প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী মাৰুফ ৰাজা জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 26 FEB 2026 10:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মৰুফ ৰাজা জীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁৰ উত্তৰাধিকাৰৰ সন্মান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰী মাৰুফ ৰাজা জীয়ে সাংবাদিকতাৰ জগতলৈ চহকী অৱদান আগবঢ়াইছিল। তেওঁ উল্লেখ কৰে যে শ্ৰী ৰাজাই প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু কৌশলগত বিষয়ৰ সুক্ষ্ম বিশ্লেষণ কৰি ইয়াক   সমৃদ্ধ কৰিছিল।

 প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুত  অত্যন্ত দুখী বুলি উল্লেখ কৰি তেওঁৰ  পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে :

"শ্ৰী মাৰুফ ৰাজা জীয়ে সাংবাদিকতাৰ জগতখনলৈ এক উল্লেখনীয় অৱদান আগবঢ়াইছিল। প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে কৌশলগত বিষয়ৰ ক্ষেত্ৰত সুক্ষ্ম বিশ্লেষণ কৰি ইয়াক সমৃদ্ধ কৰিছিল।

 

 

***

MJPS/PKK/DM


(ৰিলিজ আই ডি : 2233348) অতিথি কক্ষ : 3