প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা এক্স-গ্ৰেচিয়া ঘোষণা কৰে
পোষ্ট কৰা হৈছে:
30 JAN 2026 6:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে লগতে ইয়াত আহত হোৱাসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“পশ্চিমবংগৰ আনন্দপুৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাটো অত্যন্ত মৰ্মান্তিক আৰু দুখজনক। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলক মই সমবেদনা জনাইছো। মই আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।
পিএমএনআৰএফ-ৰ পৰা প্ৰতিজন মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ এক্স-গ্ৰেচিয়া আগবঢ়োৱা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi"
****
MJPS/VJ/SB
(ৰিলিজ আই ডি : 2221106)
অতিথি কক্ষ : 30
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam