গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আগ্ৰহ, উৎসাহ আৰু আনন্দৰ উৎসৱ 'মকৰ সংক্ৰান্তি' উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে
গৃহমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকবাসীলৈ মকৰ সংক্ৰান্তি; অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ জনসাধাৰণলৈ ভোগী, সংক্ৰান্তি আৰু কানুম; গুজৰাটৰ জনসাধাৰণলৈ উত্তৰায়ণ আৰু অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে
এই উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ সীমাহীন আনন্দ আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক
ভোগী, সংক্ৰান্তি আৰু কানুমৰ উপলক্ষই প্ৰতি ঘৰ গৃহস্থীলৈ সমৃদ্ধি, সুখ আৰু সুস্বাস্থ্যৰ সঞ্চাৰ কৰক
মই সকলোৰে মংগলৰ বাবে ভগৱান সূৰ্য্য নাৰায়ণৰ ওচৰত প্ৰাৰ্থনা জনাইছো
শস্য চপোৱাৰ এই উৎসৱে আমাৰ ঐক্যক সবল তথা সকলোৰে সমৃদ্ধি, সুস্বাস্থ্য আৰু সুখৰ আশীৰ্বাদ প্ৰদান কৰক
प्रविष्टि तिथि:
14 JAN 2026 3:10PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আগ্ৰহ, উৎসাহ আৰু আনন্দৰ উৎসৱ 'মকৰ সংক্ৰান্তি' উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰোপৰি তেওঁ কৰ্ণাটকবাসীলৈ মকৰ সংক্ৰান্তি; অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ জনসাধাৰণলৈ ভোগী, সংক্ৰান্তি আৰু কানুম; গুজৰাটৰ জনসাধাৰণলৈ উত্তৰায়ণ আৰু অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “সকলোলৈ আগ্ৰহ, উৎসাহ আৰু আনন্দৰ উৎসৱ 'মকৰ সংক্ৰান্তি' উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলো। এই উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ সীমাহীন আনন্দ আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক।”
এক্স-ৰ আন এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “মকৰ সংক্ৰান্তি উপলক্ষে আমাৰ কৰ্ণাটকৰ ভ্ৰাতৃ-ভগ্নীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ উৎসৱে নতুন উৎসাহৰ সূচনা কৰক আৰু আমাৰ বন্ধনক সবল কৰক। মই সকলোৰে মংগল আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছো।”
আন এটা প’ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয়, “আমাৰ তেলেগু ভ্ৰাতৃ-ভগ্নীসকললৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ভোগী, সংক্ৰান্তি আৰু কানুমৰ উপলক্ষই প্ৰতি ঘৰ গৃহস্থীলৈ সমৃদ্ধি, সুখ আৰু সুস্বাস্থ্যৰ সঞ্চাৰ কৰক।”
আন এটা প’ষ্টত শ্ৰী অমিত শ্বাহে উত্তৰায়ণৰ পবিত্ৰ উপলক্ষত আন্তৰিক শুভেচ্ছা জনাই সকলোৰে মংগলৰ বাবে ভগৱান সূৰ্য্য নাৰায়ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলি কয়।
এক্স-ৰ আন এটা প’ষ্টত গৃহমন্ত্ৰীজনে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, “মাঘ বিহু উপলক্ষে আমাৰ অসমৰ সমূহ ভ্ৰাতৃ-ভগ্নীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছো। শস্য চপোৱাৰ এই উৎসৱে আমাৰ ঐক্যক সবল তথা সকলোৰে সমৃদ্ধি, সুস্বাস্থ্য আৰু সুখৰ আশীৰ্বাদ প্ৰদান কৰক।”
****
RK/PR/PS/SB
(रिलीज़ आईडी: 2214671)
आगंतुक पटल : 5