প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মন কী বাতৰ ১২৯ সংখ্যক খণ্ডৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 29 DEC 2025 11:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১২৯ সংখ্যক খণ্ডৰ আভাস শ্বেয়াৰ কৰিছে।

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু দক্ষতাক ধন্যবাদ, আমাৰ ৰাষ্ট্ৰই ২০২৫ চনত বিভিন্ন খণ্ডত বহুখিনি লাভ কৰিছে।’

#MannKiBaat

‘বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগ হৈছে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ এক মহান মঞ্চ। মই ২০২৬ চনৰ ১২ জানুৱাৰীত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰু আমাৰ যুৱ শক্তিৰ অন্তৰ্দৃষ্টি আৰু প্ৰবিষ্টি শুনিবলৈ আগ্ৰহী।’

#MannKiBaat

‘স্মাৰ্ট ইণ্ডিয়া হেকাথনে আমাৰ যুৱক-যুৱতী আৰু উদ্ভাৱকসকলক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু সামাজিক প্ৰত্যাহ্বানৰ সমাধান প্ৰদান কৰাৰ মঞ্চ প্ৰদান কৰিছে।’

#MannKiBaat

‘ভাৰতৰ যুৱ প্ৰজন্মই বহনক্ষমতাৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰদৰ্শন কৰিছে। এইক্ষেত্ৰত সমাজত এক ইতিবাচক পৰিবৰ্তন আনিবলৈ সৌৰ শক্তি ব্যৱহাৰ কৰাৰ বাবে মণিপুৰৰ মইৰাংথেম শেঠে প্ৰশংসা লাভ কৰিছে।’

#MannKiBaat

‘অহা মাহত আমি পাৰ্বতী গিৰিজীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিম, যিয়ে আমাৰ স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিল আৰু লগতে দৰিদ্ৰ তথা প্রান্তীয় লোকসকলৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিছিল। আজিৰ মন কী বাতত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।’

‘ৰানৰ আমন্ত্ৰণ!

কচ্ছলৈ আহক আৰু ৰান উৎসৱ উপভোগ কৰক।

লোক পৰম্পৰাৰ ছন্দ, স্থানীয় কাৰুশিল্পৰ উৎকৰ্ষতা আৰু কচ্ছৰ কালজয়ী সৌন্দৰ্য্যৰ সাক্ষী হওঁক।’

#MannKiBaat

‘প্ৰবাসী ভাৰতীয়সকলৰ মাজত সুন্দৰ কন্নড় ভাষাক জনপ্ৰিয় কৰি তোলাৰ বাবে ডুবাইৰ এক প্ৰশংসনীয় প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হয়।’

#MannKiBaat

‘নৰশাপুৰমৰ এই প্ৰচেষ্টাই স্থানীয় ফিটা শিল্পক পুনৰ জীৱন্ত কৰি তুলিছে আৰু এনেদৰে বহু লোকৰ সবলীকৰণ হৈছে।’

#MannKiBaat

“ದುಬೈನಲ್ಲಿ ನೆಲೆಸಿರುವ ಭಾರತೀಯ ಅನಿವಾಸಿಗಳು, ಸುಂದರವಾದ ಕನ್ನಡ ಭಾಷೆಯನ್ನು ಜನಪ್ರಿಯಗೊಳಿಸಲು ಮಾಡುತ್ತಿರುವ ಶ್ಲಾಘನೀಯ ಪ್ರಯತ್ನದ ಬಗ್ಗೆ ಒತ್ತಿ ಹೇಳಿದೆ”

#MannKiBaat

“నరసాపురంలో చేపట్టిన ఈ ప్రయత్నం స్థానిక లేస్‌ క్రాఫ్ట్ కు మళ్లీ ప్రాణం పోసి అనేక మందికి సాధికారత చేకూర్చింది…”

#MannKiBaat

“ଆସନ୍ତା ମାସ ଆମେ ପାର୍ବତୀ ଗିରିଙ୍କ ଜନ୍ମ ଶତବାର୍ଷିକୀ ପାଳନ କରିବା, ଯିଏକିଆମ ସ୍ବାଧୀନତା ଆନ୍ଦୋଳନରେ ଯୋଗଦାନ କରିଥିଲେ ଏବଂ ଗରିବ ଓ ବଞ୍ଚିତଙ୍କକଲ୍ଯାଣ ପ୍ରତି ଧ୍ଯାନ ଦେଇଥିଲେ । ଆଜିର #MannKiBaat ରେ ତାଙ୍କୁ ଶ୍ରଦ୍ଧାଞ୍ଜଳିଅର୍ପଣ କରୁଛି ।”

‘ফিজিত তামিলসকলে জনপ্ৰিয়তা লাভ কৰা দেখি ভাল লাগিছে, যিখন দেশৰ সৈতে আমাৰ শক্তিশালী সাংস্কৃতিক সম্পৰ্ক আছে।’

#MannKiBaat

‘কাশীৰ জনসাধাৰণৰ মাজত তামিল জনপ্ৰিয় হোৱাত আনন্দিত হৈছো, যিটো কাশী তামিল সংগমমৰ সময়ত স্পষ্টকৈ দেখা গৈছিল।’

#MannKiBaat

“நாம் வலுவான கலாச்சாரத் தொடர்புகளைக் கொண்டுள்ள நாடான ஃபிஜியில் தமிழ் பிரபலம் அடைவதைக் காண்பதும் மகிழ்ச்சி அளிக்கிறது.”

#MannKiBaat

“காசி தமிழ் சங்கமத்தின் போது, காசி மக்களிடையே தமிழ் பிரபலமடைந்து வருவது தெளிவாகக் காணப்பட்டது. இது மனநிறைவைத் தருகிறது.”

#MannKiBaat

‘বাৰামুল্লাৰ জেহেনপোৰাৰ বৌদ্ধ পৰিক্ষেত্ৰই জম্মু-কাশ্মীৰৰ সাংস্কৃতিক পৰিচয় কিমান প্ৰাচীন আৰু সমৃদ্ধ সেয়া প্ৰদৰ্শন কৰে। ইয়াৰ বৌদ্ধ স্তূপবোৰ কেনেদৰে পৰিচিত হৈছিল, তাৰ কাহিনীও অতি আকৰ্ষণীয়!’

#MannKiBaat

‘ভাৰতৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা ফিজি হওক বা আমাৰ কাশী- ইয়াত তামিল ভাষাৰ প্ৰচাৰৰ বাবে যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া হৃদয়স্পৰ্শী। মই সুখী যে আজি দেশৰ আৰু বহু ঠাইত বিশ্বৰ এই আটাইতকৈ প্ৰাচীন ভাষাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে।’

#MannKiBaat

‘ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আই চি এম আৰ) শেহতীয়া এক প্ৰতিবেদনত কোৱা হৈছে যে নিউমোনিয়া আৰু ইউ টি আইৰ দৰে ৰোগত এন্টিবায়’টিক ঔষধ দুৰ্বল বুলি প্ৰমাণিত হৈছে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে বিবেচনাহীন ব্যৱহাৰ। সেয়েহে মই আপোনালোকক চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়’টিক সেৱন নকৰিবলৈ অনুৰোধ জনাইছো।’

#MannKiBaat

‘মণিপুৰৰ পৰম্পৰাগত হস্তশিল্পক জনপ্ৰিয় কৰা আৰু আনৰ জীৱনক সবল কৰাৰ দিশত কৰা কামৰ বাবে মণিপুৰৰ চূড়াচান্দপুৰৰ মাৰ্গাৰেট ৰামথাৰ্ছিয়েমৰ বাবে গৌৰৱান্বিত।’

#MannKiBaat

‘মণিপুৰৰ সেনাপতি জিলাৰ কে চোখোনে ক্ৰিচেনাই ফুল খেতিৰ ক্ষেত্ৰত ব্যতিক্ৰমী কাম কৰিছে আৰু বহু কৃষকৰ জীৱনো সলনি কৰিছে।’

#MannKiBaat

****

MJPS/VJ/HS


(ৰিলিজ আই ডি : 2209435) অতিথি কক্ষ : 41