গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৫’ উদ্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ অধীনত আয়োজিত এই বাৰ্ষিক সন্মিলন উদীয়মান ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ এক মঞ্চত পৰিণত হৈছে
আমাৰ সন্ত্ৰাসবাদ বিৰোধী সামৰ্থ্য আৰু অধিক বৃদ্ধিৰ বাবে সকলো সংস্থাই দেশ আৰু বিশ্বত সংঘটিত হোৱা প্ৰতিটো সন্ত্ৰাসবাদী কাণ্ড বিশ্লেষণ কৰা উচিত
সন্ত্ৰাসবাদী কাণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে সন্ত্ৰাসবাদৰ পৰিৱেশো সলনি হৈছে; আমি ইয়াৰ পৰা দুখোজ আগুৱাই থাকিব লাগিব
আগন্তুক প্ৰজন্মৰ বাবে আমি প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ এক অভেদ্য আৰু শক্তিশালী ‘সন্ত্রাসবাদ বিৰোধী গ্ৰীড’ গঢ়ি তুলিব লাগিব৷
আমি সংগঠিত অপৰাধৰ বিৰুদ্ধে ৩৬০ ডিগ্ৰীৰ অভিযান আৰম্ভ কৰিবলৈ এক কাৰ্য্য পৰিকল্পনা লৈ আহিছো
কেৱল কাৰ্য্যকৰী একাকাৰীতাৰ জৰিয়তেহে আমি ভাবুকিৰ সঠিক মূল্যায়ন, চোৰাংচোৱা তথ্য বিনিময়ৰ সঠিক ব্যৱহাৰ, আৰু সমন্বিত প্ৰতিকাৰৰ ব্যৱস্থা লাভ কৰিব পাৰিম
প্ৰথমবাৰৰ বাবে নিৰাপত্তা বাহিনীয়ে অপাৰেচন সিন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদী কাণ্ডৰ পৰিকল্পনা কৰাসকলক শাস্তি প্ৰদান কৰাৰ লগতে অপাৰেচন মহাদেৱৰ জৰিয়তে সন্ত্ৰাসবাদ কাৰ্যকৰী কৰাসকলক নিষ্ক্ৰিয় কৰিছে
সমগ্ৰ দেশতে আৰক্ষীৰ বাবে এক উমৈহতীয়া এ টি এছ গাঁথনিৰ অত্যন্ত প্ৰয়োজন; ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানসকলে ইয়াক অতি সোনকালে কাৰ্যকৰী কৰিব লাগে
ভাৰত চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষীৰ সকলো সংস্থাই একত্ৰিত হৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ফলপ্ৰসূভাৱে কাম কৰা ‘টিম ইণ্ডিয়া’ গঠন কৰিব লাগে
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এন আই এৰ দ্বাৰা প্ৰস্তুত কৰা আপডেটেড ক্ৰাইম মেনুৱেল উন্মোচন কৰাৰ লগতে সংগঠিত অপৰাধ নেটৱৰ্ক ডাটাবেছ আৰু ৱেপন ডাটাবেছ মুকলি কৰে

পোষ্ট কৰা হৈছে: 26 DEC 2025 7:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৫’ উদ্বোধন কৰে। এই সন্মিলনখন ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে  । গৃহমন্ত্ৰীয়ে এন আই এৰ আপডেটেড ক্ৰাইম মেনুৱেল, অৰ্গেনাইজড ক্ৰাইম নেটৱৰ্ক ডাটাবেছ আৰু লষ্ট/লুটেড এণ্ড ৰিকাভাৰড ৱেপন ডাটাবেছ উন্মোচন কৰে।

 সন্মিলনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় আৰু কেন্দ্ৰীয় গৃহ সচিব শ্ৰী বন্দী সঞ্জয় কুমাৰ, সচিব, আৰ এণ্ড এ ডব্লিউ, এনআইএ ৰ সঞ্চালক প্ৰধানকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সন্মিলনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী বিষয়ৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থা/বিভাগৰ বিষয়া আৰু আনুষংগিক ক্ষেত্ৰ যেনে আইন, ফৰেনছিক, প্ৰযুক্তি ইত্যাদিৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰ অধীনত এই বাৰ্ষিক সন্মিলন উদীয়মান ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ এক মঞ্চত পৰিণত হৈছে।তেওঁ কয় যে যোৱা ৩ বছৰত আমি এই সন্মিলনক ​​বাৰ্ষিক পৰম্পৰা হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়িছো। তেওঁ কয় যে এই সন্মিলন কেৱল আলোচনাৰ মঞ্চ নহয়, ইয়াত কাৰ্য্যকৰী কথাবোৰ উত্থাপন হয়  আৰু ৰাজ্যসমূহৰ সকলো আনুষংগিক সংস্থাৰ সৈতে এন আই এয়ে বছৰটোৰ ভিতৰতে ইয়াৰ কাৰ্যকৰীকৰণৰ দিশত অহৰহ কাম কৰে। ফলত আমি সমগ্ৰ দেশতে সন্ত্ৰাসবাদ বিৰোধী এক শক্তিশালী গ্ৰীড গঢ়ি তোলাত সফল হৈছো। তেওঁ লগতে কয় যে এই সন্মিলন কেৱল ভাৰতৰ নিৰাপত্তাৰ সংকল্প পুনৰাবৃত্তিৰ মাধ্যম নহয়। শ্ৰী শ্বাহে কয় যে এই সন্মিলনৰ উদ্দেশ্য হৈছে বিগত এটা বছৰত দেশ আৰু বিশ্বত সংঘটিত হোৱা সকলো সন্ত্ৰাসবাদী ঘটনাৰ লগতে সেইবোৰৰ বিষয়ে লাভ কৰা চোৰাংচোৱা তথ্য বিশ্লেষণ কৰা আৰু সেই অনুসৰি আমাৰ সন্ত্ৰাসবাদ বিৰোধী সামৰ্থ্য বৃদ্ধি কৰা।তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিগত উন্নতিৰ সমান্তৰালভাৱে সন্ত্ৰাসবাদী কাণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে বিশ্বত সন্ত্ৰাসবাদৰ পৰিৱেশ এতিয়া সলনি হৈছে, আৰু আমিও ইয়াক প্ৰতিৰোধৰ বাবে প্ৰস্তুত হ’ব লাগিব। তেওঁ কয় যে ভৱিষ্যতৰ অদৃশ্য প্ৰত্যাহ্বানৰ আগজাননী দিয়া আৰু ইয়াক প্ৰতিৰোধ কৰাটো এই সন্মিলনৰ ৰাষ্ট্ৰীয় দায়িত্ব।শ্ৰী অমিত শ্বাহে কয় যে আজি ইয়াত তিনিটা নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে। আজি প্ৰকাশ পালে এনআই এই  প্ৰস্তুত তথা আপডেট কৰা অপৰাধ সম্পৰ্কীয়  হাতপুথি। তেওঁ ৰাজ্যসমূহৰ সকলো আৰক্ষী সঞ্চালক প্ৰধানক নিজ নিজ ৰাজ্যত এটা দল গঠন কৰি তদন্ত আৰু বিচাৰৰ উদ্দেশ্যে এই হাতপুথিখন অধ্যয়ন কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনায়। শ্ৰী শ্বাহে কয় যে আজি অস্ত্ৰৰ ই-ডাটাবেছো মুকলি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি সংগঠিত অপৰাধৰ নেটৱৰ্কৰ তথ্যও প্ৰকাশ কৰা হৈছে। তেওঁ কয় যে সংগঠিত অপৰাধৰ নেটৱৰ্ক প্ৰথম অৱস্থাত মুক্তিপণ আৰু ধন দাবীৰ উদ্দেশ্যেৰে চলি থাকে, কিন্তু যেতিয়া তেওঁলোকৰ নেতাসকলে বহিঃদেশলৈ পলায়ন কৰি তাত বসতি স্থাপন কৰে , তেতিয়া তেওঁলোক স্বয়ংক্ৰিয়ভাৱে সন্ত্ৰাসবাদী সংগঠনৰ সংস্পৰ্শলৈ আহে আৰু তাৰ পিছত মুক্তিপণ তথা  ধন দাবীৰ পৰা পোৱা ধনেৰে দেশৰ ভিতৰতে সন্ত্ৰাসবাদ বিয়পাই দিয়ে।তেওঁ কয় যে প্ৰতিখন ৰাজ্যই এন আই এ আৰু চি বি আইৰ নিৰ্দেশনাত আই বিৰ সহযোগত আৰু এই তথ্যকোষ ব্যৱহাৰ কৰি নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত ইয়াক নিৰ্মূল কৰিব লাগিব। কেন্দ্রীয় গৃহমন্ত্রী তথা সমবায় দপ্তৰৰ  মন্ত্রীগৰাকীয়ে কয় যে বৈছাৰ উপত্যকাত সংঘটিত এই আক্রমণ সমগ্ৰ দেশক কঁপাই তুলিছিল৷ এই আক্ৰমণৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰি কাশ্মীৰত আৰম্ভ হোৱা উন্নয়ন আৰু পৰ্যটনৰ নতুন যুগত আঘাত হানিব বিচাৰিছিল। তেওঁ কয় যে অতি নিখুঁত চোৰাংচোৱাৰ ভিত্তিত আমাৰ বাহিনীয়ে তিনিওজন সন্ত্ৰাসবাদীকে নিষ্ক্ৰিয় কৰি পাকিস্তানক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে এইটোৱেই প্ৰথম সন্ত্ৰাসবাদী কাণ্ড, য’ত সন্ত্ৰাসবাদী কাৰ্য্যৰ পৰিকল্পনা কৰাসকলক অপাৰেচন সিন্দূৰৰ জৰিয়তে শাস্তি দিয়া হৈছিল আৰু যিসকলে তেওঁলোকক প্ৰদান কৰা অস্ত্ৰ-শস্ত্ৰৰে এই কাৰ্য্য সংঘটিত কৰিছিল তেওঁলোকক অপাৰেচন মহাদেৱৰ জৰিয়তে নিষ্ক্ৰিয় কৰা হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰ, ভাৰতীয় নিৰাপত্তা বাহিনী, ভাৰতৰ জনসাধাৰণে আমাৰ নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ মালিকসকলক এক শক্তিশালী আৰু উপযুক্ত উত্তৰ দিছে। তেওঁ উল্লেখ কৰে যে আমাৰ দলটোৱে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সম্পূৰ্ণ আৰু সফল তদন্ত কৰিছে, যিটো অনাগত দিনত বিশ্বৰ বিভিন্ন সংস্থাই অধ্যয়ন কৰিব। তেওঁ কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ ফলাফলে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মঞ্চত শলঠেকত পেলাইছে।

শ্ৰী অমিত শ্বাহে কয় যে দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীয়ে অতি পুংখানুপুংখ তদন্ত চলাইছিল। আমাৰ সকলো সংস্থাই সমগ্ৰ নেটৱৰ্কটোৰ তদন্তত এক উৎকৃষ্ট কাম কৰিলে। শ্ৰী শ্বাহে কয় যে পহলগাম আৰু দিল্লী বিস্ফোৰণৰ গোচৰৰ তদন্ত সাধাৰণ পুলিচিং নহয় , বৰঞ্চ পানী নসৰকা তদন্তৰ অসাধাৰণ উদাহৰণ। এজন সতৰ্ক বিষয়াই সকলো সময়তে সজাগ হৈ দেশখনক এনে বৃহৎ সংকটৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে তাৰো এটা ডাঙৰ উদাহৰণ।কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আমি ডিজিপি সন্মিলন, নিৰাপত্তা কৌশল সন্মিলন, এন-কৰ্ড বৈঠক, আৰু সন্ত্ৰাস বিৰোধী সন্মিলনৰ মাজত সমন্বয়, সহযোগিতা, আৰু যোগাযোগৰ এক নতুন মান নিৰ্ণয় কৰিছো। তেওঁ কয়  যে আমি এই চাৰিটা স্তম্ভক বিচ্ছিন্নভাৱে চাব নোৱাৰো; সেইবোৰক বান্ধি ৰখা সূতা হিচাপে পৰিগণিত হৈছে সন্ত্ৰাসবাদ বিৰোধী সন্মিলন। শ্ৰী শ্বাহে কয় যে এন আই এয়ে এক উমৈহতীয়া এ টি এছ গাঁথনি গঢ়ি তোলাৰ বাবে অতি কঠোৰ পৰিশ্ৰম কৰি ৰাজ্যসমূহৰ আৰক্ষী বাহিনীলৈ প্ৰেৰণ কৰিছে। তেওঁ বুজাই কয় যে যেতিয়া আমি সমগ্ৰ দেশতে এক উমৈহতীয়া এ টি এছ গাঁথনি স্থাপন কৰোঁ,  তেতিয়া ই আমাক প্ৰতিটো স্তৰতে একেধৰণৰ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰে।সমগ্ৰ দেশৰ আৰক্ষীৰ বাবে এক উমৈহতীয়া এ টি এছ গাঁথনি অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু ৰাজ্যসমূহৰ সকলো আৰক্ষী সঞ্চালক প্ৰধানে ইয়াক অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। তেওঁ কয় যে সকলো ৰাজ্যৰ এ টি এছ ইউনিটে নিদান  আৰু নেটগ্ৰীড  ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। তেওঁ কয় যে তদন্তত নিদান আৰু নেটগ্ৰীডৰ ব্যৱহাৰ কৰিলে গোচৰসমূহৰ যাতে পৃথকে পৃথকে তদন্ত কৰা  নহয় সেয়া নিশ্চিত হয় আৰু গোচৰসমূহৰ অদৃশ্য সংযোগসমূহো পোহৰলৈ আনে। তেওঁ লগতে কয় যে কিছুমান বিশেষ ধৰণৰ তদন্তত নেটগ্ৰীডৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে আৰু কিছুমান বিশেষ ধৰণৰ গোচৰত নিদানৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মাল্টি এজেন্সী চেণ্টাৰ আৰু নেশ্যনেল মেম’ৰী বেংকত সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। তেওঁ কয় যে সাধাৰণ এ টি এছৰ গাঁথনি আৰু কাৰ্য্যকৰী একাকাৰীতাই আমাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে গোচৰ চলোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে।আমি যেতিয়ালৈকে কাৰ্য্যকৰী একাকাৰীতা লাভ কৰিব নোৱাৰো, আমি ভাবুকিৰ সঠিক মূল্যায়ন কৰিব নোৱাৰো, চোৰাংচোৱা তথ্য বিনিময়ৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰো, বা সমন্বিত প্ৰতিকাৰৰ ব্যৱস্থা কৰিব নোৱাৰো। শ্ৰী শ্বাহে কয় যে আমি তদন্তৰ পৰা বিচাৰ আৰু প্ৰতিকাৰৰ ব্যৱস্থালৈকে একাকাৰীতা নিশ্চিত কৰিব লাগিব।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি। ভাৰত মহাসাগৰৰ বাবে আমাৰ ভূ-ৰাজনৈতিক স্থিতিও অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আমাৰ অৰ্থনীতি আৰু আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সমস্যাও একে অনুপাতে বৃদ্ধি পাব।দেশৰ অৰ্থনীতি আগবাঢ়ি যোৱাৰ লগে লগে আমি সেই অনুসৰি আমাৰ সতৰ্কতা বৃদ্ধি কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰস্তুতি আমাৰ সীমান্তৰ পৰা আৰম্ভ নহয়; বৰঞ্চ সীমান্ত সুৰক্ষিত কৰাৰ প্ৰস্তুতি বহু মাইল দূৰৰ পৰা আৰম্ভ হ’ব লাগিব।

শ্ৰী অমিত শ্বাহে কয় যে চাইবাৰ আৰু তথ্য যুদ্ধ, অৰ্থনৈতিক নেটৱৰ্কৰ অপব্যৱহাৰ, আৰু সন্ত্ৰাসবাদৰ হাইব্ৰিড ফৰ্মেটৰ বাবে আমি ৰাষ্ট্ৰীয় গ্ৰীড হিচাপে এক শক্তিশালী ব্যৱস্থা গঢ়ি তুলিব লাগিব—যিটো সজাগ আৰু দ্ৰুত, ফলাফলমুখী কাৰ্য্য কৰিবলৈ সক্ষম—আৰু এইটো এনে সন্মিলনৰ জৰিয়তেহে সম্ভৱ হ’ব।তেওঁ কয় যে বহুস্তৰীয় নিৰাপত্তা মডেল গঢ়ি তোলা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্দয় পন্থাৰে কাম কৰা—এইবোৰেই আমাক অনাগত দিনত সুৰক্ষিত কৰি ৰাখিব পাৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সকলোৱে “জানিব লাগিব”ৰ পৰিৱৰ্তে “ভাগ কৰাৰ কৰ্তব্য” নীতিৰে আগবাঢ়িব লাগিব। শ্ৰী শ্বাহে কয় যে কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্যিক আৰক্ষীয়ে নিজ নিজ পৰ্যায়ত প্ৰযুক্তিৰ সদ্ব্যৱহাৰ কৰিছে, কিন্তু চমক সৃষ্টিকাৰীভাবে   বিকশিত প্ৰযুক্তি আৰু চমক সৃষ্টিকাৰীভাবে    সংগ্ৰহ কৰা তথ্য গুলীবিহীন বন্দুকৰ দৰে।

সকলো তথ্য যদি ইটোৱে সিটোৰ লগত যোগাযোগ ৰক্ষা  কৰিব পাৰে আৰু একে প্ৰযুক্তি ব্যৱহাৰ কৰি সেয়া সৃষ্টি কৰা হয় তেন্তে বেছি  ভাল। ইয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, এন আই এ, আৰু আই বিয়ে প্ৰযুক্তি আৰু তথ্যৰ বাবে এক নিৰৱচ্ছিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাঠামো গঢ়ি তোলাৰ বিষয়ত  আলোচনা কৰিব লাগে আৰু ইয়াক শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক সহায় কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদী আৰু অপৰাধীৰ তথ্যকোষক শূন্য সন্ত্ৰাসবাদ নীতিৰ মূল সম্পদ হিচাপে গঢ়ি তুলিব লাগে। তেওঁ আশা কৰে যে ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধানসকলে এই তথ্যকোষৰ কাঠামো আখৰে আখৰে ৰূপায়ণ কৰিব। শ্ৰী শ্বাহে কয় যে অনাগত দিনত আমি সংগঠিত অপৰাধৰ ওপৰত ৩৬০ ডিগ্ৰীৰ মাত্ৰাত  আক্ৰমণৰ পৰিকল্পনা লৈ আহিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে ইয়াৰ লগত জড়িত বিতৰ্কৰ ভয় নোহোৱাকৈ আমি ট্ৰাইল-ইন-এবচেন্সিয়াৰ সৈতে আগবাঢ়িব লাগিব। ইয়াৰ ফলত পলাতকসকলে দেশলৈ উভতি আহিবলৈ  বাধ্য হ’ব। শ্ৰী শ্বাহে কয় যে ভাৰত চৰকাৰৰ সকলো সংস্থাই ৰাজ্য আৰক্ষীৰ সৈতে মিলি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ফলপ্ৰসূভাৱে কাম কৰা ‘টিম ইণ্ডিয়া’ গঠন কৰিব লাগে।

তেওঁ পুনৰ কয় যে ভাৰতে আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ প্ৰত্যাহ্বানসমূহ বাঢ়িব। এনে পৰিস্থিতিত দেশৰ বাবে আৰু আগন্তুক প্ৰজন্মৰ বিষয়াসকলৰ বাবে সন্ত্ৰাসবাদ বিৰোধী এক শক্তিশালী গ্ৰীড গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব, যাতে তেওঁলোকে আগন্তুক প্ৰত্যাহ্বানসমূহৰ দৃঢ়তাৰে মুখামুখি হ’ব পাৰে।

****

RK/RR/PR/SS/DM


(ৰিলিজ আই ডি : 2209095) অতিথি কক্ষ : 39