কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

গুজৰাটত ৪৫৮৩.৬৪ কোটি টকা মুঠ মূলধনী ব্যয়েৰে ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধমাছিয়া–বিতাডা/মোভি আৰু নাছৰপুৰ–মালোথা অংশ ফ’ৰলেনলৈ উন্নীতকৰণত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 14 FEB 2026 1:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে কালি গুজৰাটত ৪৫৮৩.৬৪ কোটি টকাৰ মুঠ মূলধনী ব্যয়েৰে হাম মোডত ধমাছিয়া–বিতাদা/মোভি (৪৭.৪৬কিলোমিটাৰ) আৰু নাছাৰপুৰ–মালোথা(৬০.২১ কিলোমিটাৰ)অংশসহ মুঠ ১০৭.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ফ’ৰলেনলৈ উন্নীতকৰণৰ এক প্ৰকল্পত অনুমোদন জনাইছে।

ৰাজস্থানৰ নিম্বাহেৰাৰ পৰা আৰম্ভ হৈ গুজৰাটৰ দহোদ জিলা, মধ্যপ্ৰদেশ ৰাজ্যৰ আলিৰাজপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হিচাপে এই প্ৰকল্পটো ছোটা উদেপুৰ জিলাৰ সমীপত পুনৰ গুজৰাটত প্ৰৱেশ কৰি বাপিৰ ওচৰৰ ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগস্থলত শেষ হৈছে।

অনুমোদিত প্ৰকল্পসমূহ নৰ্মদাৰ আকাংক্ষিত জিলাৰ মাজেৰে পাৰ হৈ যাব। ইয়াৰ দ্বাৰা দহোদ, ছোটা উদেপুৰ, টাপি আৰু ভাৰুচৰ জনজাতীয় অঞ্চলসমূহৰ সৈতে সংযোগ উন্নত হ’ব, যাৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত সহায়ক হ’ব। এই প্ৰকল্পৰ জৰিয়তে ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত কেৱাদিয়া গাঁৱত অৱস্থিত বিশিষ্ট ৰাষ্ট্ৰীয় পৰ্যটনস্থলী ষ্টেছ্যু অৱ ইউনিটীৰ সৈতেও সংযোগ উন্নত হ’ব।

প্ৰকল্পটো প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত যাব পৰাকৈ ডিজাইন কৰা হৈছে, যাৰ ফলত ৭০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গড় গতি সম্ভৱ হ’ব, যিয়ে যাত্ৰাৰ সময় ২.৫ ঘণ্টাৰ পৰা ১.৫ ঘণ্টালৈ ৪০% হ্ৰাস কৰিব।

১০৭.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অনুমোদিত প্ৰকল্পটোৱে প্ৰায় ১৯.৩৮ লাখ মানৱ দিন প্ৰত্যক্ষ নিয়োগ আৰু ২২.৮২ লাখ মানৱ দিন পৰোক্ষ নিয়োগ লাভ কৰিব। প্ৰস্তাৱিত কৰিডৰৰ কাষৰীয়া অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে এই প্ৰকল্পটোৱে অতিৰিক্ত কৰ্মসংস্থাপনৰ সুযোগতো উদগনি যোগাব।

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জৰিয়তে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৫৬নং ৰাষ্ট্ৰীয় ঘাইপথ (১৭৫ কিলোমিটাৰ)ৰ যানজঁট জাম্বুগাম (বোডেলী)-মালোথা অংশক চাৰিটা পেকেজৰ অধীনত ফ’ৰলেনলৈ উন্নীতকৰণৰ কাম হাতত লৈছে। জাম্বুগাম (বোডেলী)ৰ পৰা ধমাছিয়া আৰু মোভিৰ পৰা নাছাৰপুৰলৈকে ইতিমধ্যে অনুমোদন জনোৱা হৈছে আৰু ২০২৫ চনৰ নৱেম্বৰ মাহত ২ বছৰৰ লক্ষ্য সম্পূৰ্ণ হোৱাৰ সময়সীমাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। প্ৰকল্প পেকেজ সম্পূৰ্ণ হ’লে বোডেলীৰ পৰা মালোথালৈ অবিৰত ফ’ৰলেন সংযোগ স্থাপন কৰা হ’ব, যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ভিৰ হ্ৰাস পাব আৰু ৫৩নং ৰাষ্ট্ৰীয় ঘাইপথ, ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দিল্লী–মুম্বাই এক্সপ্ৰেছৱে (এনই-৪)ৰ সৈতে অধিক সংযোগ বৃদ্ধি পাব।

৫৬নং ৰাষ্ট্ৰীয় ঘাইপথত ধমাছিয়াবিতাড়া/মোভি (৪৭.৪৬ কিলোমিটাৰ) আৰু নাছাৰপুৰমালোথা (৬০.২১ কিলোমিটাৰ)ৰ বাবে অনুমোদিত প্ৰকল্পৰ মানচিত্ৰ

****

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2228102) অতিথি কক্ষ : 10