বিত্ত মন্ত্ৰালয়
ভাৰতৰ পৰৱৰ্তী বিকাশৰ পৰ্যায়ৰ সৈতে বিত্তীয় খণ্ডক একত্ৰিত কৰিবলৈ ‘বিকশিত ভাৰতৰ বাবে বেংকিঙৰ উচ্চ পৰ্যায়ৰ সমিতি’ৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ
চৰকাৰে শক্তি বিত্তীয় নিগম আৰু গ্ৰাম্য বিদ্যুৎ নিগম পুনৰ গঠন কৰি পৰিসৰ বৃদ্ধি আৰু কাৰ্যক্ষমতা উন্নত কৰিব
কেন্দ্ৰীয় বাজেটত কৰ্পৰেট বণ্ড সূচকাংকৰ বিষয়ত পুঁজিৰ উপযুক্ত প্ৰৱেশৰ সৈতে বজাৰ স্থাপনৰ কাঠামোৰ প্ৰস্তাৱ দিয়া হৈছে
উচ্চ মূল্যৰ পৌৰসভাৰ বণ্ড জাৰি কৰাৰক্ষেত্ৰত উৎসাহিত কৰিবলৈ ১০০০ কোটি টকাতকৈও অধিক একক বণ্ড জাৰি কৰাৰ বাবে ১০০ কোটি টকাৰ উদগনি
ভাৰতৰ বাহিৰত বাস কৰা ব্যক্তিগত ব্যক্তিক পৰ্টফলিঅ' বিনিয়োগ আঁচনিৰ জৰিয়তে তালিকাভুক্ত ভাৰতীয় কোম্পানীসমূহৰ ইকুইটি ব্যৱস্থাত বিনিয়োগ কৰাৰ অনুমতি দিয়া হ'ব
পোষ্ট কৰা হৈছে:
01 FEB 2026 12:45PM by PIB Guwahati
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত ‘বিকশিত ভাৰতৰ বাবে বেংকিঙৰ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতি’ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। আজি সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে তেওঁলোকে বিত্তীয় খণ্ডটোক বিস্তৃতভাৱে পৰ্যালোচনা কৰি ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিৰ সৈতে ইয়াক একাকাৰ কৰিব, একে সময়তে বিত্তীয় স্থিতিশীলতা, অন্তৰ্ভুক্তি আৰু গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰিব। কেন্দ্ৰীয় বাজেটত উল্লেখ কৰা হৈছে যে ভাৰতীয় বেংকিং খণ্ডৰ আজিৰ বৈশিষ্ট্য হৈছে শক্তিশালী বেলেন্স শ্বীট, লাভ অৰ্জনৰ প্ৰবণতা, সম্পত্তিৰ মান উন্নত কৰা আৰু দেশৰ ৯৮% গাঁৱক বেংকিং সেৱাৰে সামৰি লোৱা।কেন্দ্ৰীয় বাজেটত ৰাজহুৱা খণ্ডৰ এনবিএফচিসমূহৰ পৰিসৰ বৃদ্ধি আৰু দক্ষতা বৃদ্ধিৰ বাবে শক্তি বিত্ত নিগম আৰু গ্ৰাম্য বিদ্যুৎকৰণ নিগমৰ পুনৰ্গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। ঋণ প্ৰদান আৰু প্ৰযুক্তি গ্ৰহণৰ বাবে স্পষ্ট লক্ষ্যৰে বিক্ষীত ভাৰতৰ বাবে এনবিএফচিৰ দৃষ্টিভংগী ৰূপৰেখা দাঙি ধৰা হৈছে।

শ্ৰীমতী নিৰ্মলা সীতাৰমণে ভাৰতৰ বিকশিত অৰ্থনৈতিক অগ্ৰাধিকাৰৰ সৈতে সামঞ্জস্যপূৰ্ণ বিদেশী বিনিয়োগৰ বাবে অধিক সমসাময়িক, ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ কাঠামো সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় বাজেটত বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা (অঋণ যন্ত্ৰ) নিয়মৰ বিস্তৃত পৰ্যালোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে। কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত কৰ্পৰেট বণ্ড সূচকাংকত পুঁজি আৰু ডেৰাইভেটিভৰ উপযুক্ত প্ৰৱেশৰ সৈতে বজাৰ নিৰ্মাণৰ কাঠামোৰ লগতে কৰ্পৰেট বণ্ডৰ বিষয়ত মুঠ ৰিটাৰ্ণৰ প্ৰস্তাৱো দিয়া হৈছে।বৃহৎ চহৰসমূহে অধিক মূল্যৰ পৌৰসভাৰ বণ্ড জাৰি কৰিবলৈ উৎসাহিত কৰিবলৈ কেন্দ্ৰীয় বাজেটত ১০০০ কোটিতকৈ অধিক একক বণ্ড জাৰি কৰাৰ বাবে ১০০ কোটি টকাৰ উদগনিৰ প্ৰস্তাৱ দিয়া হৈছে।
অম্ৰুট(AMRUT) ৰ অধীনত বৰ্তমানৰ আঁচনিখনে ২০০ কোটি টকা পৰ্যন্ত উদগনিৰ কথা কৈছে। ই সৰু আৰু মজলীয়া চহৰকো সহায় কৰি যাব। ব্যৱসায় কৰাত সহজতা বৃদ্ধিৰ বাবে ভাৰতৰ বাহিৰত বাস কৰা ব্যক্তিগত ব্যক্তিক পৰ্টফলিঅ’ বিনিয়োগ আঁচনিৰ জৰিয়তে তালিকাভুক্ত ভাৰতীয় কোম্পানীসমূহৰ ইকুইটি ব্যৱস্থাত বিনিয়োগ কৰাৰ অনুমতি দিয়া হ’ব। কেন্দ্ৰীয় বাজেটত এই আঁচনিৰ অধীনত ব্যক্তিগত প্ৰ’আই( PROI)ৰ বাবে বিনিয়োগৰ সীমা ৫%ৰ পৰা ১০%লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত সকলো ব্যক্তিগত প্ৰ’আইৰ বাবে সামগ্ৰিক বিনিয়োগৰ সীমা বৰ্তমানৰ ১০%ৰ পৰা ২৪%লৈ বৃদ্ধি কৰা হৈছে ।
*****
NB/SB/NS/DM
(ৰিলিজ আই ডি : 2221869)
অতিথি কক্ষ : 31
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam