গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পশ্চিম সিংভূমত চিআৰপিএফ আৰু ঝাৰখণ্ড আৰক্ষীৰ যুটীয়া অভিযানত ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা অনল ওৰফে পাতিৰাম মাঝি নামৰ এজন কুখ্যাত মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য তথা আন ১৫ জন মাওবাদীক হত্যা কৰি বৃহৎ সফলতা অৰ্জন কৰিছে

আমি ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দশক দশক ধৰি ভয় আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি অহা মাওবাদক নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

মই পুনৰবাৰ অৱশিষ্ট মাওবাদীসকলক আহ্বান জনাইছো যে হিংসা, সন্ত্ৰাস আৰু অস্ত্ৰ-শস্ত্ৰৰ সৈতে জড়িত থকা মতাদৰ্শ ত্যাগ কৰক আৰু বিকাশ আৰু আস্থাৰ মূলসুঁতিত যোগদান কৰক

प्रविष्टि तिथि: 22 JAN 2026 8:28PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ঝাৰখণ্ডৰ পশ্চিম সিংভুমত এজন কুখ্যাত মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু আন ১৫ জন মাওবাদীক হত্যা কৰা হৈছে।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এক্সৰ এক প'ষ্টযোগে কয় যে পশ্চিম সিংভুমত চিআৰপিএফ আৰু ঝাৰখণ্ড আৰক্ষীৰ যুটীয়া অভিযানত আজি এক বৃহৎ সফলতা অৰ্জন কৰিছে। এই অভিযানত কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা এজন কুখ্যাত মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য 'অনল ওৰফে পতিৰাম মাঞ্জি' আৰু আন ১৫জন মাওবাদীক হত্যা কৰা হয়। তেওঁ পুনৰবাৰ অৱশিষ্ট মাওবাদীক আহ্বান জনায় যে যি ধাৰণাই তেওঁলোকক হিংসা, সন্ত্ৰাস আৰু অস্ত্ৰ-শস্ত্ৰৰ সৈতে সংযুক্ত কৰি ৰাখিছে সেই ধাৰণাক ত্যাগ কৰি বিকাশ আৰু আস্থাৰ মূলসুঁতিত যোগদান কৰক।

***

RK / RR / PS/DB


(रिलीज़ आईडी: 2217569) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Odia , Telugu