প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হিমাচল প্ৰদেশৰ ছিৰমৌৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 JAN 2026 7:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ ছিৰমৌৰত সংঘটিত বাছ দুৰ্ঘটনাত  প্ৰাণ হেৰুওৱাসকলৰ বাবে  শোক প্ৰকাশ কৰে। তেওঁ দুৰ্ঘটনা নিহতৰ পৰিয়াল  আৰু আহতসকলৰ বাবে সাহায্যও ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকট আত্মীয়ৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু  আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হ'ব ।

এক্সৰ এটা পোষ্টত পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে কৈছে -

‘হিমাচল প্ৰদেশৰ ছিৰমৌৰত বাছ দুৰ্ঘটনাৰ ফলত বহুতে প্ৰাণ  হেৰুওৱাৰ ঘটনা অত্যন্ত দুখজনক। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

 পিএমএনআৰএফৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।

 

 

***

MJPS/SR/DM


(रिलीज़ आईडी: 2213138) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam