প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা এক্স-গ্ৰেচিয়া ঘোষণা কৰে

प्रविष्टि तिथि: 30 JAN 2026 6:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে লগতে ইয়াত আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটো অত্যন্ত মৰ্মান্তিক আৰু দুখজনক। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলক মই সমবেদনা জনাইছো। মই আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।

পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi"

****

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2221106) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil , Telugu , Malayalam