্দ্ৰীয় বাজেট, ২০২৬-২৭ ত আৰম্ভ কৰা ছী-মাৰ্ট (SHE-Mart) পদক্ষেপে আত্ম-সহায়ক গোট আৰু গ্ৰামাঞ্চলৰ মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহক উন্নত বজাৰ প্ৰদান কৰিব। যোৱা বছৰ কাৰ্য্যকৰী কৰা শ্ৰম সংহিতাসমূহৰ লক্ষ্য হৈছে মহিলা শ্ৰমিকসকলৰ বাবে এক অধিক সৰ্বাংগীন, নিৰাপদ আৰু অনুকূল কৰ্ম পৰিবেশৰ ব্যৱস্থা কৰা।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাৰী সবলীকৰণৰ দিশত একাধিক প্ৰচেষ্টা গ্ৰহণৰ পিছতো তেওঁলোকৰ উন্নয়নৰ যাত্ৰাত এতিয়াও ভালেমান বাধা আছে। উদাহৰণস্বৰূপে, আজিও বহু মহিলা বৈষম্য, সমান কৰ্মৰ বিপৰীতে অসমান বেতন আৰু গাৰ্হস্থ্য হিংসা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে সমস্যাক কেৱল আইন প্ৰণয়নৰ জৰিয়তেই সমাধান কৰিব নোৱাৰি। ইয়াৰ বাবে সমাজৰ মানসিকতাৰ পৰিৱৰ্তন অতিশয় প্ৰয়োজনীয়। আমি লিংগ-ভিত্তিক বৈষম্যৰ মানসিকতা পৰিহাৰ কৰা মাত্ৰেকেহে আমি প্ৰকৃতাৰ্থত সমাজত সমতা প্ৰতিষ্ঠা কৰিব পাৰিম।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰকৃত অৰ্থত উন্নয়ন সাধন কৰিবলৈ হ’লে আমি দেশৰ জনসংখ্যাৰ প্ৰায় আধা অংশ মহিলাসকলৰ সম অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব। আমি ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। আমাৰ দেশখন দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আৰু নাগৰিকৰ পূৰ্ণ সম্ভাৱনাক ৰাষ্ট্ৰীয় লাভালাভৰ বাবে বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মহিলাসকলক কেৱল ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰাই নহয়, বৰঞ্চ সেই সপোন পূৰণৰ প্ৰতিটো পদক্ষেপতে তেওঁলোকক সহায় কৰাটোও অতিশয় প্ৰয়োজনীয়। এটি ভীতি আৰু বৈষম্যমুক্ত পৰিবেশত নাৰীয়ে ৰাষ্ট্ৰ-নিৰ্মাণৰ দিশত যৎপৰোনাস্তি অৰিহণা যোগাব পাৰে। তেওঁ কয় যে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলো নাগৰিকে প্ৰতিগৰাকী কন্যাক শিক্ষা আৰু সম সুযোগ, মহিলাৰ সন্মান আৰু সুৰক্ষাক অগ্ৰাধিকাৰ প্ৰদান তথা সমাজত প্ৰচলিত সকলো ধৰণৰ বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণৰ সংকল্প গ্ৰহণ কৰিব লাগে। এনে প্ৰচেষ্টা গ্ৰহণেৰে আমি বিশ্বৰ আগত নাৰী সবলীকৰণৰ আদৰ্শ দাঙি ধৰিব পাৰো।

ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ চাবলৈ অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক-

 

***

MJPS/PRK/SB


(ৰিলিজ আই ডি : 2236735) অতিথি কক্ষ : 10