গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বিশ্ব বন্যপ্ৰাণী দিৱসত প্ৰকৃতিৰ সৈতে সমন্বয়েৰে জীয়াই থকাৰ ভাৰতৰ চিৰন্তন মনোভাবক পুনৰ দৃঢ় কৰাৰ আহ্বান জনায়
আপুৰুগীয়া বাঘৰ পৰা আৰম্ভ কৰি সৰু সৰু প্ৰজাতিলৈকে প্ৰতিটো জীৱই আমাৰ পাৰিৱেশিক ভাৰসাম্য বৰ্তাই ৰখাত অৰিহণা যোগায়
এই দিনটোৱে অনাগত প্ৰজন্মৰ বাবে বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ৰাষ্ট্ৰৰ সংকল্প আৰু অধিক সুদৃঢ় কৰে
পোষ্ট কৰা হৈছে:
03 MAR 2026 1:15PM by PIB Guwahati
আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰকৃতিৰ সৈতে সমন্বয়েৰে জীয়াই থকাৰ ভাৰতৰ চিৰন্তন মনোভাৱক পুনৰ দৃঢ় কৰিবলৈ নাগৰিকসকলক আহ্বান জনায়।
এক্সত প্ৰকাশিত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, "বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে আহক আমি প্ৰকৃতিৰ সৈতে সমন্বয়েৰে জীয়াই থকাৰ ভাৰতৰ চিৰন্তন মনোভাবক পুনৰ দৃঢ় কৰোঁ। আপুৰুগীয়া বাঘৰ পৰা আৰম্ভ কৰি সৰু সৰু প্ৰজাতিলৈকে প্ৰতিটো জীৱই আমাৰ পাৰিৱেশিক ভাৰসাম্য বৰ্তাই ৰখাত অৰিহণা যোগায়। এই দিনটোৱে অনাগত প্ৰজন্মৰ বাবে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আমাৰ সংকল্প আৰু অধিক সুদৃঢ় কৰক।"
***
RK/RR/PR/PS/KD
(ৰিলিজ আই ডি : 2234996)
অতিথি কক্ষ : 60
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam