বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বায়'ফাৰ্মা শক্তি (জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ উন্নতিৰ কৌশল)ৰ প্ৰস্তাৱ
বৰ্তমানৰ মিত্ৰ স্বাস্থ্য পেছাদাৰী (এ এইচ পি) প্ৰতিষ্ঠানসমূহ উন্নীত কৰা হ’ব আৰু অহা ৫ বছৰত ১ লাখ নতুন এ এইচ পি যোগ কৰা হ’ব
জেৰিয়াট্ৰিক আৰু আনুসংগিক পৰিচৰ্যাৰ সেৱাৰ বাবে পৰিচৰ্যাৰ পৰিবেশতন্ত্ৰ গঢ়ি তোলা হ'ব, আগন্তুক বছৰত ১.৫ লাখ সেৱা প্ৰদানকাৰীক প্ৰশিক্ষণ দিয়া হ'ব
প্ৰস্তাৱিত ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰিত্বৰে পাঁচটা আঞ্চলিক চিকিৎসা কেন্দ্ৰ স্থাপনত ৰাজ্যসমূহক সহায় কৰাৰ আঁচনি
তিনিখন নতুন অল ইণ্ডিয়া ইনষ্টিটিউট অব আয়ুৰ্বেদ স্থাপন কৰা হ'ব
আয়ুষ ফাৰ্মাচী আৰু ড্ৰাগ টেষ্টিং লেব উন্নীত কৰা হ'ব
জামনগৰৰ গ্লোৱেল ট্ৰেডিছনেল মেডিচিন চেণ্টাৰৰ উন্নয়ন কৰা হ’ব
ৰাঁচি আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানসমূহক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠান হিচাপে উন্নীত কৰা হ’ব
জিলা চিকিৎসালয়ৰ জৰুৰীকালীন ক্ষমতা ৫০% বৃদ্ধি কৰিবলৈ জৰুৰীকালীন আৰু ট্ৰমা কেয়াৰ চেণ্টাৰ স্থাপন কৰা হ'ব
পোষ্ট কৰা হৈছে:
01 FEB 2026 1:03PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আজি সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট ২০২৬-২৭। বাজেট দাখিল কৰি দিয়া ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰখন ৩টা কৰ্তব্যৰ দ্বাৰা অনুপ্ৰাণিত হৈছে: (১) অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু ইয়াক বজাই ৰখা; (২) আকাংক্ষা পূৰণ কৰা আৰু জনসাধাৰণৰ সামৰ্থ্য বৃদ্ধি কৰা ; (৩) প্ৰতিটো পৰিয়াল, সম্প্ৰদায়, অঞ্চল আৰু খণ্ডই যাতে সম্পদৰ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা ।কেন্দ্ৰীয় বাজেটত তিনিওটা কৰ্তব্যৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে স্বাস্থ্যখণ্ডৰ দিশটোৰো আলোকপাত কৰা হৈছে। ভাৰতক বিশ্বজুৰি বায়’ফাৰ্মা উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় বাজেটত অহা ৫ বছৰত ১০,০০০ কোটি টকা ব্যয়ৰে বায়’ফাৰ্মা শক্তিৰ প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ দ্বাৰা জৈৱিক আৰু বায়’চিমিলাৰৰ ঘৰুৱা উৎপাদনৰ বাবে পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা হ’ব। যুৱক-যুৱতীসকলৰ বাবে দক্ষ কেৰিয়াৰৰ নতুন পথ সৃষ্টিৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডকে ধৰি একাধিক খণ্ডত পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। এইবোৰ তলত দিয়া ধৰণৰ:

(১) মিত্ৰ স্বাস্থ্য পেছাদাৰী (এ এইচ পি)ৰ বাবে বৰ্তমানৰ প্ৰতিষ্ঠানসমূহ উন্নীত কৰা হ’ব আৰু ব্যক্তিগত আৰু চৰকাৰী খণ্ডত নতুন এ এইচ পি প্ৰতিষ্ঠান স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা অপ্টোমেট্ৰি, ৰেডিঅ’লজি, এনাস্থেচিয়া, অ’টি প্ৰযুক্তি, প্ৰয়োগ মনোবিজ্ঞান আৰু আচৰণ স্বাস্থ্যকে ধৰি ১০টা নিৰ্বাচিত শাখা আৰু অহা ৫ বছৰত এক লাখ এএইচপি সংযোজন কৰা হ’ব।
(২) বিত্তমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে জেৰিয়াট্ৰিক আৰু সংশ্লিষ্ট যত্নসম্পৰ্কীয় সেৱাসমূহ সামৰি লোৱা এক শক্তিশালী কেয়াৰ ইক’চিষ্টেম গঢ়ি তোলা হ’ব। মূল যত্ন আৰু সংশ্লিষ্ট দক্ষতা, যেনে, সুস্থতা, যোগাসন আৰু চিকিৎসা আৰু সহায়ক যন্ত্ৰৰ পৰিচালনাৰ সংমিশ্ৰণেৰে বহু-দক্ষ যত্ন লোৱাসকলক প্ৰশিক্ষণ দিবলৈ বিভিন্ন ধৰণৰ এন এছ কিউএফ-সংলগ্ন কাৰ্যসূচী বিকশিত কৰা হ’ব।
তদুপৰি আগন্তুক বছৰত ডেৰ লাখ সেৱা প্ৰদানকাৰী লোকক প্ৰশিক্ষণ দিয়া হ’ব।
(৩) ভাৰতক চিকিৎসা পৰ্যটন সেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় বাজেটত ব্যক্তিগত খণ্ডৰ সৈতে অংশীদাৰিত্বৰে পাঁচটা আঞ্চলিক চিকিৎসা কেন্দ্ৰ স্থাপন কৰিবলৈ ৰাজ্যসমূহক সহায় কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ বাবে বাজেটত এখন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
এই হাবসমূহে চিকিৎসা, শৈক্ষিক আৰু গৱেষণাৰ সুবিধাসমূহ একত্ৰিত কৰিব পৰা সংহত স্বাস্থ্যসেৱা কমপ্লেক্স হিচাপে কাম কৰিব। সেইবোৰত আয়ুষ চেণ্টাৰ, মেডিকেল ভেল্যু টুৰিজিম ফেচিলিটেশ্যন চেণ্টাৰ আৰু ডায়েগনষ্টিক, পষ্ট কেয়াৰ আৰু পুনৰ্বাসনৰ বাবে আন্তঃগাঁথনি থাকিব। এই হাবসমূহে চিকিৎসক আৰু এ এইচ পিকে ধৰি স্বাস্থ্য পেছাদাৰীসকলৰ বাবে কামৰ সুযোগ প্ৰদান কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে ইতিমধ্যে বিশ্বৰ বহু ঠাইত সন্মানিত হোৱা প্ৰাচীন ভাৰতীয় যোগক মাননীয় প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘলৈ লৈ যোৱাৰ পিছত ইয়াক বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছিল। তদুপৰি ক’ভিডৰ পাছত আয়ুৰ্বেদেও একেধৰণৰ বিশ্বব্যাপী গ্ৰহণযোগ্যতা আৰু স্বীকৃতি লাভ কৰিছে। এই ক্ৰমবৰ্ধমান বিশ্বজোৰা চাহিদা পূৰণৰ বাবে আৰু কেইটামান পদক্ষেপৰ কথা ঘোষণা কৰা হয়।

বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে : (i) আয়ুৰ্বেদৰ ৩খন নতুন সৰ্বভাৰতীয় প্ৰতিষ্ঠান স্থাপন কৰা; (ii) প্ৰমাণীকৰণ পৰিৱেশ তন্ত্ৰৰ উচ্চ মানদণ্ডৰ বাবে আয়ুষ ফাৰ্মাচী আৰু ঔষধ পৰীক্ষণ লেবসমূহ উন্নীত কৰা আৰু অধিক দক্ষ কৰ্মী উপলব্ধ কৰা; (iii) জামনগৰত থকা বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল ট্ৰেডিচনেল মেডিচিন চেণ্টাৰক উন্নীত কৰি পৰম্পৰাগত চিকিৎসাৰ বাবে প্ৰমাণভিত্তিক গৱেষণা, প্ৰশিক্ষণ আৰু সজাগতাক শক্তিশালী কৰি তোলাৰ প্ৰস্তাৱ ।
উত্তৰ ভাৰতত মানসিক স্বাস্থ্যসেৱাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ অভাৱৰ কথাও উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। সেয়েহে কেন্দ্ৰীয় বাজেটত নিমহান্স-২ স্থাপন আৰু ৰাঁচি আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক আঞ্চলিক শীৰ্ষ প্ৰতিষ্ঠান হিচাপে উন্নীতকৰণৰ কথা ঘোষণা কৰা হয়। তদুপৰি, জৰুৰীকালীন আৰু ট্ৰমা কেয়াৰ চেণ্টাৰ স্থাপন কৰি জিলা চিকিৎসালয়সমূহৰ জৰুৰীকালীন ক্ষমতা শক্তিশালী কৰাৰ লগতে এই ক্ষমতা ৫০% বৃদ্ধি কৰা হ’ব।
****
NB/VM/BJK/DM
(ৰিলিজ আই ডি : 2221812)
অতিথি কক্ষ : 57
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
Malayalam
,
Gujarati
,
Bengali
,
Bengali-TR
,
English
,
Marathi
,
हिन्दी
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada