গৃহ মন্ত্ৰালয়
মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শুভেচ্ছা
এক প্ৰাণৱন্ত সংস্কৃতি আৰু প্ৰতিভাৱান লোকৰ আশীষপুষ্ট মণিপুৰ সদায়েই আমাৰ গৌৰৱ হৈ আহিছে
উন্নয়নৰ নতুন শিখৰত উপনীত হৈ আজি ত্ৰিপুৰাই ভাৰতৰ বিকাশত গৌৰৱোজ্জ্বল অৱদান আগবঢ়াইছে
জৈৱ-বৈচিত্ৰৰ সমৃদ্ধ হটস্পট আৰু সংস্কৃতি আৰু ৰীতি-নীতিৰ সংমিশ্ৰণ হিচাপে মেঘালয়ে ভাৰতৰ আত্মাত অপৰিসীম শক্তি যোগাইছে
प्रविष्टि तिथि:
21 JAN 2026 12:53PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যসমূহক শুভেচ্ছা জ্ঞাপন কৰে।
এক্স প্লেটফৰ্মত একাধিক পোষ্টযোগে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "মণিপুৰৰ ভাই-ভনীসকললৈ ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো। এক প্ৰাণৱন্ত সংস্কৃতি আৰু প্ৰতিভাৱান লোকৰ আশীষপুষ্ট মণিপুৰ সদায়েই আমাৰ গৌৰৱ হৈ আহিছে। আগন্তুক সময়ত ৰাজ্যখনে নতুন উচ্চতাত উপনীত হওক।”
শ্ৰী অমিত শ্বাহে কয়, "মেঘালয়ৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জনাইছো। জৈৱ-বৈচিত্ৰৰ সমৃদ্ধিশালী হটস্পট আৰু সংস্কৃতি আৰু ৰীতি-নীতিৰ সংমিশ্ৰণ হিচাপে মেঘালয়ে ভাৰতৰ আত্মাৰ প্ৰতি অপৰিসীম শক্তি যোগাইছে। ৰাজ্যখনে প্ৰগতিত নতুন মাইলৰ খুঁটিত উপনীত হওক।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, "ত্ৰিপুৰাৰ ভাই-ভনীসকললৈ ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো। উন্নয়নৰ নতুন শিখৰত উপনীত হৈ আজি ত্ৰিপুৰাই ভাৰতৰ বিকাশত গৌৰৱোজ্জ্বল অৱদান আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ মানিক সাহা জীয়ে মোদী জীৰ নেতৃত্বত জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰি আগুৱাই গৈ থাকক, তাকে কামনা কৰিলোঁ।”
***
RK / RR / PS/DB
(रिलीज़ आईडी: 2216911)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam