বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

স্থিৰতাৰ পৰা শক্তিলৈ: মুদ্ৰাস্ফীতি হ্ৰাসৰ লগতে বৃদ্ধি ত্বৰান্বিত হৈছে

ভাৰতত মুদ্ৰাস্ফীতিৰ তীব্ৰতা হ্ৰাস পাইছে; প্ৰথম তিনিটা ত্ৰৈমাসিকৰ বাবে ঘৰুৱা মুদ্ৰাস্ফীতিৰ গড় ১.৭ % (এপ্ৰিলৰ পৰা ডিচেম্বৰ ২০২৫)

অৰ্থনৈতিক জৰীপ ২৫-২৬ত ২০২৬-২৭ চনত মুদ্ৰাস্ফীতি উন্নত হ’ব বুলি কোৱা হৈছে

পোষ্ট কৰা হৈছে: 29 JAN 2026 2:16PM by PIB Guwahati

আজি সংসদত অৰ্থনৈতিক জৰীপ ২০২৫-২৬  উত্থাপন কৰি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে  যে ভাৰতত চিপিআই ছিৰিজৰ আৰম্ভণিৰ পিছত সৰ্বনিম্ন মুদ্ৰাস্ফীতিৰ হাৰ ৰেকৰ্ড কৰা হৈছে। সেইমৰ্মে এপ্ৰিল-ডিচেম্বৰ ২০২৫ চনৰ গড়  মুদ্ৰাস্ফীতি হৈছে ১.৭%। খুচুৰা মুদ্ৰাস্ফীতি মধ্যমীয়া হোৱাৰ মূল কাৰণ হৈছে খাদ্য আৰু ইন্ধনৰ মূল্যৰ সাধাৰণ মুদ্ৰাস্ফীতিৰ ধাৰা, যিবোৰে একেলগে ভাৰতৰ গ্ৰাহক মূল্য সূচকাংক (চিপিআই)ৰ  ৫২.৭%  সামৰি লয়।

সমীক্ষাটোৱে লক্ষ্য কৰিছে যে উল্লেখযোগ্য যে, প্ৰধান উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতি (ইএমডিই)ৰ ভিতৰত ভাৰতে ২০২৫ চনত মুদ্ৰাস্ফীতিৰ অন্যতম  হ্ৰাস ৰেকৰ্ড কৰিছে, যিটো প্ৰায় ১.৮ শতাংশ পইণ্ট। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই মুদ্ৰাস্ফীতি হ্ৰাস ২০২৬ চনৰ প্ৰথম বিত্তীয় বৰ্ষত ৮%ৰ শক্তিশালী জিডিপি বৃদ্ধিৰ সমান্তৰালভাৱে সংঘটিত হৈছে, যিয়ে ভাৰতৰ শক্তিশালী সামষ্টিক অৰ্থনৈতিক মৌলিক দিশ আৰু বৃদ্ধি বজাই ৰখাৰ ক্ষমতাকেই আলোকপাত কৰিছে। একে সময়তে মূল্যৰ চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰিব পৰা অৱস্থাত আছে।

ভাৰতৰ সাৰ্বভৌম ৰেটিং উন্নীত কৰাৰ সময়তে বিশ্বব্যাপী ৰেটিং সংস্থাসমূহেও ভাৰতৰ মুদ্ৰাস্ফীতি ব্যৱস্থাপনাৰ বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূতাক স্বীকাৰ কৰিছে। এছ এণ্ড পিয়ে লক্ষ্য কৰিছে যে মুদ্ৰাস্ফীতিৰ লক্ষ্য নিৰ্ধাৰণলৈ যোৱাৰ ক্ষেত্ৰত  মুদ্ৰা নীতিৰ সংস্কাৰে ইতিবাচক ফল দিছে।

মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত কৰা আশাবোৰ এদশকৰ আগৰ তুলনাত এতিয়া সলনি হৈছে।  ২০০৮ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ভাৰতৰ মুদ্ৰাস্ফীতি বহুবাৰ দুটা সংখ্যাত উপনীত হৈছিল। বিগত তিনি বছৰত বিশ্ব শক্তিৰ মূল্যৰ অস্থিৰতা আৰু যোগানৰ দিশৰ অস্থিৰতাৰ  মাজতো চিপিআই বৃদ্ধিৰ গড় ৫.৫ শতাংশ। যোৱা কেইমাহমানত ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২-৬ শতাংশ লক্ষ্য সীমাৰ নিম্ন স্তৰত আছিল । এই উন্নয়নসমূহে ঘৰুৱা মূলধনী বজাৰৰ সৈতে সংযুক্ত হৈ মুদ্ৰাৰ পৰিৱেশৰ বাবে অধিক সুস্থিৰ তথা  সহায়ক পৰিৱেশ সৃষ্টি কৰিছে।

বিশ্বব্যাপী মুদ্ৰাস্ফীতিৰ উন্নয়ন

এই বছৰ বিশ্বই উন্নত, উদীয়মান আৰু উন্নয়নশীল অৰ্থনীতিৰ মুদ্ৰাস্ফীতি মধ্যমীয়া হোৱা দেখা গৈছে। বিশ্বৰ মুদ্ৰাস্ফীতি ২০২২ চনৰ ৮.৭ শতাংশৰ শীৰ্ষৰ পৰা ২০২৫ চনৰ ৪.২ শতাংশলৈ হ্ৰাস পাইছে।

আমেৰিকা আৰু ইউৰো অঞ্চলত  মুদ্ৰাস্ফীতিৰ সামান্য মধ্যমীয়া হোৱা দেখা গৈছিল, ৰাছিয়া- ইউক্ৰেইন যুদ্ধৰ পিছতো মূল সেৱাৰ মুদ্ৰাস্ফীতিৰ মধ্যমীয়া হোৱাৰ লগতে মূল সেৱাৰ মুদ্ৰাস্ফীতিৰ মধ্যমীয়া হোৱাৰ লগতে প্ৰধান সামগ্ৰীৰ মূল্যত ঋণাত্মক মুদ্ৰাস্ফীতি অব্যাহত থকা, শক্তি আৰু খাদ্যৰ মূল্য হ্ৰাস পোৱাৰ দেখা গৈছে।

মূল সামগ্ৰীৰ মুদ্ৰাস্ফীতি হ্ৰাস পোৱাৰ সমান্তৰালভাৱে তেল আৰু খাদ্যৰ মূল্যৰ সাধাৰণ হ্ৰাসৰ বাবে বিশ্বৰ মুদ্ৰাস্ফীতিৰ চাপ নিয়ন্ত্ৰণ  হৈছিল। ইএমডিইৰ গৰিষ্ঠসংখ্যকৰ অৰ্থনৈতিক বৃদ্ধি ইএমডিইৰ গড় ৪.২%ৰ তলত থাকিলেও দেশভেদে মুদ্ৰাস্ফীতিৰ ফলাফল বহু পৰিমাণে ভিন্ন আছিল। ব্ৰাজিলত ২০২৫ চনত মুদ্ৰাস্ফীতি ৫.২% লৈ বৃদ্ধি পায়।ৰাছিয়াই ধাৰাবাহিকভাৱে উচ্চ মুদ্ৰাস্ফীতিৰ সমান্তৰালভাৱে জিডিপি বৃদ্ধিৰ ক্ষেত্ৰতো মন্থৰতা প্ৰদৰ্শন কৰে। ইয়াৰ বিপৰীতে মালয়েছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো প্ৰধান অৰ্থনীতিত মুদ্ৰাস্ফীতিৰ হাৰ মধ্যমীয়া হৈছিল, যিটো আমদানিকৃত সামগ্ৰীৰ ব্যয় কম হোৱাৰ ফলত সম্ভৱ  হৈছিল।

উল্লেখযোগ্য যে চীনত বছৰটোৰ ভিতৰত যথেষ্ট মুদ্ৰাস্ফীতি  হৈছিল, যাৰ ফলত ঘৰুৱা চাহিদা দুৰ্বল হৈছিল, শুল্ক ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা ৰপ্তানিৰ চাপ বৃদ্ধি পাইছিল।

প্ৰধান ইএমডিইসমূহৰ ভিতৰত ভাৰতে  মুদ্ৰাস্ফীতিৰ অন্যতম হ্ৰাস ৰেকৰ্ড কৰিছে, যিটো প্ৰায় ১.৮%। গুৰুত্বপূৰ্ণভাৱে এই মুদ্ৰাস্ফীতি হ্ৰাস ২০২৫-২৬ চনৰ প্ৰথমাৰ্ধত ৮ শতাংশৰ শক্তিশালী জিডিপি বৃদ্ধিৰ সমান্তৰালভাৱে সংঘটিত হৈছে, যিয়ে ভাৰতৰ শক্তিশালী সামষ্টিক অৰ্থনৈতিক মৌলিক দিশ আৰু মূল্যৰ চাপ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ লগতে বৃদ্ধি বজাই ৰখাৰ ক্ষমতাক আলোকপাত কৰিছে।

ঘৰুৱা মুদ্ৰাস্ফীতি

যোৱা চাৰি বছৰত চিপিআইৰ দ্বাৰা জুখিব পৰা গড় খুচুৰা মুদ্ৰাস্ফীতিয়ে স্পষ্ট নিম্নগামী  ধাৰা অনুসৰণ কৰিছে, ২০২২–২৩ চনত ৬.৭%ৰ পৰা ২০২৫ চনৰ ডিচেম্বৰলৈকে ১.৭%লৈ ক্ৰমাগতভাৱে হ্ৰাস পাইছে।

২০২৫–২৬ চনৰ প্ৰথমাৰ্ধত  মুদ্ৰাস্ফীতি ২০২৫ চনৰ এপ্ৰিল মাহত ৩.২% শতাংশৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ১.৪ %লৈ তীব্ৰভাৱে হ্ৰাস পাইছে, এই সময়ছোৱাত গড়ে ২.২%। মুদ্ৰাস্ফীতি আৰু অধিক হ্ৰাস পাইছে।

২০২৫ চনৰ অক্টোবৰ মাহত ০.৩%—বৰ্তমানৰ চিপিআই (২০১২=১০০) শৃংখলাত সৰ্বনিম্ন তথ্য লাভ কৰা হৈছে। এই মুদ্ৰাস্ফীতিৰ পৰিমাণ মূলতঃ খাদ্য সামগ্ৰীৰ দ্বাৰা পৰিচালিত হৈছিল, যিয়ে অনুকূল বতৰ আৰু অধিক উৎপাদনক প্ৰতিফলিত কৰিছিল আৰু যোগান বৃদ্ধি কৰিছিল। ইয়াৰ বিপৰীতে মূল মুদ্ৰাস্ফীতি—য’ত খাদ্য আৰু ইন্ধনৰ দৰে অস্বাভাৱিক উপাদানসমূহ বাদ দিয়া হৈছে—আপেক্ষিকভাৱে সুস্থিৰ হৈ আছে আৰু এই সময়ছোৱাত সামান্য উত্থান দেখুৱাইছে।  ২০২৪ চনৰ অক্টোবৰ মাহত ৩.৮%ৰ পৰা ২০২৫ চনৰ ডিচেম্বৰ মাহত ৪.৬২%লৈ বৃদ্ধি পাইছে।

গড় মূল মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰণ হৈছে বহুমূলীয়া ধাতু—সোণ আৰু ৰূপৰ তীব্ৰ মূল্য  বৃদ্ধি,  যিয়ে বিশ্বজুৰি বৃদ্ধি পোৱা অনিশ্চয়তাৰ কথা প্ৰতিফলিত কৰিছে। যেতিয়া এই উপাদানসমূহ বাদ দিয়া হয়, তেতিয়া মূল মুদ্ৰাস্ফীতিয়ে  হ্ৰাস পোৱাৰ ধাৰা প্ৰদৰ্শন কৰে, যিয়ে মুদ্ৰাস্ফীতি মধ্যমীয় হোৱাৰ কথা  প্ৰতিফলিত কৰে।

খাদ্যৰ মুদ্ৰাস্ফীতি

খাদ্য মুদ্ৰাস্ফীতি গোটেই বছৰটোত ক্ৰমাগতভাৱে হ্ৰাস পাইছে, ২০২৫ চনৰ জুন মাহৰ পৰা মুদ্ৰাস্ফীতিৰ কিছু  সলনি ঘটিছিল। ইয়াৰ মূল কাৰণ আছিল শাক-পাচলিৰ মূল্যৰ স্থায়ী আৰু তীব্ৰ হ্ৰাস, যিটো বছৰৰ বেছিভাগ সময় গভীৰভাৱে ঋণাত্মক হৈ আছিল, লগতে প্ৰায় ন মাহৰ ভিতৰত দাইলৰ মুদ্ৰাস্ফীতিৰ ধাৰাবাহিক হ্ৰাস পাইছে। সামগ্ৰিকভাৱে, সময়োপযোগী বাণিজ্য নীতিৰে সিদ্ধান্ত গ্ৰহণ , কৌশলগত ষ্টক ব্যৱস্থাপনা আৰু লক্ষ্যভিত্তিক বজাৰৰ হস্তক্ষেপে দাইলৰ  মূল্য চক্ৰৰ ফলপ্ৰসূ ব্যৱস্থাপনাক সক্ষম কৰি তুলিছিল। এইক্ষেত্ৰত খুচুৰা মূল্যৰ অস্থিৰতা যোৱা দশকত মধ্যমীয়া হৈছিল।

খাদ্যৰ ক্ষেত্ৰত  প্ৰটিন সমৃদ্ধ খাদ্য সামগ্ৰী যেনে কণী, মাংস, মাছৰ দাম কিছু মাহৰ পৰা হ্ৰাস পাইছিল যদিও পিছৰ মাহকেইটাত পুনৰ উন্নতি ঘটিছিল। গাখীৰৰ সামগ্ৰীৰ মুদ্ৰাস্ফীতি অৱশ্যে প্ৰায় ২.৬% ত সুস্থিৰ হৈ আছে। উদ্যান শস্যৰ সামগ্ৰীৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। বিশেষকৈ আলু, পিয়াঁজ, বিলাহী  আৰু হালধিৰ ক্ষেত্ৰত এই সংকোচন স্পষ্ট আছিল। খোৱাতেলৰ ক্ষেত্ৰত  মৌলিক শুল্ক শুল্ক হ্ৰাস পোৱাৰ ফলত ২০২৫ চনৰ আগষ্ট মাহৰ পৰা খোৱাতেলৰ মুদ্ৰাস্ফীতিৰ গতি মধ্যমীয়া হৈছে।

 

 মুদ্ৰাস্ফীতিৰ মূল চালক

যোৱা দুবছৰৰ পৰা পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰতো  মুদ্ৰাস্ফীতি উঠা-নমা কৰাৰ বিপৰীতে কাপোৰ-কানি আৰু জোতা, গৃহ নিৰ্মাণ, স্বাস্থ্যৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে হ্ৰাস পাইছে। এই মুদ্ৰাস্ফীতি হ্ৰাসে ইনপুট খৰচ লাঘৱ কৰিছে, যোগানৰ অৱস্থা উন্নত কৰিছে আৰু সামগ্ৰীৰ বজাৰত প্ৰতিযোগিতামূলক চাপৰ প্ৰতিফলন ঘটাইছে।  ইয়াৰ বিপৰীতে পৰিবহণ আৰু যোগাযোগৰ মুদ্ৰাস্ফীতি গড়ে কম হৈ থাকে । এই অল্পকালীন উঠা-নমাসমূহ নিৰ্দিষ্ট উপ-উপাদানসমূহৰ দ্বাৰা পৰিচালিত হয়, যেনে ভাড়া, ইন্ধন-সংযুক্ত সেৱা আৰু টেলিকম মূল্যৰ পৰিৱৰ্তন। কিন্তু ২০২৫ চনৰ জুন মাহৰ পৰা পৰিবহণ আৰু যোগাযোগৰ উপাদানত মুদ্ৰাস্ফীতিৰ ধাৰা দেখা গৈছে।

মুদ্ৰাস্ফীতিৰ আঞ্চলিক ছবি

ৰাজ্যিক পৰ্যায়ৰ মুদ্ৰাস্ফীতি আৰ বি আইৰ মুদ্ৰাস্ফীতি সহনশীলতা বেণ্ডৰ ভিতৰতে থাকিল যদিও আঞ্চলিক মুদ্ৰাস্ফীতিয়ে গ্ৰাম্য অঞ্চলত অধিক অস্থিৰতাৰ ছবি দাঙি ধৰে।  এয়া অৱশ্যে পূৰ্বৰ বছৰবোৰৰ দৰে নহয়।  ২০২৩, ২০২৪ত  গ্ৰাম্য মুদ্ৰাস্ফীতি হ্ৰাস পাইছিল আৰু চহৰৰ মুদ্ৰাস্ফীতিতকৈ কম হৈয়েই আছিল, যাৰ ফলত গ্ৰাম্য অঞ্চলত মানসিক চাপ আৰু অধিক হ্ৰাস পাইছিল।

 

দৃষ্টিভংগী

২৭ বিত্তীয় বৰ্ষৰ বাবে আৰ বি আই আৰু আই এম এফ উভয়ে  মুদ্ৰাস্ফীতিৰ মধ্যমীয়া বৃদ্ধিৰ প্ৰকল্প কৰিছে যদিও এয়া  এম পি চিৰ ২–৬ শতাংশ লক্ষ্য বেণ্ডৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে। অৰ্থনৈতিক জৰীপে একেদৰে  বিত্তীয় বৰ্ষ ২৬ৰ তুলনাত কিছু বেছি মূল মুদ্ৰাস্ফীতি (মূল্যৱান ধাতু বাদ দি)ৰ পূৰ্বানুমাণ কৰিছে। তথাপিও মুদ্ৰাস্ফীতিৰ চাপ নিয়ন্ত্ৰণত থাকিব বুলি আশা কৰা হৈছে।

জৰীপৰ দৃষ্টিভংগী অনুকূল হৈ আছে, মুদ্ৰাস্ফীতিৰ প্ৰক্ষেপণ লক্ষ্য পৰিসৰৰ ভিতৰতে থাকিব, যিটো শক্তিশালী কৃষি উৎপাদন, বিশ্বজুৰি সামগ্ৰীৰ সুস্থিৰ  মূল্য আৰু নীতিগত সতৰ্কতা অব্যাহত ৰখাৰ ফলত সম্ভৱ হৈ উঠিব কিন্তু ই মুদ্ৰাৰ মূল্য  উঠা-নমা, ভিত্তি ধাতুৰ মূল্য বৃদ্ধি আৰু বিশ্বজুৰি সৃষ্ট অনিশ্চয়তাৰ পৰা হোৱা বিপদৰ ক্ষেত্ৰতো সতৰ্ক কৰি দিছে।  সেয়ে নিৰীক্ষণ আৰু অভিযোজিত নীতিগত সঁহাৰিৰ প্ৰয়োজনীয়তাৰ কথাও কোৱা হৈছে।

***

PC/SKS/DM


(ৰিলিজ আই ডি : 2220720) অতিথি কক্ষ : 8