তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-য়ে ভাৰতীয় চিনেমাই লাভ কৰা বিশ্বজোৰা স্বীকৃতি উদযাপন কৰে

‘বাফটা ২০২৬’-ত শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ সন্মান লাভ কৰে লক্ষ্মীপ্ৰিয়া দেৱীৰ ‘বুং’-য়ে

পোষ্ট কৰা হৈছে: 25 FEB 2026 8:45PM by PIB Guwahati

‘বাফটা চলচ্চিত্ৰ বঁটা ২০২৬’-ত লক্ষ্মীপ্ৰিয়া দেৱীৰ ‘বুং’-য়ে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ বঁটা লাভ কৰে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ লগতে ‘বাফটা চলচ্চিত্ৰ বঁটা ২০২৬’-ত শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ বঁটা লাভ কৰাৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা লক্ষ্মীপ্ৰিয়া দেৱী আৰু ‘বুং’-ৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। এই কৃতিত্বই ভাৰতীয় চিনেমাক গৌৰৱান্বিত কৰাৰ লগতে ভাৰতৰ বৈচিত্ৰ্যময় আৰু অৰ্থপূৰ্ণ গল্প-কথন পৰম্পৰাৰ প্ৰতি ক্ৰমবৰ্ধমান বিশ্বজোৰা স্বীকৃতিত আলোকপাত কৰে।

ভাৰতৰ চলচ্চিত্ৰ বিকাশ আৰু উৎসৱৰ পৰিতন্ত্ৰই ছবিখনৰ এই যাত্ৰাক সহায় কৰিছে। ২০২৩ চনত ‘ৱৰ্ক ইন প্ৰগ্ৰেছ লেব’ আৰু ‘ফিল্ম বজাৰ ৰিকমেণ্ডছ’-ৰ অধীনত প্ৰতিশ্ৰুতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাসকলক লালন-পালন আৰু বিশ্ব উদ্যোগৰ সতে সংযোগ সক্ষম কৰিবলৈ আৰ্হি কৰা পদক্ষেপ- ‘ফিল্ম বজাৰ’ত ‘বুং’-ক কিউৰেটেড কৰা হৈছিল। ইয়াৰ পিছত ২০২৪ চনত ‘ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত প্ৰদৰ্শিত হয় ‘বুং’, য’ত ছবিখনক শ্ৰেষ্ঠ আত্মপ্ৰকাশ কৰা পৰিচালক শিতানৰ বাবে নিৰ্বাচিত কৰা হয় আৰু সমালোচকসকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-য়ে ফিল্ম বজাৰ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে মঞ্চসমূহক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে যিয়ে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৱলীকৰণ নিশ্চিত কৰে, সৃষ্টিশীল উৎকৰ্ষতাক লালন-পালন কৰে, আৰু ভাৰতীয় চিনেমাক আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজলৈ যোৱাৰ পথ প্ৰশস্ত কৰে।

*****

 

Mahesh Kumar/KB


(ৰিলিজ আই ডি : 2232943) অতিথি কক্ষ : 6