গৃহ মন্ত্ৰালয়
কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় মন্ত্রী শ্রী অমিত শ্বাহে প্রথমবাৰৰ বাবে ৰঞ্জী ট্রফী জয় কৰাৰ বাবে জম্মু-কাশ্মীৰক অভিনন্দন জনায়
অঞ্চলটোৰ প্ৰতিগৰাকী যুৱক-যুৱতীলৈ আৰু বিশেষকৈ এই ইতিহাসৰ চিত্ৰনাট্য ৰচনা কৰা টিম জম্মু-কাশ্মীৰলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ
এয়া এনে এক মুহূৰ্ত যিয়ে প্ৰতিজন নাগৰিকৰ মন অপৰিসীম গৌৰৱেৰে ভৰাই তুলিছে
ইয়াত এই বাস্তৱতাক প্ৰতিফলিত কৰা হৈছে যে জম্মু-কাশ্মীৰত যি নতুন পৰিৱৰ্তন আহিছে, সেয়াই হৈছে ইয়াৰ যুৱক-যুৱতীসকলৰ নতুন পৰিচয়
শান্তি, প্ৰগতি, সমৃদ্ধিৰ মন্ত্ৰই হৈছে নতুন জম্মু-কাশ্মীৰৰ চালিকা শক্তি
পোষ্ট কৰা হৈছে:
28 FEB 2026 6:19PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী জয় কৰাৰ বাবে জম্মু-কাশ্মীৰক অভিনন্দন জনায়।
‘এক্স’ৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফী জয় কৰাৰ বাবে অঞ্চলটোৰ প্ৰতিজন যুৱক-যুৱতীলৈ আৰু বিশেষকৈ এই ইতিহাসৰ চিত্ৰনাট্য ৰচনা কৰা টিম জম্মু-কাশ্মীৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো প্ৰতিজন নাগৰিকক অপৰিসীম গৌৰৱেৰে ভৰাই তোলা এয়া এক মুহূৰ্ত আৰু জম্মু-কাশ্মীৰক ঢৌৱাই যোৱা নতুন পৰিৱৰ্তন যে ইয়াৰ যুৱক-যুৱতীসকলৰ নতুন পৰিচয় সেই বাস্তৱতাক প্ৰতিফলিত কৰে। শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ মন্ত্ৰই হৈছে নতুন জম্মু-কাশ্মীৰৰ চালিকা শক্তি।”
****
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2234066)
অতিথি কক্ষ : 4