গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ওড়িশাৰ মুণ্ডলীত চিআইএছএফৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে

সাহস, নিষ্ঠা আৰু ত্যাগৰ সমাৰ্থক চিআইএছএফে আধুনিকতাক আঁকোৱালি লৈছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ঢাল হৈ পৰিছে

প্ৰতিষ্ঠাৰ ৫৬ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ঔদ্যোগিক সুৰক্ষাৰ ক্ষেত্ৰত শূন্যৰ পৰা শিখৰলৈ উন্নীত হোৱা চিআইএছএফ ভাৰতৰ ঔদ্যোগিক উন্নয়নৰ দৃষ্টিভংগীৰ বাবে অপৰিহাৰ্য হৈ পৰিছে

সংসদ ভৱন, ডাঙৰ ডাঙৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু জটিল আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰমাণ কৰা চিআইএছএফ এতিয়া দেশৰ বন্দৰসমূহৰ নিৰাপত্তাৰ বাবেও দায়বদ্ধ হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত দেশখনক সম্পূৰ্ণৰূপে উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই লক্ষ্যত উপনীত হোৱাত চিআইএছএফে অনুঘটকৰ ভূমিকা পালন কৰিছে

সমগ্ৰ ভাৰতৰ ৭০টা বিমানবন্দৰকে ধৰি ৩৬১টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানক সুৰক্ষা প্ৰদান কৰা চিআইএছএফকো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ড্ৰ’ন সুৰক্ষাৰ বাবে ন’ডেল এজেন্সী হিচাপে চিহ্নিত কৰিছে

অনাগত দিনত চিআইএছএফে ব্যক্তিগত ঔদ্যোগিক গোটকো হাইব্ৰিড মোডত নিৰাপত্তা প্ৰদান কৰিব

নক্সালবাদ নিঃশেষ কৰাৰ পথত চিআইএছএফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

তিৰুপতিৰ পৰা পশুপতিনাথ মন্দিৰলৈ ৰেড কৰিডৰৰ সপোন দেখা নক্সালবাদীসকল ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত আমাৰ নিৰাপত্তা বাহিনীৰ হাতত সম্পূৰ্ণৰূপে পৰাস্ত হ’ব

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৮৯০ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া চিআইএছএফৰ তিনিটা আৱাসিক কমপ্লেক্স (কামৰূপ, নাচিক আৰু ছিহোৰ)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুটা আৱাসিক কমপ্লেক্স (ৰাজৰহাট আৰু দিল্লী) উদ্বোধন কৰে

