প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৫ জানুৱাৰীত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
14 JAN 2026 11:19AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সৰ সংবিধান সদনৰ চেন্ট্ৰেল হলত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন (CSPOC) উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।
লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিতব্য এই সন্মিলনত বিশ্বৰ ভিন্ন প্ৰান্তৰ ৪২ খন কমনৱেলথ দেশ আৰু ৪ খন অৰ্ধ-স্বায়ত্তশাসিত সংসদৰ ৬১ গৰাকী অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াই অংশগ্ৰহণ কৰিব।
এই সন্মিলনত শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ভূমিকা, সংসদীয় কাৰ্য্যকলাপত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সাংসদসকলৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ, সংসদ সম্পৰ্কে জনসাধাৰণৰ বুজাবুজি বৰ্ধনৰ অৰ্থে উদ্ভাৱনীমূলক কৌশল আৰু ভোটদানৰ বাহিৰেও নাগৰিকসকলৰ অংশগ্ৰহণ আদিকে প্ৰমুখ্য কৰি বিস্তৃত সমসাময়িক সংসদীয় বিষয়ত আলোচনা কৰা হ’ব।
***
MJPS/SR/SB
(रिलीज़ आईडी: 2214518)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam