গৃহ মন্ত্ৰালয়
৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ সোমনাথত উদযাপিত হ'বলগীয়া 'সোমনাথ স্বাভিমান পৰ্ব'ত যোগদান কৰিবলৈ দেশবাসীক আহ্বান কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
সোমনাথ মন্দিৰৰ ওপৰত প্ৰথম আক্ৰমণৰ এহেজাৰ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ স্বাভিমান পৰ্ব উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে: কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ
ভৱিষ্যৎ প্ৰজন্মলৈ সনাতন সংস্কৃতিৰ ধাৰাবাহিকতা আৰু স্থায়িত্বৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবেই উদযাপন কৰা হ'ব 'সোমনাথ স্বাভিমান পৰ্ব'
সোমনাথ মহাদেৱ মন্দিৰ জ্যোতিৰ্লিঙ্গ হোৱাৰ উপৰিও সনাতন সংস্কৃতি আৰু আধ্যাত্মিক গৌৰৱৰ এক অটুট ঐতিহ্য
বিগত হাজাৰ বছৰ ধৰি সোমনাথ মহাদেৱ মন্দিৰ বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে, কিন্তু প্ৰতিবাৰেই পুনৰাই উত্থান ঘটিছে
সোমনাথ মহাদেৱ মন্দিৰ হৈছে আমাৰ সভ্যতাৰ অমৰত্ব আৰু কেতিয়াও পৰাজয় স্বীকাৰ নকৰা অদম্য ইচ্ছাশক্তিৰ প্ৰতীক
যিসকলে সোমনাথ মহাদেৱ মন্দিৰক ধ্বংস কৰাৰ চেষ্টা কৰিছিল, সেইসকল বিনাশ হৈছে, কিন্তু মন্দিৰটো আজি আৰু অধিক গৌৰৱ আৰু মহিমাৰে পৰিপূৰ্ণ হৈ আছে
प्रविष्टि तिथि:
08 JAN 2026 7:46PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৮ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ সোমনাথত অনুষ্ঠিত হ'বলগীয়া 'সোমনাথ স্বাভিমান পৰ্ব'ত অংশগ্ৰহণ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে।
মন্ত্ৰীগৰাকীয়ে আজি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ এহেজাৰ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে 'সোমনাথ স্বাভিমান পৰ্ব' পালন কৰাৰ সিদ্ধান্ত লৈছে, যাতে আমাৰ ভৱিষ্যৎ প্ৰজন্মই সনাতন সংস্কৃতিৰ ধাৰাবাহিকতা আৰু স্থায়িত্বৰ বাৰ্তা লাভ কৰিব পাৰে।
এক্সৰ এটা পোষ্টত মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "সোমনাথ মহাদেৱ মন্দিৰ কেৱল জ্যোতিৰ্লিঙ্গেই নহয়, বৰঞ্চ ই সনাতন সংস্কৃতি আৰু আধ্যাত্মিক গৌৰৱৰ এক অটুট ঐতিহ্য। বিগত এহেজাৰ বছৰ ধৰি এই মন্দিৰটো বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে, তথাপিও প্ৰতিবাৰেই ই পুনৰাই উত্থান হৈছে। ই আমাৰ সভ্যতাৰ অমৰত্ব আৰু কেতিয়াও পৰাজয় স্বীকাৰ নকৰা অদম্য ইচ্ছাশক্তিৰ প্ৰতীক। যিসকলে এই মন্দিৰ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল, সেইসকল বিনাশ হৈ গ'ল, কিন্তু এই মন্দিৰ আজি আৰু অধিক মহিমামণ্ডিত হৈ আছে। সোমনাথ মন্দিৰৰ ইতিহাসে আমাক শিকাইছে যে এনে ধৰণৰ আক্ৰমণে ক্ষতি কৰিব পাৰে, কিন্তু আমাক ধ্বংস কৰিব নোৱাৰে। কাৰণ প্ৰতিবাৰেই অধিক গৌৰৱ আৰু ঐশ্বৰিকতাৰে পুনৰ উত্থান হোৱাটোৱেই সনাতন সংস্কৃতিৰ স্বভাৱ। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ এহেজাৰ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে 'সোমনাথ স্বাভিমান পৰ্ব' উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে সনাতন সংস্কৃতিৰ নিৰৱচ্ছিন্ন ধাৰাবাহিকতা আৰু সুস্থিৰতাৰ বাৰ্তা ভৱিষ্যৎ প্ৰজন্মৰ মাজত প্ৰচাৰ হয়। এই পবিত্ৰ মন্দিৰৰ এজন বিশ্বস্ত সদস্য হোৱাটো মোৰে সৌভাগ্য।
মই সমগ্ৰ দেশবাসীক #SomnathSwabhimanParvত যোগদান কৰিবলৈ আহ্বান জনাইছো। আজিৰে পৰা ১১ জানুৱাৰীলৈ এই পৰ্ব আয়োজন কৰা হৈছে।
****
RK/PR/PS/DB
(रिलीज़ आईडी: 2212723)
आगंतुक पटल : 5