গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা এজন মহান সমাজ সংস্কাৰক ভাৰত ৰত্ন মহামন্য পণ্ডিত মদন মোহন মালব্যক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন

শিক্ষাক সমাজ সংস্কাৰৰ মৌলিক নীতি হিচাপে বিবেচনা কৰি মালব্যজীয়ে যুৱপ্ৰজন্মক বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ ওপৰত আধাৰিত আধুনিক শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল

তেওঁ সংবাদ মাধ্যমক ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল

অস্পৃশ্যতা নিৰ্মূলৰ প্ৰতি মহামানাৰ জীৱনজোৰা প্ৰতিশ্ৰুতি আৰু তেওঁৰ কৃষকসমৰ্থক পদক্ষেপবোৰ সদায় স্মৰণীয় হৈ থাকিব

পোষ্ট কৰা হৈছে: 25 DEC 2025 12:07PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা এজন মহান সমাজ সংস্কাৰক ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে শিক্ষাক সামাজিক সংস্কাৰৰ মৌলিক নীতি হিচাপে বিবেচনা কৰি মালব্যজীয়ে যুৱপ্ৰজন্মক বেনাৰস হিন্দু বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতীয় সাংস্কৃতিক মূল্যবোধৰ ওপৰত আধাৰিত আধুনিক শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। তেওঁ কয় যে সংবাদ মাধ্যমক ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে গঢ়ি তোলাত মহামান্যই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। শ্ৰী শ্বাহে কয় যে অস্পৃশ্যতা নিৰ্মূলৰ বাবে মহামানাৰ জীৱনজোৰা প্ৰতিশ্ৰুতি আৰু তেওঁৰ কৃষকসমৰ্থক পদক্ষেপবোৰ সদায় স্মৰণীয় হৈ থাকিব।

***

RK / RR/MK


(ৰিলিজ আই ডি : 2208521) অতিথি কক্ষ : 42