ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিৰ সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি

পোষ্ট কৰা হৈছে: 25 DEC 2025 1:35PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২৫ ডিচেম্বৰ, ২০২৫) ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত সাঁওতালি ভাষাত ভাৰতৰ সংবিধান মুকলি কৰে।

অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ সংবিধান এতিয়া ওল চিকী লিপিত লিখা সাঁওতালি ভাষাত উপলভ্য হোৱাটো সকলো সাঁওতালি লোকৰ বাবে গৌৰৱ আৰু আনন্দৰ বিষয়। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ ভাষাত সংবিধান পঢ়িব আৰু বুজিব পাৰিব।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বছৰ আমি ওল চিকী লিপিৰ শতবাৰ্ষিকী উদযাপন কৰিছো। তেওঁ কেন্দ্ৰীয় আইন তথা ন্যায় মন্ত্ৰী আৰু তেওঁৰ দলটোক শতবাৰ্ষিকী বৰ্ষত ভাৰতৰ সংবিধান অল চিকী লিপিত উপলভ্য কৰোৱাৰ বাবে প্ৰশংসা কৰে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় আইন তথা ন্যায় বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল।

৯২ সংখ্যক সংশোধনী আইন, ২০০৩-ৰ জৰিয়তে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা সাঁওতালি ভাষা ভাৰতৰ আটাইতকৈ প্ৰাচীন চলিত ভাষাসমূহৰ ভিতৰত অন্যতম। ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ আৰু বিহাৰৰ যঠেষ্ট সংখ্যক জনজাতীয় লোকে এই ভাষা ব্যৱহাৰ কৰে।

****

MJPS/SR/MK


(ৰিলিজ আই ডি : 2208523) অতিথি কক্ষ : 58