গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সান্থালী ভাষাত ভাৰতৰ সংবিধান প্ৰকাশৰ ঐতিহাসিক পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে

ভাৰতীয় ভাষাক সন্মান জনোৱাৰ দিশত এয়া আন এক উল্লেখযোগ্য পদক্ষেপ

আমাৰ সংবিধানখন সান্থালী ভাষাত প্ৰকাশ হোৱাটো সান্থালী জনগোষ্ঠীৰ লগতে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়

অএল চিকি লিপিত প্ৰকাশিত সংবিধানখনে আমাৰ সংবিধানৰ আদৰ্শ আৰু মূল্যবোধক জনজাতীয় সমাজৰ মাজলৈ আৰু অধিক স্পষ্টভাৱে প্ৰকাশ কৰিব আৰু আমাৰ সংবিধান নিৰ্মাতাসকলৰ সপোন পূৰণ কৰিব

प्रविष्टि तिथि: 26 DEC 2025 4:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক সান্থালী ভাষাত ভাৰতৰ সংবিধান প্ৰকাশৰ ঐতিহাসিক পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

‘এক্স’ৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় ভাষাক সন্মান জনোৱাৰ দিশত আন এক উল্লেখযোগ্য পদক্ষেপ। তেওঁ কয় যে আমাৰ সংবিধানখন সান্থালী ভাষাত প্ৰকাশ কৰাটো সান্থালী জনগোষ্ঠীৰ লগতে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়।

শ্ৰী শ্বাহে কয় যে অএল চিকি লিপিত প্ৰকাশিত সংবিধানখনে আমাৰ সংবিধানৰ আদৰ্শ আৰু মূল্যবোধক জনজাতীয় সমাজলৈ আৰু অধিক স্পষ্টভাৱে প্ৰেৰণ কৰিব আৰু আমাৰ সংবিধান নিৰ্মাতাসকলৰ সপোন পূৰণ কৰিব।

 

***

RK / RR/DM


(रिलीज़ आईडी: 2209094) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Odia , Tamil , Telugu , Malayalam