গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনসাধাৰণৰ নেত্ৰী জে জয়াললিতাৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু মহিলা সবলীকৰণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে জয়াললিতাই তামিলনাডুৰ উন্নয়নক নতুনকৈ গঢ় দিছিল
জয়াললিতাই শাসনৰ জৰিয়তে প্ৰতিগৰাকী প্ৰান্তীয় ব্যক্তিক স্পৰ্শ কৰাটো নিশ্চিত কৰিছিল
জনসেৱাৰ প্ৰতি তেওঁৰ সমৰ্পণ সদায় এক অনুপ্ৰেৰণা হৈ থাকিব
পোষ্ট কৰা হৈছে:
24 FEB 2026 10:14AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনসাধাৰণৰ নেত্ৰী জে জয়াললিতাৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘এক্স’ত এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনসাধাৰণৰ নেত্ৰী জে জয়াললিতালৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দৰিদ্ৰ লোকসকলৰ কল্যাণ আৰু মহিলা সবলীকৰণৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে তেওঁ তামিলনাডুৰ উন্নয়নক পুনৰ গঠন কৰাৰ উপৰি প্ৰশাসনৰ জৰিয়তে প্ৰতিগৰাকী প্ৰান্তীয় ব্যক্তিক স্পৰ্শ কৰাটো নিশ্চিত কৰিছিল। জনসেৱাৰ প্ৰতি তেওঁৰ সমৰ্পণ সদায় এক অনুপ্ৰেৰণা হৈ থাকিব।’
***
RK / RR / PS / DD
(ৰিলিজ আই ডি : 2232030)
অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam