প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালিদা জিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
30 DEC 2025 9:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালিদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বি এন পিৰ অধ্যক্ষ বেগম খালিদা জিয়াৰ মৃত্যুত গভীৰ দুখ পাইছো।
তেওঁৰ পৰিয়াল আৰু বাংলাদেশৰ জনসাধাৰণৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। সৰ্বশক্তিমান ঈশ্বৰে তেওঁৰ পৰিয়ালক এই দুখজনক ক্ষতি সহ্য কৰাৰ সাহস প্ৰদান কৰক।
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে বাংলাদেশৰ উন্নয়নৰ লগতে ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান সদায় স্মৰণীয় হৈ থাকিব।
২০১৫ চনত ঢাকাত তেওঁৰ সৈতে হোৱা মোৰ সৌৰ্হাদ্যপূৰ্ণ সাক্ষাতৰ কথা মনত পৰিছে। তেওঁৰ দৃষ্টিভংগী আৰু ঐতিহ্য আমাৰ মিত্ৰতাৰ দিগদৰ্শক হৈ থাকিব বুলি আশা প্ৰকাশ কৰিলো।
তেওঁৰ আত্মাই শান্তি লাভ কৰক।’
*********
MJPS/SR/DD
(रिलीज़ आईडी: 2209716)
आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam