পোষ্ট কৰা হৈছে:
28 DEC 2025 1:24PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি অৰুণ জেটলী জীক তেওঁৰ জয়ন্তীত স্মৰণ কৰে।
‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এইদৰে কয়-
‘অৰুণ জেটলী জীক জয়ন্তীত স্মৰণ কৰিছো। এজন অতুলনীয় সাংবিধানিক আৰু আইনী বিশেষজ্ঞ আৰু এজন সুদক্ষ বক্তা জেটলী জীয়ে সংসদ সদস্য হিচাপে এক অমলিন উত্তৰাধিকাৰ এৰি থৈ গৈছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আইনী বিষয়ত তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব। নিজৰ তীক্ষ্ণ আইনী বুদ্ধিমত্তাৰে দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ নিষ্ঠাবান ভূমিকা সময়ৰ প্ৰতিটো পৰীক্ষা সহ্য কৰি জীয়াই থাকিব।”
RK / RR / PS/DM