কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
কেবিনেটে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্কৰ প্ৰায় ৩০৭ কিমি বৰ্ধনেৰে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডৰ ৮ জিলাক সামৰি তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়
এই প্ৰকল্পসমূহৰ মুঠ আনুমানিক ব্যয় ৯,০৭২ কোটি টকা আৰু ২০৩০-৩১ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব
পোষ্ট কৰা হৈছে:
24 FEB 2026 3:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে আজি ৰেল মন্ত্ৰালয়ৰ মুঠ ৯,০৭২ কোটি (প্ৰায়) টকা ব্যয় সাপেক্ষে ৩ (তিনি) প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ ভিতৰত আছেঃ
- গণ্ডিয়া – জবলপুৰ দ্বৈতকৰণ
- পুনাৰাখ - কিউল ৩য় আৰু ৪ৰ্থ লাইন
- গমহৰীয়া - চণ্ডিল ৩য় আৰু ৪ৰ্থ লাইন
মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ আৰু ঝাৰখণ্ডৰ ৮ খন জিলাক সামৰি ল’বলগীয়া এই ৩ (তিনি) প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ বৰ্তমানৰ নেটৱৰ্কৰ প্ৰায় ৩০৭ কিমি সম্প্ৰসাৰণ ঘটিব।
প্ৰস্তাৱিত মাল্টি-ট্ৰেকিং প্ৰকল্পই ৫,৪০৭ খন গাঁৱলৈ যোগাযোগ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। এইসমূহত প্ৰায় ৯৮ লাখ লোকে বসবাস কৰে।
এনে বৰ্ধিত লাইন ক্ষমতাই গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় ৰেলৱেৰ কাৰ্য্যকৰী দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতাৰ অগ্ৰগতি সাধন হ’ব। এই মাল্টি-ট্ৰেকিং প্ৰস্তাৱসমূহে অপাৰেচনক সুশৃংখলিত কৰাৰ লগতে ভিৰ দূৰ কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এখনি নব্য ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ যিয়ে অঞ্চলটোৰ জনসাধাৰণক অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ যোগেদি “আত্ম-নিৰ্ভৰ” কৰি তুলিব। প্ৰকল্প কেইটাই তেওঁলোকৰ কৰ্মসংস্থাপন/ স্ব-নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।
সংহত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ আধাৰত প্ৰকল্পসমূহ যুগুত কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ আহ-যাহ আৰু সৰবৰাহৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব।
এই প্ৰস্তাৱিত সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশৰ একাধিক বিখ্যাত পৰ্যটনস্থলীলৈ ৰেল যোগাযোগৰ সম্প্ৰসাৰণ ঘটিব। ইয়াৰ ভিতৰত আছে কাচনাৰ শিৱ মন্দিৰ (জবলপুৰ), কানহা ৰাষ্ট্ৰীয় উদ্যান (বালাঘাট), গাংগুলপাৰা বান্ধ আৰু জলপ্ৰপাত, পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান, ধুয়ান্ধাৰ জলপ্ৰপাত, বৰগী বান্ধ, গোমজী-সোমজী মন্দিৰ, চণ্ডিল বান্ধ, দলমা হিল টপ, হেছাকোচা জলপ্ৰপাত, ৰায়জামা ঘটি, দলমা বন্যপ্ৰাণী অভয়াৰণ্য ইত্যাদি।
এই প্ৰকল্পসমূহ কয়লা, তীখা, আইৰন অ’ৰ, চিমেন্ট, বেলেষ্ট আৰু ষ্ট’ন চিপছ, ফ্লাই এশ্ব, সাৰ, চূণশিল, মেংগানিজ, ডলমাইট, খাদ্যশস্য, পিঅ’এল আদি সামগ্ৰী সৰবৰাহৰ অপৰিহাৰ্য্য পথ হৈ উঠিব। ৰেলৱে পৰিবেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত প্ৰকল্পৰাজিয়ে জলবায়ু লক্ষ্যত উপনীত হোৱা আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস কৰা উভয়তে সহায় কৰিব। একেদৰে তেলৰ আমদানি হ্ৰাস (৬ কোটি লিটাৰ) আৰু নিম্ন কাৰ্বন ডাই-অক্সাইড (CO2) নিৰ্গমন (৩০ কোটি কিগ্ৰা) নিশ্চিত কৰিব। যি এক কোটি গছপুলি ৰোপণৰ সমতুল্য।
****
MJPS/SB
(ৰিলিজ আই ডি : 2232173)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam