প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰকৃতাৰ্থত নবীকৃত অংশীদাৰিত্বৰ বাবে গঢ় লৈ উঠা শক্তিশালী আধাৰৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 MAR 2026 10:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে কয় যে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰকৃতাৰ্থত নৱীকৃত অংশীদাৰিত্বৰ এক সুদৃঢ় ভেটি গঢ় লৈ উঠিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে দুয়োখন দেশৰ জনসাধাৰণৰ বাবে বিশ্বাস, বিকাশ, উদ্ভাৱন আৰু উমৈহতীয়া সমৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে তেওঁ একেলগে কাম কৰিবলৈ আগ্ৰহী।
কানাডাৰ প্ৰধানমন্ত্ৰীৰ এক্সৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
“আপুনি একেবাৰে সঠিক কৈছে প্ৰধানমন্ত্ৰী কাৰ্নি। আপোনাৰ ভ্ৰমণে প্ৰকৃতাৰ্থত নবীকৃত অংশীদাৰিত্বৰ বাবে এক শক্তিশালী আধাৰ গঢ়ি তুলিছে।
আমাৰ দেশসমূহৰ জনসাধাৰণৰ বাবে আস্থা, বিকাশ, উদ্ভাৱন আৰু উমৈহতীয়া সমৃদ্ধিৰ দ্বাৰা নিৰ্ধাৰিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে আপোনাৰ সৈতে একেলগে কাম কৰিবলৈ মই আগ্ৰহী।
@MarkJCarney”
****
MJPS/ST/DB
(ৰিলিজ আই ডি : 2235229)
অতিথি কক্ষ : 67
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam