প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাগৰিককেন্দ্ৰিক শাসন আৰু সাংবিধানিক মূল্যবোধৰ সন্দৰ্ভত প্ৰকাশিত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 JAN 2026 5:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে গণৰাজ্য দিৱস উপলক্ষে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।
প্ৰৱন্ধটোত বিশদভাৱে উল্লেখ কৰা হৈছে যে নাগৰিকসকল বৰ্তমান প্ৰশাসনৰ কেন্দ্ৰবিন্দু। প্ৰৱন্ধটোত লগতে উল্লেখ কৰে যে গণৰাজ্যই সামাজিক ন্যায়ৰ অগ্ৰগতি সাধন কৰিছে আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তি সম্ভৱ কৰি তুলিছে আৰু এই প্ৰচেষ্টাসমূহে একত্ৰিতভাৱে কল্যাণমুখী গণতান্ত্ৰিক গণৰাজ্যৰ সাংবিধানিক দৃষ্টিভংগী ৰক্ষা কৰিছে।
উপৰোক্ত প্ৰৱন্ধটোৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীৰ এটা পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
গণৰাজ্য দিৱসৰ দিনা প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী @rajnathsingh জীয়ে কয় যে নাগৰিকসকল এতিয়া প্ৰশাসনৰ কেন্দ্ৰবিন্দু। তেওঁ উল্লেখ কৰে যে গণৰাজ্যই সামাজিক ন্যায় আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। এই প্ৰচেষ্টাই কল্যাণমুখী গণতান্ত্ৰিক গণৰাজ্যৰ সাংবিধানিক দৃষ্টিভংগীক সমৰ্থন কৰে।
******
MJPS/ST/DB
(रिलीज़ आईडी: 2218944)
आगंतुक पटल : 5