বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৫-২৬ৰ অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে ভাৰতে বিকাশ-কেন্দ্ৰিক, সামগ্ৰিক অৰ্থনীতি আৰু জলবায়ু কৌশল গ্ৰহণ কৰিছেঃ অভিযোজন, প্ৰশমন আৰু আচৰণ পৰিৱৰ্তনৰ দৰে বিকাশৰ আৰ্হিক একত্ৰিত কৰিছে

ভাৰতৰ অভিযোজন আৰু সুস্থিৰতা সম্পৰ্কীয় ঘৰুৱা ব্যয় ২০১৬বিত্তীয় বৰ্ষত জিডিপিৰ ৩.৭ শতাংশৰ পৰা বৃদ্ধি হৈ বিত্তীয় ২০২২ বৰ্ষত জিডিপিৰ ৫.৬ শতাংশ হৈছে

২০২৬ বিত্তীয় বৰ্ষত দ্ৰুত পৰিসৰত নৱীকৰণযোগ্য সামৰ্থ্যৰ লগতে দ্ৰুত পৰিসৰত স্বচ্ছ শক্তি আৰু কৌশলগত পৰিৱৰ্তনৰ জৰিয়তে বৈচিত্ৰৰ প্ৰসাৰ ঘটিছে

২০২৫ৰ ডিচেম্বৰৰ শেষৰ ফালে অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা বিদ্যুতৰ সংস্থাপন ক্ষমতা ৫১.৯৩% হৈছে

বৈশ্বিক শক্তি পৰিবৰ্তনৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সৈতে সমালোচনামূলক খনিজ পদাৰ্থ হৈছে নিৰ্ণায়ক কাৰকঃ অৰ্থনৈতিক সমীক্ষা ২০২৫-২৬

ভাৰতৰ কৌশলগত গুৰুত্বপূৰ্ণ খনিজ সামৰ্থ্য আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বৰ ওপৰত ভাৰসাম্যপূৰ্ণ দৃষ্টি নিবদ্ধ কৰে

মজবুত প্ৰশাসনিক পৰিকাঠামোৰ আৱশ্যক, যাৰ দ্বাৰা সামগ্ৰিক অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰিব পৰা যায়

পোষ্ট কৰা হৈছে: 29 JAN 2026 1:34PM by PIB Guwahati

সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যাই এতিয়া এনে এটা পৰ্যায় পাইছেগৈ যে যদি আমি ইয়াৰ পৰা ওলাই আহিব বিচাৰো তেন্তে কাৰ্বনমুক্ত ভৱিষ্যত গঢ়ি তুলিব লাগিব। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। সমীক্ষাটোত সংশ্লিষ্ট খণ্ডসমূহত নিৰ্ধাৰিত লক্ষ্য আৰু বাস্তৱৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ ল’বলগীয়া বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে।

জলবায়ু সম্পৰ্কীয় নীতি গ্ৰহণৰ ক্ষেত্ৰত মানৱ কল্যাণক অগ্ৰাধিকাৰ দিয়া উচিত বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে। দৰিদ্ৰ লোক আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে সংকটৰ সন্মুখীন হোৱা লোকসকলক বিবেচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱা উচিত। ভাৰতে বহনক্ষম উন্নয়নৰ বাবে সুলভ মূল্যত বিদ্যুৎ যোগানক গুৰুত্ব দিছে। এই ক্ষেত্ৰত নবীকৰণযোগ্য শক্তিক অগ্ৰাধিকাৰ দিয়া হৈছে।

জলবায়ু পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান আৰু উন্নয়নক সংযোগ কৰি বহনক্ষম বৃদ্ধিৰ দিশত আগবাঢ়ি যোৱাত ৰাজহুৱা বিনিয়োগৰ ব্যৱহাৰ কৰা উচিত। ২০১৬ চনত মুঠ ঘৰুৱা উৎপাদনৰ ৩.৭% ইয়াৰ বাবে ব্যয় কৰা হৈছিল। ২০২২ চনত ৫.৬% লৈ বৃদ্ধি পায়। জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনাৰ জৰিয়তে কৃষিকে ধৰি মুঠ ৯টা খণ্ডত অগ্ৰাধিকাৰ ভিত্তিত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ভাৰতে গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে শক্তি সম্পদৰ ব্যৱহাৰ সলনি কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত অজীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে এই ইন্ধনসমূহ কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া হৈছে। পাৰমাণৱিক শক্তি, সৌৰশক্তি, বায়ু শক্তি, পৰিৱেশ অনুকূল হাইড্ৰজেন ইন্ধন, বেটাৰীৰ সংৰক্ষণ ক্ষমতা বৃদ্ধি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ ব্যৱহাৰৰ জৰিয়তে শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২৫ চনৰ ডিচেম্বৰ মাহত দেশত ব্যৱহৃত মুঠ বিদ্যুতৰ ৫০% তকৈ অধিক অজীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰি উৎপাদন কৰা হৈছিল।

অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে সমগ্ৰ বিশ্বতে শক্তি ব্যৱহাৰৰ পৰিৱৰ্তন কেৱল প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নহয়। লিথিয়াম, কোবাল্ট, নিকেল, তাম আৰু আপুৰুগীয়া পৃথিৱীৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ সহায়ত এনে অৰ্থনীতি গঢ়ি তোলা সম্ভৱ, যাৰ ফলত কাৰ্বন নিৰ্গমন হ্ৰাস পাব। ইয়াৰ বাবে ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশীদাৰিত্ব গঢ়ি তুলিছে। খনিজ নিৰাপত্তা অংশীদাৰিত্ব আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক কাঠামোৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ খনিজ বিভাগৰ মিছন ৰূপায়ণ কৰা হৈছে। ভাৰতে মিনাৰেলছ অভাৰচীজ ইণ্ডিয়া লিমিটেড নামৰ যৌথ উদ্যোগ গঠন কৰি আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া আৰু চিলিৰ পৰা গুৰুত্বপূৰ্ণ খনিজ ক্ৰয়ৰ উদ্যোগ লৈছে। তদুপৰি, ভাৰত পৰিৱৰ্তনৰ বাবে পাৰমাণৱিক সংস্থাসমূহৰ বহনক্ষম ব্যৱহাৰ আৰু উন্নীতকৰণ আইনখনে ব্যক্তিগত কোম্পানীসমূহেও পাৰমাণৱিক শক্তি খণ্ডত অংশগ্ৰহণৰ সুযোগ সৃষ্টি কৰিছে।

২০২৩ চনত চৰকাৰে কাৰ্বন ক্ৰেডিট ট্ৰেডিং আঁচনি আৰম্ভ কৰে। তদুপৰি, গ্লাছগোৰ COP26ত মিছন লাইফ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ফলত পৰিয়াল পৰ্যায়ৰ পৰা সমাজ পৰ্যায়লৈকে প্ৰতিটো পৰ্যায়তে জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ কাৰ্যকৰী হ’ব। জলবায়ু পৰিৱৰ্তনৰ সমস্যা দূৰ কৰিবলৈ উন্নয়নশীল দেশসমূহৰ বাবে ব্যয় প্ৰায় ৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য। এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে উদ্যোগ লোৱা হৈছে।

সমীক্ষাত কোৱা হৈছে যে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, চহৰৰ আন্তঃগাঁথনি, বিভিন্ন উদ্যোগিক সংস্থাৰ প্ৰয়োজনীয় পৰিৱৰ্তনৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন। বৰ্তমান সংশ্লিষ্ট খণ্ডসমূহত আবণ্টিত ধনৰ ভিতৰত ৮৩% ধন জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে ব্যয় কৰা হৈছে। এই ক্ষেত্ৰত ভাৰতে দেশৰ ভিতৰৰ পৰা বিদেশৰ পৰা আৰ্থিক সহায় লাভ কৰি আছে। ইৰেডা, নাবাৰ্ড, চিডবি, পাৱাৰ ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড আৰু ৰুৰেল ইলেক্ট্ৰিফিকেশন কৰ্পৰেশ্যন লিমিটেডৰ দৰে প্ৰতিষ্ঠানসমূহে পৰিৱেশ অনুকূল বিনিয়োগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় মূলধনো শ্বেয়াৰ বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে। তদুপৰি, ছ’ভাৰেইন গ্ৰীণ বণ্ড জাৰি কৰা হৈছে। সমীক্ষাটোত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় মূলধনী বজাৰত পৰ্যাপ্ত ধন আছে। কিন্তু গ্ল’বেল ছাউথত বহনক্ষম উন্নয়ন আৰু জলবায়ু সম্পৰ্কীয় প্ৰকল্পৰ বাবে পৰ্যাপ্ত ধন উপলব্ধ হোৱা নাই। ইয়াত বহুপক্ষীয় উন্নয়ন বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

****

SR/ST/PS/DB


(ৰিলিজ আই ডি : 2220682) অতিথি কক্ষ : 10