প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুডুচেৰীত ২,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত আগবঢ়োৱা ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

পোষ্ট কৰা হৈছে: 01 MAR 2026 6:03PM by PIB Guwahati

পুডুচেৰীত ২,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপনৰ সময়ত প্ৰদান কৰা ভাষণৰ কিয়দাংশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এলানি পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কয়;

পুডুচেৰীৰ সুন্দৰ জনসাধাৰণৰ মাজত উপস্থিত হ'বলৈ পাই মই আনন্দিত হৈছো। আজি, একাধিক উন্নয়নমূলক কাম আৰম্ভ কৰা হৈছে, যিয়ে জীৱন ধাৰণৰ সহজতা বৃদ্ধি কৰাৰ লগতে এই অঞ্চলৰ অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰিব।

ৱনক্কম পুডুচেৰী!

পুডুচেৰীৰ মোৰ ভাতৃ-ভগ্নীসকলৰ মাজত উপস্থিত হৈ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ বাবে মই অতিশয় আনন্দিত। ডাবল ইঞ্জিন এনডিএ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে ব্যাপক হাৰত কাম কৰিছে।

 

বিগত পাঁচ বছৰত পুডুচেৰীয়ে 'বেষ্ট পুডুচেৰী' গঢ়াৰ লক্ষ্যৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

 

“এইদৰেই আমি পুডুচেৰীৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰি তুলিছো...”

আমি পুডুচেৰীক চিকিৎসা পৰ্যটন আৰু সামগ্ৰিক স্বাস্থ্য সেৱাৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলিব বিচাৰো।

 

কংগ্ৰেছে দিল্লীৰ এটা পৰিয়ালক সেৱা আগবঢ়াবলৈ পুডুচেৰীক এটিএম হিচাপে গঢ় দিছিল। সেইবাবেই পুডুচেৰীবাসীয়ে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলক কেতিয়াও ভোট নিদিয়ে।”

****

MJPS/Dr. Pavan Khedkar/DB


(ৰিলিজ আই ডি : 2234573) অতিথি কক্ষ : 48