প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হিতোপদেশৰ জৰিয়তে ৰাষ্ট্ৰৰ সামূহিক চেতনা জাগ্ৰত কৰাত সোমনাথ ধামৰ কালজয়ী ভূমিকাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 JAN 2026 8:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পবিত্ৰ সোমনাথ ধামলৈ শ্ৰদ্ধা জ্ঞাপন কৰি ৰাষ্ট্ৰৰ সামূহিক চেতনা জাগ্ৰত কৰাত ইয়াৰ কালজয়ী ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পবিত্ৰ সোমনাথ ধামে বহু শতিকা ধৰি ইয়াৰ ঐশ্বৰিক শক্তিৰে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ উল্লেখ কৰে যে এই শক্তিয়ে বিশ্বাস, সাহস আৰু আত্মসন্মানৰ পথ আলোকিত কৰি আহিছে, যি যুগ যুগ ধৰি ভাৰতৰ জনসাধাৰণৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে।

এক্সত এটা সংস্কৃত শ্লোকৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে লিখিছেঃ

‘পবিত্ৰ-পুনীত সোমনাথ ধামৰ বিশাল ঐতিহ্যই বহু শতিকা ধৰি জনসাধাৰণৰ চেতনা জাগ্ৰত কৰি আহিছে। ইয়াৰ পৰা উদ্ভৱ হোৱা ঐশ্বৰিক শক্তিয়ে যুগ যুগ ধৰি বিশ্বাস, সাহস আৰু আত্মসন্মানৰ প্ৰদীপ জ্বলাই থাকিব।

आदिनाथेन शर्वेण सर्वप्राणिहिताय वै।

आद्यतत्त्वान्यथानीयं क्षेत्रमेतन्महाप्रभम्।

प्रभासितं महादेवि यत्र सिद्ध्यन्ति मानवाः॥

***

MJPS/SR/HS


(रिलीज़ आईडी: 2212744) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam