বিত্ত মন্ত্ৰালয়
বিশ্বজোৰা অনিশ্চিত ভূ-ৰাজনৈতিক পৰিস্থিতি সত্ত্বেও ভাৰতৰ মুদ্ৰা আৰু বিত্তীয় খণ্ড শক্তিশালী হৈ আছে: অৰ্থনৈতিক জৰীপ ২০২৫-২৬
সামাজিক লক্ষ্যৰ সৈতে সামষ্টিক অৰ্থনৈতিক লক্ষ্যৰ ভাৰসাম্য ৰক্ষা কৰি ভাৰতৰ মুদ্ৰানীতিয়ে মূল্যৰ স্থিতিশীলতা আৰু বিত্তীয় শক্তি বজাই ৰাখিবলৈ সক্ষম হোৱাৰ লগতে অন্তৰ্ভুক্ত বৃদ্ধিৰ প্ৰসাৰ ঘটাইছে
আৰ বি আইৰ সঠিক ব্যৱস্থাপনাই অৰ্থনীতিৰ উৎপাদনশীল প্ৰয়োজনীয়তা পূৰণ কৰি বেংকিং ব্যৱস্থাত পৰ্যাপ্ত তাৰল্য নিশ্চিত কৰিছে
পোষ্ট কৰা হৈছে:
29 JAN 2026 2:12PM by PIB Guwahati
বিশ্বজোৰা অনিশ্চয়তা, ভূ-ৰাজনৈতিক প্ৰবাহ আৰু দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ বৈশিষ্ট্যপূৰ্ণ যুগত ভাৰতৰ মুদ্ৰা আৰু বিত্তীয় খণ্ডই বিত্তীয় মধ্যস্থতাৰে কৌশলগতভাবে নীতিগত কাৰ্য্য আৰু গাঁথনিগত স্থিতিস্থাপকতাৰ বজাই ৰাখিছে। ইয়াৰ ভিত্তিত বিত্তীয় বৰ্ষ ২৬ (এপ্ৰিল-ডিচেম্বৰ ২০২৫)ত দেশৰ বিত্ত ব্যৱস্থাই শক্তিশালী প্ৰদৰ্শন প্ৰদৰ্শন কৰিছে। আজি সংসদত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে।
অনিশ্চয়তাৰে ভৰা পৰিবেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ বাবে নিয়ন্ত্ৰণমূলক উদ্ভাৱন, স্বচ্ছতা আৰু জবাবদিহিতা অতি গুৰুত্বপূৰ্ণ বুলি অৰ্থনৈতিক জৰীপত আলোকপাত কৰা হৈছে। ইয়াৰ উপৰি ইয়াত উল্লেখ কৰা হৈছে যে ঘৰুৱা বিত্তীয় সাহায্যৰ উদ্ভাৱনীমূলক আৰু অন্তৰ্ভুক্ত চেনেলসমূহ গ্ৰহণ কৰাটো প্ৰয়োজনীয়, কিয়নো এইবোৰে বিশ্বৰ বিত্ত ব্যৱস্থাৰ অস্থিৰতাৰ বিৰুদ্ধে ঢাল হিচাপে কাম কৰিব পাৰে।
এই প্ৰসংগত জৰীপত প্ৰকাশ কৰা মতে ভাৰতৰ বিত্তীয় নিয়ন্ত্ৰণ স্থাপত্যই এই আৱশ্যকতাক স্পষ্ট স্বীকৃতি প্ৰদৰ্শন কৰিছে, যাৰ প্ৰমাণ ২০২৫ চনৰ মে’ মাহত বিধি প্ৰণয়নৰ বাবে আৰ বি আইয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাঠামোৱে নিয়ন্ত্ৰণ-নিৰ্মাণৰ বাবে স্বচ্ছ, পৰামৰ্শমূলক আৰু প্ৰভাৱ-চালিত মুদ্ৰা ব্যৱস্থাপনা আৰু বিত্তীয় মধ্যস্থতা পদ্ধতিক প্ৰতিষ্ঠানিকৰণ ৰূপ প্ৰদান কৰিছে।
অৰ্থনৈতিক জৰীপে লক্ষ্য কৰিছে যে ভাৰতৰ মুদ্ৰা ব্যৱস্থাপনাৰ দৃষ্টিভংগীয়ে সামষ্টিক অৰ্থনৈতিক লক্ষ্য আৰু সামাজিক লক্ষ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে। ইয়াৰ উপৰি বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰণৰ মান অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু স্থায়ী বৃদ্ধিৰ এক জটিল নিৰ্ণায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে। জৰীপত উল্লেখ কৰা হৈছে যে মূল্যৰ স্থিতিশীলতা বজাই ৰাখি, বিত্তীয় স্থিতিশীলতাক সমৰ্থন কৰি আৰু সৰ্বাংগীন বৃদ্ধিৰ প্ৰসাৰ ঘটাই, মুদ্ৰানীতিয়ে দেশৰ বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক সমৃদ্ধিৰ মূল শক্তি হিচাপে কাম কৰিছে।
জৰীপত লগতে কোৱা হৈছে যে মুদ্ৰাস্ফীতি মধ্যমীয়া হোৱা বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিয়ে ৰেপো হাৰ হ্ৰাস কৰিছে, একে সময়তে নগদ সংৰক্ষিত অনুপাত (চিআৰআৰ) কৰ্তন আৰু মুক্ত বজাৰ পৰিচালনা (অ’এমঅ’)ৰ জৰিয়তে প্ৰযুক্তি উপযোগী তাৰল্যৰ সংযোজন ঘটোৱা হৈছে । এই হ্ৰাসৰ লক্ষ্য আছিল ঋণৰ প্ৰবাহ, বিনিয়োগ আৰু সামগ্ৰিক অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰা। ইয়াৰ উপৰি এই ব্যৱস্থাসমূহ ঋণৰ ক্ষেত্ৰতো ফলপ্ৰসূভাৱে প্ৰয়োগ কৰা হৈছে। অনুসূচিত বাণিজ্যিক বেংকসমূহৰ গড় ঋণৰ হাৰ হ্ৰাস পাইছে, যিয়ে মুদ্ৰানীতিৰ প্ৰকৃত সম্প্ৰসাৰণৰ স্থিতিকেই প্ৰতিফলিত কৰিছে।
জৰীপে লক্ষ্য কৰিছে যে গোটেই বিত্তীয় বৰ্ষ ২৬ চনত আৰ বি আইয়ে তাৰল্য ব্যৱস্থাপনাত সক্ৰিয় হৈ থাকিল, বেংকিং ব্যৱস্থাত পৰ্যাপ্ত তাৰল্য বজাই ৰখাটো নিশ্চিত কৰিলে। এই সক্ৰিয় পদ্ধতিয়ে অৰ্থনীতিৰ উৎপাদনশীল প্ৰয়োজনীয়তা পূৰণ কৰি ধন আৰু ঋণ বজাৰলৈ ফলপ্ৰসূ তাৰল্যৰ সুবিধা কৰি দিছে। উদ্বৃত্ত তাৰল্যৰ অৱস্থাৰ মাজতে অনুসূচিত বাণিজ্যিক বেংক (এছচিবি)ৰ ঋণ আৰু জমা হাৰৰ ক্ষেত্ৰত মুদ্ৰানীতিক শক্তিশালী কৰিছে।

জৰীপে উজ্জ্বল কৰি তুলিছে যে ধন বৃদ্ধিৰ ইতিবাচক ধাৰা – এবছৰৰ আগৰ প্ৰায় ৯%ৰ তুলনাত ১২%তকৈ অধিক হৈছে – ইয়াৰ পৰা বুজা যায় যে বেংকসমূহে চি আৰ আৰ কৰ্তনৰ ফলত মুকলি কৰা তাৰল্যৰ ফলপ্ৰসূ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। লগতে, আৰ বি আইৰ অ’ এম অ’ ক্ৰয়সমূহে ব্যৱস্থাটোত তাৰল্য সংযোজন কৰিছিল। যিটো বিত্তীয় বৰ্ষ ২৬ৰ সময়ছোৱাত (২০২৬ চনৰ ৮ জানুৱাৰীলৈকে) গড়ে প্ৰায় ১.৮৯ লাখ কোটি টকাৰ উদ্বৃত্তই প্ৰতিনিধিত্ব কৰিছিল, যাক লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি (এল এ এফ)ৰ অধীনত পৰিমাপ কৰিব পাৰি।
জৰীপে বিত্তীয় খণ্ডৰ নিয়ম প্ৰণয়নৰ বাবে আৰ বি আইৰ ঐতিহাসিক কাঠামোৰ অধীনত এটা নিবেদিত নিয়ন্ত্ৰণ পৰ্যালোচনা কোষৰ কথাও উল্লেখ কৰিছে। কোষটোক প্ৰতি পাঁচৰ পৰা সাত বছৰৰ মূৰে মূৰে অন্ততঃ এবাৰ প্ৰতিটো নিয়ম পদ্ধতিগতভাৱে পৰীক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে। এনে ব্যৱস্থাই প্ৰতিক্ৰিয়াশীল নিয়ন্ত্ৰণৰ পৰা সক্ৰিয়, প্ৰত্যাশিত শাসনলৈ এক আৰ্হি পৰিৱৰ্তনৰ সংকেত দিছে। যিয়ে বিকশিত বজাৰৰ পৰিস্থিতি আৰু বিশ্বৰ উত্তম পদ্ধতিৰ প্ৰতি সক্ৰিয়তাৰে সঁহাৰি জনাব পৰাকৈ ব্যৱস্থাটোক সক্ষম কৰি তুলিব।
*****
NB/VM/DM
(ৰিলিজ আই ডি : 2220726)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam