ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

ভাৰতে বৰ্তমানৰ ৩৮,০০০ জিপিইউত ২০,০০০ জিপিইউ যোগ কৰি নিজৰ ৰাষ্ট্ৰীয় এ আই আন্তঃগাঁথনি শক্তিশালী কৰিব; ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ৰ দ্বিতীয় দিনা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰা

প্ৰযুক্তিক সকলোৰে বাবে সুলভ কৰি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে ভাৰতৰ এ আই কৌশলে : শ্ৰী বৈষ্ণৱ

অহা দুবছৰত ২০০ বিলিয়ন ডলাৰতকৈ অধিক এ আই বিনিয়োগৰ আশা কৰা হৈছে

ভাৰতৰ স্বতন্ত্ৰ এ আই আৰ্হি বিশ্ব মানদণ্ডৰ সৈতে সামঞ্জস্যপূৰ্ণ, যাৰ ফলত ভাৰতক শীৰ্ষ তিনিখন এ আই ৰাষ্ট্ৰৰ ভিতৰত স্থান দিয়া হৈছে

ভাৰতৰ এ আই ছেফটি ইনষ্টিটিউটে এ আইৰ অপব্যৱহাৰ ৰোধৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰিছে বুলি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে কয়

পোষ্ট কৰা হৈছে: 17 FEB 2026 5:14PM by PIB Guwahati

ভাৰতে আগন্তুক সময়ত বৰ্তমানৰ ৩৮,০০০ জিপিইউৰ লগত ২০,০০০ অতিৰিক্ত জিপিইউ সংযোজন কৰি নিজৰ কম্পিউট ক্ষমতা বৃদ্ধি কৰিব। ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ৰ দ্বিতীয় দিনা এই ঘোষণা কৰে কেন্দ্ৰীয় ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে। তেওঁ কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ এ আই কৌশলৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ হব, যি প্ৰধানতঃ কম্পিউট আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ আৰু দায়িত্বশীল এ আইৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

 

সন্মিলনত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰী বৈষ্ণৱে লগতে কয় যে দায়িত্বশীল এ আইৰ বিকাশ আৰু স্বাস্থ্যসেৱা তথা শিক্ষাৰ দৰে খণ্ডত ইয়াৰ ব্যাপক ব্যৱহাৰৰ ওপৰত গুৰুত্ব অব্যাহত আছে যাতে এ আয়ে সকলোকে উপকৃত কৰাটো নিশ্চিত কৰিব পাৰে।

 

শ্ৰী বৈষ্ণৱে এই কথাতো গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ এ আই কৌশলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তি সকলোৰে বাবে সুলভ কৰি তোলাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। তেওঁ বুজাই দিয়ে যে ভাৰত আন বহু দেশৰ দৰে নহয়, য’ত এ আইৰ আন্তঃগাঁথনি নিৰ্বাচিত কেইটামান কোম্পানীয়ে নিয়ন্ত্ৰণ কৰে। ভাৰতে নিজৰ বৃহত জনসংখ্যাক এ আই কম্পিউটৰ সুবিধা প্ৰদান কৰিছে।

 

লগতে উপস্থিত থাকে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি, বাণিজ্য আৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদা; ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ সচিব শ্ৰী এছ কৃষ্ণন; আৰু ইণ্ডিয়া এ আই মিছনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অভিষেক সিং।

 

১৬–২০ ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী, মন্ত্ৰীসকলৰ লগতে বিশ্ব প্ৰযুক্তিৰ নেতা, গৱেষক, বহুপক্ষীয় প্ৰতিষ্ঠান, উদ্যোগৰ অংশীদাৰ, ষ্টাৰ্টআপ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

 

মন্ত্ৰীগৰাকীয়ে শীৰ্ষ সন্মিলনত গোলকীয় শক্তিশালী অংশগ্ৰহণৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলে প্ৰায় ২০খন অধিবেশনৰ আঁত ধৰে, যি বিশ্বৰ এ আই নেতাসকলৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে সমগ্ৰ দলটোৱে বিশ্বৰ সৰ্ববৃহৎ এ আই সন্মিলনৰ আয়োজন কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে।

 

বিনিয়োগৰ সুযোগ সন্দৰ্ভত আশাবাদী শ্ৰী বৈষ্ণৱে কয় যে অহা দুবছৰত ২০০ বিলিয়ন ডলাৰৰো অধিক বিনিয়োগৰ সম্ভাৱনা আছে। তেওঁ ডিপ-টেক ষ্টাৰ্টআপৰ প্ৰতি ভেঞ্চাৰ কেপিটেল ফাৰ্মসমূহৰ দায়বদ্ধতাক লক্ষ্য কৰি কয় যে এ আই ষ্টেকৰ পাঁচোটা স্তৰতে বিনিয়োগ হৈ আছে। তেওঁ লগতে কয় যে ভেঞ্চাৰ কেপিটেল ফাৰ্ম আৰু অন্যান্য বিনিয়োগকাৰীসকলেও বৃহৎ সমাধান আৰু অগ্ৰণী এপ্লিকেচনৰ বাবে ধন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

 

মন্ত্ৰীগৰাকীয়ে কয় যে আই টি উদ্যোগ ভাৰতৰ অন্যতম শক্তিশালী দিশ আৰু প্ৰতিটো প্ৰযুক্তিগত পৰিৱৰ্তন উদ্যোগ, শিক্ষা আৰু চৰকাৰৰ যুটীয়া প্ৰচেষ্টাৰ দ্বাৰা ই পৰিচালিত হ’ব লাগে। তেওঁ ব্যাখ্যা কৰে যে বৰ্তমান তিনিটা ডাঙৰ পৰিসৰত কাম চলি আছে। সেইবোৰ হল- বৰ্তমানৰ কৰ্মশক্তিক পুনৰ দক্ষ আৰু উন্নীতকৰণ, নতুন প্ৰতিভাৰ বাবে এক গাঁথনিগত পৰিৱেশতন্ত্ৰ গঢ়ি তোলা, আৰু ভৱিষ্যত প্ৰজন্মক উদীয়মান প্ৰযুক্তিৰ বাবে সাজু হোৱাটো নিশ্চিত কৰা। তেওঁ উল্লেখ কৰে যে এই তিনিটা প্ৰচেষ্টা সমান্তৰালভাৱে আগবাঢ়িছে।

 

শক্তি দক্ষতাৰ কথা উল্লেখ কৰি শ্ৰী বৈষ্ণৱে উল্লেখ কৰে যে ভাৰত এনে কেইখনমান দেশৰ ভিতৰত অন্যতম য’ত ভাৰতৰ শক্তি উৎপাদন ক্ষমতাৰ ৫০ শতাংশতকৈ অধিক স্বচ্ছ উৎসৰ পৰা আহে, যিটো বৰ্তমান প্ৰায় ৫১ শতাংশ। এযা দেশৰ বাবে যথেষ্ট উপকাৰী। তেওঁ কয় যে তিনি বছৰ পূৰ্বে আৰম্ভ কৰা ভৱিষ্যত দক্ষতা কাৰ্যসূচী এতিয়া এ আই ভিত্তিক পুনৰ দক্ষতাৰ বাবে ৰূপায়ণ কৰা হৈছে। শিক্ষা মন্ত্ৰালয় আৰু এআইচিটিইয়ে পাঠ্যক্ৰম সংশোধন কৰি প্ৰতিভাক উন্নীত কৰি ৰাখিবলৈ আৰু নৱপ্ৰজন্মক নতুন সুযোগৰ বাবে প্ৰস্তুত কৰিবলৈ কাম কৰি আছে।

 

ভাৰতৰ সাৰ্বভৌম এ আই মডেলৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শীৰ্ষ সন্মিলনত মুকলি কৰা বহু মডেলৰ পৰীক্ষা আৰু মূল্যায়ন একাধিক পেৰামিটাৰৰ বিপৰীতে কৰা হৈছিল। তেওঁ ব্যাখ্যা কৰে যে গোলকীয় মডেলৰ সৈতে তুলনা কৰিলে বহু ভাৰতীয় মডেলে কেইবাটাও প্ৰধান আন্তঃৰাষ্ট্ৰীয় এ আই ব্যৱস্থাতকৈ অধিক ৰেটিং লাভ কৰিছে, যি ভাৰতৰ উদ্ভাৱন সম্ভাৱনাক প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে ষ্টেনফৰ্ডে ভাৰতক বিশ্বৰ শীৰ্ষ তিনিখন এ আই ৰাষ্ট্ৰৰ ভিতৰত স্থান দিছে।