পোষ্ট কৰা হৈছে: 06 MAR 2026 2:45PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ওড়িশাৰ মুণ্ডলীত চি আই এছ এফৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৮৯০ কোটি টকা ব্যয়সাপেক্ষে চিআইএছএফৰ তিনিটা আৱাসিক কমপ্লেক্স (কামৰূপ, নাছিক আৰু ছিহোৰ)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুটা আৱাসিক কমপ্লেক্স (ৰাজৰহাট আৰু দিল্লী) উদ্বোধন কৰে। এই উপলক্ষে  অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝী, কেন্দ্ৰীয় গৃহ সচিব আৰু চি আই এছ এফৰ সঞ্চালকপ্ৰধানৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি ৫৬ বছৰ সম্পূৰ্ণ কৰি চিআইএছএফ শূন্যৰ পৰা ঔদ্যোগিক সুৰক্ষাৰ শিখৰলৈ উঠিছে, যিটো বাহিনীটোৰ নিৰন্তৰ প্ৰচেষ্টাৰ কাহিনী। তেওঁ কয় যে ঔদ্যোগিক উন্নয়ন অবিহনে শক্তিশালী ৰাষ্ট্ৰীয় অৰ্থনীতি আৰু ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী সাধন কৰিব নোৱাৰি। তেওঁ কয় যে ঔদ্যোগিক উন্নয়নৰ বাবে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ প্ৰয়োজন। শ্ৰী শ্বাহে লগতে কয় যে বিগত ৫৬ বছৰত চিআইএছএফে কেৱল নিজৰ প্ৰতিষ্ঠাৰ লক্ষ্য পূৰণ কৰাই নহয়, সকলো ধৰণৰ প্ৰত্যাহ্বানৰ পৰা শিক্ষা লাভ কৰাৰ লগতে পৰিস্থিতিৰ লগত খাপ খুৱাবলৈও চেষ্টা কৰিছে। তেওঁ কয় যে চি আই এছ এফে আধুনিকতাক আঁকোৱালি লোৱাৰ লগতে পৰম্পৰাকো জীয়াই ৰাখিছে। তেওঁ কয় যে ভাৰতৰ চহকী ইতিহাসৰ সৈতে শৌৰ্ষ, ত্যাগ, সমৰ্পণৰ পৰম্পৰাক সংযুক্ত কৰি চিআইএছএফে আধুনিক অস্ত্ৰৰে সজ্জিত হৈ সকলো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস প্ৰদৰ্শন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে চি আই এছ এফৰ অবিহনে ভাৰতৰ ঔদ্যোগিক বিকাশৰ কল্পনা কৰিব নোৱাৰি। তেওঁ কয় যে চিআইএছএফ সদায় ৰাষ্ট্ৰৰ ঢাল হিচাপে শক্তিশালীভাৱে থিয় দি আহিছে। শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে সকলো বন্দৰৰ নিৰাপত্তাৰ দায়িত্ব চি আই এছ এফৰ ওপৰত ন্যস্ত কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ সন্মুখত দুটা গুৰুত্বপূৰ্ণ সংকল্প আগবঢ়াইছে- ২০৪৭ চনৰ ভিতৰত ভাৰত এখন সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হ’ব আৰু প্ৰতিটো ক্ষেত্ৰতে বিশ্বজুৰি শীৰ্ষ স্থানত উপনীত হ’ব, আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’ব। শ্ৰী শ্বাহে কয় যে চি আই এছ এফে এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অনুঘটকৰ ভূমিকা পালন কৰি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চি আই এছ এফৰ জোৱানসকলৰ ত্যাগে দেশখনক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চিআইএছএফে কেতিয়াও নিজৰ কৰ্তব্যৰ পৰা আঁতৰি থকা নাই বুলি গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ৯টা ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক, দুটা শ্ৰেষ্ঠ বাহিনী পদক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত খেলুৱৈসকলক প্ৰদান কৰা পদকসমূহ চিআইএছএফৰ প্ৰতিটো ক্ষেত্ৰতে পাৰদৰ্শিতা দেখুৱাবলৈ সাজু হোৱাৰ প্ৰমাণ। শ্ৰী শ্বাহে উল্লেখ কৰে যে ৫৬ বছৰত বীৰত্ব আৰু বিশিষ্ট সেৱাৰ বাবে ১৩,৬৯৩টা পদক লাভ কৰা চিআইএছএফে এক অন্যতম শক্তি হিচাপে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে আজি ৮৯০ কোটি টকাৰ পাঁচটা ভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। তেওঁ উল্লেখ কৰে যে আমাৰ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক সুবিধা প্ৰদান কৰিবলৈ ৰাজাৰহাট আৱাসিক কমপ্লেক্স আৰু মৈদানগড়ী আৱাসিক কমপ্লেক্স সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয় যে আজি ইয়াত চি আই এছ এফৰ বাৰ্ষিক আলোচনী ছেণ্টিনেল’ও মুকলি কৰা হয়।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি চিআইএছএফে ৭০টা বিমানবন্দৰকে ধৰি দেশৰ ৩৬১টা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানক নিৰাপত্তা প্ৰদান কৰি আছে। তেওঁ লগতে কয় যে চিআইএছএফক ড্ৰ’ন নিৰাপত্তাৰ বাবে ন’ডেল এজেন্সীৰ ভূমিকাও দিয়া হৈছে। তেওঁ লগতে উল্লেখ কৰে যে বিগত এটা বছৰত চিআইএছএফক কৰ্তব্য ভৱন, সেৱা তীৰ্থ, নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নৱী মুম্বাই বিমানবন্দৰ, লেংপুই বিমানবন্দৰ, জৱাহৰপুৰ তাপ বিদ্যুত প্ৰকল্প, ভাক্ৰা বান্ধ প্ৰকল্প আদিকে ধৰি কেইবাটাও প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে বিমানবন্দৰৰ নিৰাপত্তা গ্ৰহণ কৰাৰ পিছত চিআইএছএফে দেশৰ বিশাল সামুদ্ৰিক সীমান্তত অৱস্থিত বন্দৰসমূহকো নিৰাপত্তা প্ৰদান কৰিব। তেওঁ কয় যে চাৰি বছৰ পূৰ্বে চিআইএছএফক ব্যক্তিগত ঔদ্যোগিক গোটসমূহকো নিৰাপত্তা প্ৰদান কৰিবলৈ হাইব্ৰিড মডেল প্ৰস্তুত কৰিবলৈ অনুৰোধ জনোৱা হৈছিল আৰু আজি বাহিনীটো অতি আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত। তেওঁ লগতে কয় যে আগন্তুক দিনত চি আই এছ এফে ব্যক্তিগত উদ্যোগিক গোটসমূহক হাইব্ৰিড মোডতো নিৰাপত্তা প্ৰদান কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মোদী চৰকাৰে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশখনক নক্সালবাদৰ পৰা মুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এই প্ৰচেষ্টাত চি আই এছ এফে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে ওড়িশা, ছত্তীশগড় আৰু তেলেংগানাত নক্সালবিৰোধী অভিযানত চিআইএছএফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে ৩১ মাৰ্চৰ ভিতৰত দেশখন সম্পূৰ্ণৰূপে নক্সালবাদৰ পৰা মুক্ত হ’ব আৰু তিৰুপতিৰ পৰা পশুপতিনাথলৈ ৰেড কৰিডৰৰ সপোন দেখাসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰি আমাৰ নিৰাপত্তা বাহিনীসমূহে নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমাৰ নিৰাপত্তা বাহিনীৰ বাবে ইয়াক এক উল্লেখযোগ্য কৃতিত্ব বুলি অভিহিত কৰে তেওঁ। তেওঁ লগতে কয় যে আজি আমি দেশখনক নক্সালবাদৰ পৰা মুক্ত কৰাৰ দিশে আগবাঢ়িছো। শ্ৰী শ্বাহে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য ২০৪৭ চনৰ ভিতৰত সমগ্ৰ দেশখনক উন্নত কৰি বিকশিত ভাৰত গঢ়ি তোলা, আৰু দেশৰ আভ্যন্তৰীণ তথা বহিঃ সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। তেওঁ লগতে কয় যে দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সীমান্তত আৰু সীমান্তৰ ভিতৰত নিজৰ ভূমিকা পালন কৰিবলৈ সম্পূৰ্ণ সাজু।

 

 

*****

 

RK/PR/PS/KD


(ৰিলিজ আই ডি : 2236031) অতিথি কক্ষ : 58