 

এ আইৰ অপব্যৱহাৰৰ সম্ভাৱনাক স্বীকাৰ কৰি তথ্য আৰু প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে এ আইৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰিবলৈ আৰু ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰিবলৈ টেকন’-লিগেল পদ্ধতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। এই পদ্ধতিয়ে কাৰিকৰী সমাধান আৰু নিয়ন্ত্ৰণ কাঠামোৰ সংমিশ্ৰণ ঘটায়। তেওঁ উল্লেখ কৰে যে কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে কাম কৰা ভাৰ্চুৱেল প্ৰতিষ্ঠান ভাৰতীয় এ আই ছেফটি ইনষ্টিটিউটে এ আইৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কাৰিকৰী সমাধান প্ৰস্তুত কৰি আছে।

 

ইয়াৰ আঞ্চলিক প্ৰয়োগৰ ক্ষেত্ৰত শ্ৰী বৈষ্ণৱে এ আইক পঞ্চম ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰা বুলি অভিহিত কৰে, যি অৰ্থনীতি আৰু সমাজৰ প্ৰতিটো খণ্ডতে প্ৰভাৱ পেলায়। তেওঁ শীৰ্ষ সন্মিলনত প্ৰদৰ্শিত স্বাস্থ্যসেৱা সমাধানৰ কথা উল্লেখ কৰে, যি স্বাস্থ্যসেৱাক সুলভ কৰি তুলিব পাৰে আৰু প্ৰতিজন শিক্ষাৰ্থীৰ বাবে নিৰ্দিষ্ট শিক্ষণ সক্ষম কৰা শিক্ষা সমাধানৰ কথা উল্লেখ কৰে।

 

চিপ বিকাশৰ সন্দৰ্ভত শ্ৰী বৈষ্ণৱে অৰ্ধপৰিবাহী অভিযানৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰি কয় যে অৰ্ধপৰিবাহী ২.০ মূলতঃ ডিজাইনৰ ওপৰত গুৰুত্ব দিব। তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে বৰ্তমানৰ উদ্ভাৱন আৰু উন্নয়নৰ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হৈ অনাগত বছৰবোৰত ভাৰতৰ পৰা কমেও ৫০টা ডিপ-টেক ষ্টাৰ্টআপ ওলোৱাৰ সম্ভাৱনা আছে।

 

বহনক্ষমতাৰ কথা উল্লেখ কৰি শ্ৰী বৈষ্ণৱে এ আই ডাটা চেণ্টাৰসমূহক শক্তি প্ৰদান কৰিবলৈ স্বচ্ছ শক্তিৰ বিনিয়োগ আৰু বিদ্যুত তথা পানীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে চলি থকা গৱেষণাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে উদীয়মান উদ্ভাৱনসমূহে ইংগিত দিয়ে যে এ আই আন্তঃগাঁথনিৰ দ্বাৰা শক্তিৰ ব্যৱহাৰ ৩৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পৰা যাব।

 

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সন্মিলনৰ প্ৰথম দিনটোত ২ লাখ ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে দায়িত্বশীল উদ্ভাৱনৰ বাবে এ আই ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই পদক্ষেপক গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত স্বীকৃতিৰ বাবে দাখিল কৰা হৈছে।

 

মন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে ভাৰত এ আইক দায়িত্বশীলভাৱে অনুসৰণ কৰিবলৈ, উদ্ভাৱনক উৎসাহিত কৰিবলৈ, আৰু সমাজৰ অধিক লাভৰ বাবে বিভিন্ন খণ্ডত ইয়াৰ ব্যাপক ব্যৱহাৰ নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

*****

 

MK/ PF/ MSZ/ PM/ KD


(ৰিলিজ আই ডি : 2233008) অতিথি কক্ষ : 25